প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩য় বীৰ বাল দিৱস উপলক্ষে ১৭ গৰাকী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
26 DEC 2024 10:35PM by PIB Guwahati
বঁটা প্ৰাপকঃ – মই তিনিখন কিতাপ লিখিছোঁ, এইদৰে কিতাপ লিখাৰ মূল কাৰণটো হৈছে মই পঢ়ি ভাল পাওঁ। আৰু মোৰ এই বিৰল ৰোগটো আছে আৰু মই মাত্ৰ দুবছৰহে জীয়াই থাকিম বুলি কোৱা হৈছিল, কিন্তু মোৰ মা, মোৰ ভগ্নী, মোৰ বিদ্যালয়খন ...... আৰু যি মঞ্চৰ জৰিয়তে মই মোৰ কিতাপসমূহ প্ৰকাশ কৰিছোঁ, এইসমূহৰ বাবেই মই আজিৰ অৱস্থাত উপনীত হৈছোঁহি।
প্ৰধানমন্ত্ৰীঃ – তোমাক কোনে প্ৰেৰণা যোগাইছিল?
বঁটা প্ৰাপকঃ – মই ভাবোঁ, এই ক্ষেত্ৰত মোৰ ইংৰাজী বিষয়ৰ শিক্ষকগৰাকীয়ে প্ৰেৰণা যোগাইছে।
প্ৰধানমন্ত্ৰীঃ – এতিয়া তুমি দহৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছা। তেওঁলোকে তোমাৰ কিতাপ পঢ়িছে নে?
বঁটা প্ৰাপকঃ – হয়।
প্ৰধানমন্ত্ৰীঃ – তেওঁলোকৰপৰা তুমি কেনে সঁহাৰি লাভ কৰিছা?
বঁটা প্ৰাপকঃ – তেওঁলোকে এতিয়া নিজৰ কিতাপ লিখিবলৈ আৰম্ভ কৰিছে।
প্ৰধানমন্ত্ৰীঃ – তুমি এয়া কেনেকৈ সম্ভৱ কৰিলা? তুমি ক’ত প্ৰশিক্ষণ লাভ কৰিলা? এয়া কেনেকৈ বাস্তৱায়িত হৈ উঠিল?
বঁটা প্ৰাপকঃ – মই কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰা নাছিলোঁ।
প্ৰধানমন্ত্ৰীঃ – হয় নেকি?
বঁটা প্ৰাপকঃ – হয় ছাৰ।
প্ৰধানমন্ত্ৰীঃ – তুমি আৰু কি-কি প্ৰতিযোগিতাত যোগদান কৰিছা?
বঁটা প্ৰাপকঃ – মই ইংৰাজী, উৰ্দু আৰু কাশ্মীৰীতো যোগদান কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তোমাৰ ইউটিউব চেনেল আছে নেকি বা তুমি আন কোনো মঞ্চত প্ৰদৰ্শন কৰিছা নেকি?
বঁটা প্ৰাপকঃ – হয় ছাৰ। মই ইউটিউবত প্ৰদৰ্শন আগবঢ়াওঁ।
প্ৰধানমন্ত্ৰীঃ – তোমালোকৰ পৰিয়ালৰ আন কোনোৱে গীত গাই নেকি?
বঁটা প্ৰাপকঃ – নাই নাগায় ছাৰ।
প্ৰধানমন্ত্ৰীঃ – তুমি?
বঁটা প্ৰাপকঃ – হয় ছাৰ।
প্ৰধানমন্ত্ৰীঃ – তুমি কি কৰা? তুমি দবা খেলা নে?
বঁটা প্ৰাপকঃ – হয় ছাৰ।
প্ৰধানমন্ত্ৰীঃ – তোমাক কোনে দবা শিকাইছিল?
বঁটা প্ৰাপকঃ – মোৰ পিতৃ আৰু ইউটিউবৰপৰা শিকিছিলোঁ।
প্ৰধানমন্ত্ৰীঃ – হয় মই দেখিছোঁ।
বঁটা প্ৰাপকঃ – আৰু লগতে মোৰ শিক্ষকেও শিকাইছিল।
প্ৰধানমন্ত্ৰীঃ – দিল্লীত বৰ ঠাণ্ডা পৰিছে।
বঁটা প্ৰাপকঃ – এইবাৰ কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী উপলক্ষে কাৰ্গিল যুদ্ধ স্মাৰকৰপৰা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ ১,২৫১ কিলোমিটাৰ চাইকেলেৰে যাত্ৰা কৰোঁ। দুবছৰ পূৰ্বে আজাদী কা অমৃত মহোৎসৱ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জয়ন্তী উপলক্ষে মইৰাঙৰ আইএনএ স্মাৰকৰপৰা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ চাইকেলেৰে যাত্ৰা কৰোঁ।
প্ৰধানমন্ত্ৰীঃ – তুমি প্ৰতিটো যাত্ৰাত কিমান দিনকৈ কটাইছিলা?
বঁটা প্ৰাপকঃ – প্ৰথমটো যাত্ৰাত ৩২ দিন চাইকেল চলাই ২,৬১২ কিলোমিটাৰ অতিক্ৰম কৰিছিলোঁ। দ্বিতীয়টোৰ বাবে ১৩ দিন লাগিছিল।
প্ৰধানমন্ত্ৰীঃ – তুমি এদিনত কিমান দূৰকৈ অতিক্ৰম কৰিছিলা?
বঁটা প্ৰাপকঃ – দুয়োবাৰ ভ্ৰমণতে এদিনত সৰ্বাধিক ১২৯.৫ কিলোমিটাৰ চাইকেল চলাইছিলোঁ।
বঁটা প্ৰাপকঃ – নমস্কাৰ ছাৰ।
প্ৰধানমন্ত্ৰীঃ – নমস্কাৰ।
বঁটা প্ৰাপকঃ – মই দুই আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থ অভিলেখ গঢ়িবলৈ সক্ষম হৈছোঁ। প্ৰথমটো আছিল এক মিনিটত ৩১ অৰ্ধ-শাস্ত্ৰীয় পদ আবৃত্তিৰ বাবে আৰু দ্বিতীয়টো আছিল এক মিনিটত ১৩ সংস্কৃত শ্লোক আবৃত্তিৰ বাবে।
প্ৰধানমন্ত্ৰীঃ – তুমি এয়া ক’ত শিকিছিলা?
বঁটা প্ৰাপকঃ – ছাৰ, এয়া মই ইউটিউবত শিকিছিলোঁ।
প্ৰধানমন্ত্ৰীঃ – ঠিক আছে। তুমি এক মিনিটত এয়া কৰি দেখুওঁৱা।
বঁটা প্ৰাপকঃ – ॐ भूर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो न: प्रचोदयात्। (সংস্কৃতত)
বঁটা প্ৰাপকঃ – নমস্কাৰ ছাৰ।
প্ৰধানমন্ত্ৰীঃ – নমস্কাৰ।
বঁটা প্ৰাপকঃ – মই ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত জুডো প্ৰতিযোগিতাত সোণৰ পদকো লাভ কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তোমালৈ সকলোৱে ভয় কৰিব! তুমি এয়া ক’ত শিকিছিলা—স্কুলত নে?
বঁটা প্ৰাপকঃ – নহয় ছাৰ। মোক এয়া প্ৰশিক্ষকে শিকাইছে।
প্ৰধানমন্ত্ৰীঃ – বঢ়িয়া। তোমাৰ পৰৱৰ্তী লক্ষ্য কি?
বঁটা প্ৰাপকঃ – মোৰ অলিম্পিকত সোণৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশা আছে।
প্ৰধানমন্ত্ৰীঃ – বঢ়িয়া, সেয়ে তুমি ইমান কষ্ট কৰি আছা।
বঁটা প্ৰাপকঃ – হয় ছাৰ।
প্ৰধানমন্ত্ৰীঃ – তোমাৰ ইমান হেকাৰ ক্লাব আছে।
বঁটা প্ৰাপকঃ – হয়। বৰ্তমান সময়ত আমি জম্মু-কাশ্মীৰত আইন প্ৰয়োগক সুদৃঢ়কৰণৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ। আমি ৫,০০০ শিশুকো বিনামূলীয়াকৈ পঢ়ুৱাই আছোঁ। আমাৰ লক্ষ্য হৈছে সমাজৰ সেৱা কৰা আৰ্হি ৰূপায়ণৰ লগতে আমাৰ উদ্দেশ্যকো অনুসৰণ কৰা।
প্ৰধানমন্ত্ৰীঃ – তোমাৰ প্ৰাৰ্থনা প্ৰজেক্টৰ কেনে অগ্ৰগতি হৈছে?
বঁটা প্ৰাপকঃ – "প্ৰাৰ্থনা" প্ৰকল্পটো এতিয়াও বিকাশৰ পৰ্য্যায়ত আছে। বেদৰ অনুবাদ আন ভাষালৈ, যেনে ডাচ্চ আৰু আন কেইটামান গুৰুত্বপূৰ্ণ ভাষালৈয়ো অনুবাদ কৰিবলৈ আমি গৱেষণা কৰি আছোঁ।
বঁটা প্ৰাপকঃ – ইয়াৰ উপৰিও পাৰ্কিনছন ৰোগত আক্ৰান্ত ব্যক্তিৰ বাবে মই এক ছেল্ফ-ষ্টেবিলাইজিং চামুচ প্ৰস্তুত কৰিছোঁ আৰু আমি ব্ৰেইন এজ প্ৰেডিকচন আৰ্হি এটা যুগুত কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তুমি এই ক্ষেত্ৰত কিমান বছৰ ধৰি কাম কৰি আহিছা?
বঁটা প্ৰাপকঃ – ছাৰ, মই দুবছৰ ধৰি এই ক্ষেত্ৰত কাম কৰি আহিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তোমাৰ পৰৱৰ্তী লক্ষ্য কি?
বঁটা প্ৰাপকঃ – ছাৰ, মই মোৰ গৱেষণা অব্যাহত ৰখাৰ পৰিকল্পনা কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তুমি ক’ৰ পৰা আহিছা?
বঁটা প্ৰাপকঃ – ছাৰ, মই বেংগালুৰুৰপৰা আহিছোঁ। মই হিন্দী ভালকৈ নাজানো।
প্ৰধানমন্ত্ৰীঃ – নহয়, মোতকৈ ভাল কোৱা।
বঁটা প্ৰাপকঃ – ধন্যবাদ ছাৰ।
বঁটা প্ৰাপকঃ – মই কৰ্ণাটকৰ সংগীত আৰু সংস্কৃত শ্লোকৰ সংমিশ্ৰণেৰে হৰিকথা পৰিবেশন কৰোঁ।
প্ৰধানমন্ত্ৰীঃ – তুমি কিমান বাৰ হৰিকথা পৰিবেশন কৰিছা?
বঁটা প্ৰাপকঃ – মই প্ৰায় এশবাৰ এয়া পৰিবেশন কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – বৰ ভাল।
বঁটা প্ৰাপকঃ – যোৱা দুবছৰত মই পাঁচখন ভিন্ন দেশৰ পাঁচটা সৰ্বোচ্চ শৃংগ বগাইছোঁ, প্ৰতিটো শৃংগতে ভাৰতৰ পতাকা উত্তোলন কৰিছোঁ। মই আন এখন দেশলৈ যোৱা মাত্ৰেকে মানুহে মই ভাৰতৰ বুলি জানি মোক মৰম আৰু সন্মান প্ৰদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীঃ – তুমি ভাৰতৰ বুলি জানিলে মানুহে তোমাক কি কয়?
বঁটা প্ৰাপকঃ – মোক বহুত মৰম আৰু সন্মান দিয়ে। মই এনেদৰে পৰ্বত আৰোহনৰ উদ্দেশ্য হৈছে কন্যা শিশুৰ সবলীকৰণ আৰু শাৰীৰিক ফিটনেছক প্ৰোৎসাহিত কৰা।
বঁটা প্ৰাপকঃ – মই আৰ্টিষ্টিক ৰুলাৰ স্কেটিং কৰোঁ। এই বছৰ নিউজিলেণ্ডত অনুষ্ঠিত প্ৰতিযোগিতাত মই ৰুলাৰ স্কেটিঙত এটা আন্তঃৰাষ্ট্ৰীয় সোণৰ পদক লাভ কৰিছোঁ। মই মুঠ ৬ টা ৰাষ্ট্ৰীয় পদক লাভ কৰিছোঁ।
বঁটা প্ৰাপকঃ – মই এজন পেৰা-এথলিট ছাৰ। চলিত মাহৰ ১-৭ ডিচেম্বৰত থাইলেণ্ডত অনুষ্ঠিত পেৰা স্প’ৰ্ট যুৱ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। ইয়াত আমি স্বৰ্ণ পদক লাভেৰে আমাৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনোঁ।
প্ৰধানমন্ত্ৰীঃ – বঢ়িয়া।
বঁটা প্ৰাপকঃ – এইবাৰ যুৱ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছোঁ। ৫৭ কেজি শাখাত সোণৰ পদক লাভ কৰিছোঁ আৰু ৭৬ কেজি শাখাত বিশ্ব অভিলেখ গঢ়িলোঁ, তাতো সোণৰ পদক লাভ কৰিলোঁ। আনকি সামগ্ৰিক প্ৰতিযোগিতাতো সোণৰ পদক লাভ কৰিছোঁ।
প্ৰধানমন্ত্ৰীঃ – তুমি সকলো পদকেই কাঢ়ি আনিলা!
বঁটা প্ৰাপকঃ – নহয় ছাৰ।
বঁটা প্ৰাপকঃ – এবাৰ এটা ফ্লেটত জুই লাগিছিল আৰু প্ৰথমে কোনেও গম পোৱা নাছিল। কিন্তু মই ঘৰৰপৰা ধোঁৱা ওলোৱাটো লক্ষ্য কৰিছিলোঁ, কিন্তু ভয়ত আন কোনেও সোমাবলৈ সাহস কৰা নাছিল। তেওঁলোকে মোকো বাধা দিবলৈ চেষ্টা কৰিছিল, কিন্তু মই সাহসেৰে ভিতৰলৈ সোমাই গৈ জুই নুমুৱাবলৈ সক্ষম হৈছিলোঁ।
প্ৰধানমন্ত্ৰীঃ – তেনেদৰে তুমি বহু লোকৰ জীৱন ৰক্ষা কৰিলা?
বঁটা প্ৰাপকঃ – অট্টালিকাটোত ৭০ টা ঘৰ আৰু ২০০ টা পৰিয়াল আছিল।
প্ৰধানমন্ত্ৰীঃ – তুমি সাঁতুৰিব জানা নে?
বঁটা প্ৰাপকঃ – হয়।
প্ৰধানমন্ত্ৰীঃ – সেয়ে তুমি সকলোকে ৰক্ষা কৰিলা?
বঁটা প্ৰাপকঃ – হয়।
প্ৰধানমন্ত্ৰীঃ – তোমাৰ ভয় লগা নাছিল নে?
বঁটা প্ৰাপকঃ – নালাগিছিল।
প্ৰধানমন্ত্ৰীঃ – তুমি এটা ভাল কাম কৰিছা বুলি অনুভৱ কৰা নে?
বঁটা প্ৰাপকঃ – হয়।
প্ৰধানমন্ত্ৰীঃ – বঢ়িয়া!
***
MJPS/VJ/IG/SB
(ৰিলিজ আই ডি : 2092150)
অতিথি কক্ষ : 53
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Kannada
,
Manipuri
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam