প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 10 JAN 2025 9:39AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট নেপথ্য গায়ক শ্ৰী পি জয়চন্দ্ৰনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনে অনাগত প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিছে;

"কিংবদন্তি কণ্ঠস্বৰৰে আশিস ধন্য হোৱা শ্ৰী পি জয়চন্দ্ৰন জীয়ে ভিন্ন সুৰেৰে আৱেগ প্ৰকাশ কৰিছিল। বিভিন্ন ভাষাত তেওঁৰ প্ৰাণৱন্ত উপস্থাপনসমূহে আগন্তুক প্ৰজন্মসমূহৰো হৃদয় স্পৰ্শ কৰি থাকিব। তেওঁৰ মৃত্যুত দুখ পাইছোঁ। এই দুখৰ সময়ত তেওঁৰ পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।"

*****

MJPS/ST/KB


(रिलीज़ आईडी: 2091717) आगंतुक पटल : 53
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam