প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ জয়পুৰত 'এক বৰ্ষ-পৰিণাম উৎকৰ্ষ' কাৰ্য্যসূচীত আৰু উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 17 DEC 2024 6:15PM by PIB Guwahati

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

গোবিন্দ নগৰত গোবিন্দ দেৱ জীক প্ৰণাম জনাইছোঁ। সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ!

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভৌ বগাডে জী, ৰাজস্থানৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা জী, আমাৰ মৰমৰ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী চি.আৰ.পাটিল জী আৰু ভগীৰথ চৌধুৰী জী, ৰাজস্থানৰ উপ-মুখ্যমন্ত্ৰী দিয়া কুমাৰী জী আৰু প্ৰেম চান্দ বৈৰৱা জী, আন-আন মন্ত্ৰী, সাংসদ, ৰাজস্থানৰ বিধায়ক, আন-আন গণ্যমান্য ব্যক্তিসকল তথা মোৰ ৰাজস্থানৰ মৰমৰ ভাই-ভনীসকল। আমাৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে সংযুক্ত হোৱাসকল, সমগ্ৰ ৰাজস্থানৰ হাজাৰ-হাজাৰ পঞ্চায়তত সমবেত হোৱা মোৰ ভাই-ভনীসকলক শুভেচ্ছা জনালোঁ।

এটা সফল বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰাজস্থানবাসী আৰু ৰাজস্থানৰ বিজেপি চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। এই এবছৰীয়া যাত্ৰাৰ অন্তত মোক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যক লোক সমবেত হৈছে। ইয়ালৈ খোলা জীপ এখনেৰে আহি থাকোঁতে মন কৰিলোঁ যে পেণ্ডলত থকাতকৈ হয়তো তিনিগুণ বেছি লোক বাহিৰত আছে। আজি আপোনালোকৰ আশীৰ্বাদ লাভ কৰিব পৰাটো মোৰ সৌভাগ্য। বিগত এটা বছৰত ভজনলাল জী আৰু তেওঁৰ সমগ্ৰ টীমটোৱে ৰাজস্থানৰ উন্নয়নক নতুন গতি আৰু দিশ দিয়াৰ বাবে অতিশয় কঠোৰ পৰিশ্ৰম কৰিছে। এই প্ৰথম বছৰটোৱে এক প্ৰকাৰে আগন্তুক বহু বছৰৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। গতিকে আজিৰ উদযাপন কেৱল চৰকাৰে এবছৰ সম্পূৰ্ণ কৰাতে সীমাবদ্ধ নহয়, বৰঞ্চ এয়া ৰাজস্থানৰ বিস্তাৰিত পোহৰৰ উদযাপন আৰু ইয়াৰ বিকাশৰ উদযাপন।

মাত্ৰ কেইদিনমানৰ আগতে বিনিয়োগকাৰী সন্মিলনৰ বাবে ৰাজস্থানলৈ আহিছিলোঁ। দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিশ্বৰ বিনিয়োগকাৰীসকল ইয়াত সমবেত হৈছিল। আৰু আজি ৪৫-৫০ হাজাৰ কোটিৰো অধিক টকাৰ প্ৰকল্প উদ্বোধন তথা আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজস্থানৰ জল প্ৰত্যাহ্বানৰ স্থায়ী সমাধান প্ৰদান কৰিব। এই প্ৰকল্পসমূহে ৰাজস্থানক দেশৰ অন্যতম সংযুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিব। ইয়াৰ ফলত ৰাজস্থানত বিনিয়োগ বৃদ্ধি পাব আৰু অগণন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। ৰাজস্থানৰ পৰ্যটন, ইয়াৰ কৃষক আৰু মোৰ ডেকা বন্ধুসকল এই প্ৰকল্পসমূহৰদ্বাৰা যথেষ্ট উপকৃত হ’ব।

বন্ধুসকল,

আজি বিজেপিৰ ডাবল ইঞ্জিনযুক্ত চৰকাৰসমূহ সুশাসনৰ প্ৰতীক হৈ পৰিছে। বিজেপিয়ে যি সংকল্প গ্ৰহণ কৰে, সেয়া পূৰণৰ বাবেও সৎ প্ৰচেষ্টা চলায়। আজি সমগ্ৰ দেশৰ লোকে কৈছে যে বিজেপি সুশাসনৰ নিশ্চয়তা। সেইবাবেই ৰাজ্যৰ পিছত ৰাজ্যত বিজেপিয়ে লাভ কৰিছে প্ৰচণ্ড জনসমৰ্থন। লোকসভা নিৰ্বাচনত একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিক ৰাষ্ট্ৰ সেৱাৰ সুযোগ প্ৰদান কৰিছে। যোৱা ৬০ বছৰত ভাৰতত এনে হোৱা নাই। ৬০ বছৰৰ পাছত একেৰাহে তৃতীয়বাৰৰ বাবে ভাৰতৰ জনসাধাৰণে কেন্দ্ৰীয় চৰকাৰ গঠন কৰিছে। ৰাইজে আমাক ৰাষ্ট্ৰৰ সেৱাৰ সুযোগ প্ৰদানেৰে আশীৰ্বাদ দিছে। মাত্ৰ কেইদিনমানৰ আগতে মহাৰাষ্ট্ৰত একেৰাহে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰিছে। আৰু নিৰ্বাচনৰ ফলাফল চালে দেখা যাব যে মহাৰাষ্ট্ৰত আমাৰ বাবে এয়া একেৰাহে তৃতীয়বাৰৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ। মহাৰাষ্ট্ৰত পূৰ্বতকৈয়ো অধিক আসন লাভ কৰিছে বিজেপিয়ে। ইয়াৰ পূৰ্বে বিজেপিয়ে হাৰিয়ানাতো একেৰাহে তৃতীয়বাৰৰ বাবে আৰু অধিক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰে। শেহতীয়াকৈ ৰাজস্থানৰ উপ-নিৰ্বাচনত আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ লোকে বিজেপিলৈ ব্যাপক সমৰ্থন আগবঢ়াইছে। এই কাৰ্য্যই বিজেপিৰ কাম-কাজ আৰু বিজেপিৰ কাৰ্য্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি জনসাধাৰণৰ কিমান বিশ্বাস আছে, তাকে প্ৰতিফলিত কৰে।

বন্ধুসকল,

ৰাজস্থান এনে এখন ৰাজ্য, যিখন ৰাজ্যত বিজেপিয়ে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছে। ভাইৰন সিং শ্বেখাৱত জীয়ে ৰাজস্থানৰ উন্নয়নৰ এক সুদৃঢ় ভেটি স্থাপন কৰিছিল। তেওঁৰ পিছত বসুন্ধৰা ৰাজে জীয়ে বাঘজৰী লৈ সুশাসনৰ উত্তৰাধিকাৰক আগুৱাই নিছিল। এতিয়া ভজন লাল জীৰ চৰকাৰে সুশাসনৰ এই ঐতিহ্যক অধিক সমৃদ্ধকৰণৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছে। এই অংগীকাৰৰ ছাপ বিগত এটা বছৰত কৰা কামত স্পষ্টকৈ দেখা যায়।

বন্ধুসকল,

যোৱা এটা বছৰত যি কাম সম্পন্ন হৈছে, সেই বিষয়ে ইয়াত বিতংভাৱে আলোচনা কৰা হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়াল, মাতৃ, ভগ্নী, কন্যা, শ্ৰমিক, বিশ্বকৰ্মা সতীৰ্থ, যাযাবৰী পৰিয়ালসমূহৰ বাবে কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজস্থানৰ যুৱক-যুৱতীসকলক গুৰুতৰ অন্যায় কৰিছিল। পেপাৰ ফাদিল আৰু নিযুক্তি কেলেংকাৰি ৰাজস্থানৰ পৰিচয় হৈ পৰিছিল। বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ লগে-লগে ইয়াৰ তদন্ত আৰম্ভ কৰিছিল, যাৰ ফলত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হয়। কেৱল এয়াই নহয়, বিজেপি চৰকাৰে এবছৰৰ ভিতৰত হাজাৰ-হাজাৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে। পৰীক্ষাসমূহ সম্পূৰ্ণ স্বচ্ছতাৰে অনুষ্ঠিত কৰা হৈছে আৰু নিযুক্তিসমূহ ন্যায্যভাৱে অব্যাহত আছে। পূৰ্বৰ চৰকাৰৰ দিনত ৰাজস্থানৰ জনসাধাৰণে আন ৰাজ্যৰ তুলনাত অধিক দামত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিবলগীয়া হৈছিল। কিন্তু বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ লগে-লগে ৰাজস্থানৰ মোৰ ভাই-ভনীসকলে সকাহ পালে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ কৃষকৰ বেংক একাউন্টলৈ ধন হস্তান্তৰ কৰিছে। এতিয়া ৰাজস্থানত ডাবল ইঞ্জিন বিজেপি চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে কৃষকক সহায়ৰ বাবে অতিৰিক্ত পুঁজিৰ ব্যৱস্থা কৰিছে। ডাবল ইঞ্জিন চৰকাৰে আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰকল্পসমূহো দ্ৰুতগতিত ৰূপায়ণ কৰি আছে। বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ অতি ক্ষীপ্ৰতাৰে পূৰণ কৰি আছে। আজিৰ কাৰ্য্যসূচী এই প্ৰগতি শৃংখলৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ।

বন্ধুসকল,

ৰাজস্থানৰ জনসাধাৰণৰ আশীৰ্বাদত বিগত ১০ বছৰে কেন্দ্ৰত বিজেপি চৰকাৰে ক্ষমতা দখল কৰি আহিছে। এই ১০ বছৰত আমি জনসাধাৰণক সা-সুবিধা প্ৰদান কৰা আৰু তেওঁলোকৰ জীৱনৰ অসুবিধা হ্ৰাস কৰাত মনোনিৱেশ কৰিছোঁ। মাত্ৰ ১০ বছৰতে আমি স্বাধীনতাৰ পিছৰ ৫-৬ দশকত কংগ্ৰেছে যি কাম কৰিলে, তাতোকৈয়ো অধিক সাফল্য লাভ কৰিছোঁ। উদাহৰণস্বৰূপে ৰাজস্থান—এই ৰাজ্যৰ জনসাধাৰণতকৈ পানীৰ গুৰুত্ব কোনে ভালদৰে বুজিব পাৰে? ইয়াৰ বহু অঞ্চল তীব্ৰ খৰাং পৰিস্থিতিৰ সন্মুখীন হয়, আনহাতে আন কিছুমান অঞ্চলত আমাৰ নদীৰ পানী অব্যৱহৃতভাৱে সাগৰলৈ বৈ যায়। সেইবাবেই অটল বিহাৰী বাজপেয়ী জীৰ চৰকাৰৰ দিনত তেওঁ নদী সংযোগৰ ধাৰণাটোৰ কল্পনা কৰিছিল। আনকি এই উদ্দেশ্যে তেওঁ এখন বিশেষ কমিটিও গঠন কৰিছিল। লক্ষ্য আছিল সহজঃ সাগৰলৈ বৈ যোৱা নদীৰপৰা অতিৰিক্ত পানী খৰাং প্ৰভাৱিত অঞ্চললৈ স্থানান্তৰ কৰা। ইয়াৰদ্বাৰা বান সমস্যা আৰু খৰাং সমস্যা দুয়োটা একেলগে সমাধান হ’ব পাৰে। উচ্চতম ন্যায়ালয়েও একাধিকবাৰ এই পদক্ষেপলৈ সমৰ্থন প্ৰকাশ কৰিছে। কিন্তু কংগ্ৰেছে কেতিয়াও আপোনালোকৰ জীৱনত পানীৰ সমস্যা লাঘৱ কৰিবলৈ বিচৰা নাছিল। বৰঞ্চ আমাৰ নদীৰ পানী সীমান্ত পাৰ হৈ গৈ থাকিল আৰু আমাৰ কৃষকসকলে হুমুনিয়াহ কাঢ়িছিল। সমাধান বিচাৰি উলিওৱাতকৈ কংগ্ৰেছে ৰাজ্যসমূহৰ মাজত পানীৰ বিবাদক ইন্ধন যোগাই থাকিল। এই বিপথে পৰিচালিত নীতিৰ বাবে ৰাজস্থান বহু ক্ষতিগ্ৰস্ত হৈছে। এই ৰাজ্যৰ মাতৃ-ভগ্নীসকল প্ৰভাৱিত হৈছে আৰু ইয়াৰ বোজা কৃষকসকলে বহন কৰিছে।

মোৰ মনত আছে, যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিলোঁ, চৰ্দাৰ সৰোবৰ বান্ধৰ কাম সম্পূৰ্ণ হৈছিল আৰু গুজৰাটৰ ভিন্ন প্ৰান্তলৈ মা নৰ্মদাৰ পানী যোগান ধৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছিল। আনকি আমি কচ্চৰ সীমালৈকে পানী লৈ গৈছিলোঁ। কিন্তু সেই সময়ত কংগ্ৰেছ আৰু কেতবোৰ এনজিঅ’য়ে এই পদক্ষেপ ৰুদ্ধ কৰিবলৈ সকলো ধৰণৰ কৌশলৰ অৱলম্বন কৰিছিল। কিন্তু আমি পানীৰ গুৰুত্ব বুজি পাইছিলোঁ। মোৰ বাবে, মই সদায় কওঁ, "পানী 'পাৰস'ৰ দৰে।" ‘পাৰস’য়ে যেনেকৈ লোহাক স্পৰ্শৰে সোণলৈ ৰূপান্তৰিত কৰে, পানীয়েও যি স্থানকেই স্পৰ্শ কৰে, সেই স্থানতেই নতুন শক্তিৰ সৃষ্টি কৰে, যাৰ ফলত প্ৰগতি আৰু ৰূপান্তৰৰ উন্মেষ ঘটে।

বন্ধুসকল,

মই পানী যোগান ধৰিবলৈ নিৰলসভাৱে কাম কৰি থাকিছিলোঁ। বিৰোধিতা আৰু সমালোচনা সহ্য কৰিছিলোঁ। কাৰণ মই সঁচাকৈয়ে পানীৰ গুৰুত্ব বুজি পাইছিলোঁ। নৰ্মদাৰ পানীৰ লাভ কেৱল গুজৰাটৰ বাবেই নাছিল; ইয়াৰ উদ্দেশ্য আছিল ৰাজস্থানৰ বাবেও। কোনো উত্তেজনা নাছিল, কোনো বাধা নাছিল, কোনো স্মাৰকপত্ৰ নাছিল, কোনো আন্দোলন নাছিল। মথাউৰিৰ কাম সম্পূৰ্ণ হোৱাৰ লগে-লগে আমি কোৱা নাছিলোঁ, “প্ৰথমে গুজৰাটত পানী হওঁক আৰু ৰাজস্থানে পিছত পাব।” আমি একেলগে গুজৰাট আৰু ৰাজস্থান দুয়োখন ৰাজ্যলৈ পানী যোগান ধৰিবলৈ আৰম্ভ কৰিছিলোঁ। নৰ্মদাৰ পানী ৰাজস্থান পোৱাৰ দিনটো আজিও মনত আছে— সেইদিনা ৰাজস্থানৰ লোকৰ মাজত অপৰিসীম উত্তেজনা আৰু উৎসাহ দেখা গৈছিল। কিছুদিন পিছত মুখ্যমন্ত্রীৰ কার্য্যালয়ত থাকোঁতে এটা মেছেজ আহিল যে ভৈৰণ সিং শ্বেখাৱত জী আৰু যশৱন্ত সিং জী গুজৰাটত উপস্থিত হৈ মোক লগ কৰিব বিচাৰিছে। তেওঁলোক মোৰ অফিচলৈ আহিছিল আৰু মই সা-সন্মানেৰে তেওঁলোকৰ ভ্ৰমণৰ কাৰণ সম্পৰ্কে জানিব খুজিছিলোঁ। তেওঁলোকে কৈছিল, “কোনো বিশেষ কাম নাই— আমি মাত্ৰ আপোনাক লগ কৰিবলৈ আহিছোঁ।” দুয়োজনেই মোৰ জ্যেষ্ঠ নেতা আছিল। আমাৰ বহুতেই ভৈৰণ সিং জীৰ পথ-প্ৰদৰ্শনকাৰী হাতখন ধৰি ডাঙৰ হৈছোঁ। কোনো দাবীৰ বাবে নহয়, শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ তেওঁলোক মোৰ ওচৰলৈ আহিছিল। অলপ আচৰিত হ’লোঁ, কিন্তু কথা কোৱাৰ লগে-লগে তেওঁলোক আৱেগিক হৈ পৰিল, চকুলোৰে। তেওঁলোকে ক’লে, “মোদী জী, পানী দিয়াৰ অৰ্থ কি জানেনে? আপোনালোকে যি সৰলতা আৰু সহজতাৰে নৰ্মদাৰ পানী ৰাজস্থানলৈ যোৱাটো নিশ্চিত কৰিছে—এই কাৰ্য্যই আমাৰ হৃদয় চুই গৈছে। আমি ইয়ালৈ আহিছিলোঁ আপোনাক ব্যক্তিগতভাৱে লগ কৰি ৰাজস্থানৰ কোটি-কোটি লোকৰ অনুভৱ প্ৰকাশ কৰিবলৈ।”

বন্ধুসকল,

পানীৰ অপৰিসীম সম্ভাৱনা মই অনুভৱ কৰিছোঁ। আৰু মই আনন্দিত যে আজি মা নৰ্মদাৰ পানী জালৌৰ, বাৰমেৰ, চুৰু, ঝুনঝুনু, যোধপুৰ, নগৌৰ, হনুমানগড় আৰু বহু জিলাত উপনীত হৈছে।

বন্ধুসকল,

এসময়ত কোৱা হৈছিল যে নৰ্মদাত স্নান কৰি তাৰ ‘পৰিক্ৰমা’ (প্ৰদক্ষিণ) কৰিলে বহু প্ৰজন্মৰ পাপ শুদ্ধ হৈ আশীৰ্বাদ লাভ কৰিব পাৰি। কিন্তু চাওঁক বিজ্ঞানৰ আশ্চৰ্য্য—এবাৰ, আমি মা নৰ্মদাৰ ‘পৰিক্ৰমা’ৰ বাবে গৈছিলোঁ। আজি মা নৰ্মদাই নিজেই ‘পৰিক্ৰমা’ কৰিছে, হনুমানগড়লৈকে আহিছে।

বন্ধুসকল,

পূব ৰাজস্থান খাল প্ৰকল্প (ERCP)ৰ ক্ষেত্ৰত কংগ্ৰেছে ইমান দিন পলম কৰিছিল আৰু এয়া তেওঁলোকৰ উদ্দেশ্যৰ স্পষ্ট প্ৰতিফলন আছিল। তেওঁলোকে কৃষকৰ বহুত কথা কয়, কিন্তু তেওঁলোকৰ বাবে একো নকৰে, আনকো কৰিবলৈও নিদিয়ে। বিজেপিৰ নীতি সংঘাতৰ নহয় আলোচনাৰহে। আমি সহযোগিতাত বিশ্বাস কৰোঁ, বিৰোধিতাত নহয়। আমি সমাধানত বিশ্বাস কৰোঁ, বাধা সৃষ্টি কৰাত নহয়। সেইবাবেই আমাৰ চৰকাৰে পূব ৰাজস্থান খাল প্ৰকল্পত অনুমোদন দিয়াই নহয়, সম্প্ৰসাৰণো কৰিলে। মধ্যপ্ৰদেশ আৰু ৰাজস্থানত বিজেপি চৰকাৰ গঠন হোৱাৰ লগে-লগে পাৰ্বতী-কালিসন্ধ-চাম্বল প্ৰকল্প আৰু এমপিকেচি লিংক প্ৰকল্পৰ দৰে প্ৰকল্পৰ বাবে চুক্তি স্বাক্ষৰিত হৈছে।

ইয়াত আপোনাসৱে দেখা ছবিখন, কেন্দ্ৰীয় চৰকাৰৰ জলমন্ত্ৰী আৰু দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে, সাধাৰণ ছবি নহয়। আগন্তুক দশকসমূহত এই ছবিখনে ভাৰতৰ চুকে-কোণে থকা ৰাজনীতিবিদসকলৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিব। প্ৰতিখন ৰাজ্যকে সোধা হ’ব, “যদি মধ্যপ্ৰদেশ আৰু ৰাজস্থানে জল সংকট সমাধানৰ বাবে সহযোগিতা কৰি নদীৰ পানীৰ চুক্তিৰে আগবাঢ়ি যাব পাৰে, তেন্তে সাগৰত পানী বৈ থকাৰ সময়ত আপোনাসৱে কিয় সাধাৰণ চুক্তিত স্বাক্ষৰ কৰিব নোৱাৰে?” এই ছবিখন আগন্তুক দশকসমূহত সমগ্ৰ দেশে দেখিব। আজি আপোনালোকে প্ৰত্যক্ষ কৰা ‘জলাভিষেক’ (জল পূজা)ও সাধাৰণ দৃশ্য নহয়। ৰাষ্ট্ৰৰ কল্যাণৰ কথা চিন্তা কৰা লোকক যেতিয়া সেৱা কৰাৰ সুযোগ দিয়া হয়, তেতিয়া মধ্যপ্ৰদেশৰপৰা পানী অনা, ৰাজস্থানৰপৰা পানী অনা আৰু এই সমস্ত পানী সংগ্ৰহেৰে ‘সুজলাম সুফলাম’ৰ জৰিয়তে ৰাজস্থানক প্ৰচুৰতা আৰু সমৃদ্ধিৰ ভূমি হিচাপে গঢ়ি তোলাৰ যাত্ৰা আৰম্ভ হয়। এয়া অসাধাৰণ যেন লাগিব পাৰে, কিন্তু আজি আমি এবছৰৰ কাম সম্পূৰ্ণ হোৱাৰ আনন্দ উদযাপন কৰাৰ সময়তে আমি এই পৰ্য্যায়ৰপৰাই আগন্তুক শতিকাবোৰৰ বাবেও এক উজ্জ্বল ভৱিষ্যতৰ কাহিনী লিখিছোঁ। এই প্ৰকল্পত চাম্বল আৰু ইয়াৰ উপনৈসমূহ যেনেঃ পাৰ্বতী, কালিসিন্ধ, কুনো, বানাছ, বঙাংগা, ৰূপৰেল, গম্ভীৰী আৰু মেজ নদীৰ পানী সংযোগ কৰা হ’ব।

বন্ধুসকল,

গুজৰাটত নদী সংযোগৰ শক্তি মই প্ৰত্যক্ষভাৱে অনুভৱ কৰিছোঁ। নৰ্মদাৰ পানী গুজৰাটৰ ভিন্ন নদীৰ সৈতে সংযোগ কৰা হৈছিল। কেতিয়াবা আহমেদাবাদলৈ গ’লে দেখা পাব সবৰমতী নদী। বিশ বছৰ আগতে যদি কোনো শিশুক সবৰমতীক লৈ ৰচনা লিখিবলৈ কোৱা হ’লহেঁতেন, তেন্তে তেওঁলোকে লিখিলেহেঁতেন যে ইয়াৰ পাৰত চাৰ্কাছৰ তম্বু স্থাপন কৰা হয় আৰু তাতেই ডাঙৰ-ডাঙৰ চাৰ্কাছৰ শ্ব’ অনুষ্ঠিত হয়। তাৰ শুকান বালিত ক্ৰিকেট খেলি কিমান মজা লাগে আৰু চাৰিওফালে কেনেকৈ সদায় ধূলি-মাটি থাকে, সেই কথা লিখিলেহেঁতেন। কাৰণ সেই সময়ত সবৰমতীত পানী নাছিল। কিন্তু আজি নৰ্মদাৰ পানীৰে সবৰমতীয়ে প্ৰাণ পাই উঠিছে আৰু এতিয়া আহমেদাবাদৰ এখন সুন্দৰ নদীৰ পাৰ দেখা গৈছে। এয়াই নদীক সংযোগ কৰাৰ শক্তি। ৰাজস্থানৰ বাবেও একেধৰণৰ সুন্দৰ দৃশ্য মনতে কল্পনা কৰিব পাৰিছোঁ।

বন্ধুসকল,

মই সেই দিনটোৰ কল্পনা কৰিছোঁ যেতিয়া ৰাজস্থানত আৰু পানীৰ নাটনি নহ’ব আৰু ৰাজ্যখনত উন্নয়নৰ বাবে যথেষ্ট পানী থাকিব। পাৰ্বতী-কালিসন্ধ-চাম্বল প্ৰকল্পৰ জৰিয়তে ৰাজস্থানৰ ২১ খন জিলাত জলসিঞ্চনৰ পানী আৰু খোৱাপানী যোগান ধৰা হ’ব। ইয়াৰ ফলত ৰাজস্থান আৰু মধ্যপ্ৰদেশ উভয়ৰে উন্নয়ন ত্বৰান্বিত হ’ব।

বন্ধুসকল,

আজি ইছাৰদা লিংক প্ৰজেক্টৰো শুভাৰম্ভ কৰা হৈছে। আজি তাজেৱালাৰপৰা শ্বেখাৱতীলৈ পানী অনাৰ চুক্তিও কৰা হৈছে। এই জল চুক্তিয়ে হাৰিয়ানা আৰু ৰাজস্থান দুয়োখন ৰাজ্যকে উপকৃত কৰিব। মোৰ বিশ্বাস যে অতি সোনকালে, টেপৰ জৰিয়তে ৰাজস্থানৰ ১০০% ঘৰলৈ পানী যাব।

বন্ধুসকল,

চিআৰ পাটিল জীৰ নেতৃত্বত চলি আছে এক বিশাল অভিযান। এই কাৰ্য্যই এতিয়াও সংবাদ মাধ্যমৰ বিশেষ মনোযোগ লাভ কৰা নাই যদিও ইয়াৰ শক্তি মই সম্পূৰ্ণৰূপে বুজি পাওঁ। জনসাধাৰণৰ অংশগ্ৰহণেৰে এই অভিযান আৰম্ভ কৰা হৈছে। বৰষুণৰ পানী সংগ্ৰহৰ বাবে নিৰ্মাণ কৰা হৈছে ৰিচাৰ্জ কূপ। আপোনালোকৰ হয়তো জ্ঞাত নহয়, কিন্তু মোক জনোৱা হৈছে যে ৰাজস্থানত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে দৈনিক বৰষুণৰ পানী সংগ্ৰহৰ কাঠামো সৃষ্টি কৰা হৈছে। য’ত পানীৰ নাটনি হৈছে, ভাৰতৰ ৰাজ্যসমূহত বিগত কেইমাহমানৰ ভিতৰত প্ৰায় তিনি লাখ বৰষুণৰ পানী সংগ্ৰহৰ কাঠামো নিৰ্মাণ কৰা হৈছে। বৰষুণৰ পানী সংৰক্ষণৰ এই প্ৰচেষ্টাই অনাগত দিনত আমাৰ ধৰিত্ৰী মাতৃৰ পিয়াহ দূৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আমাক আমনি দিয়া পিয়াহে আমাৰ পৃথিৱী মাতৃকো একেদৰে অশান্তি দিয়ে। সেইবাবেই এই ভূমিৰ সন্তান হিচাপে আমাৰ পৃথিৱী মাতৃৰ পিয়াহ নিবাৰণ কৰাটো আমাৰ কৰ্তব্য। বৰষুণৰ পানীৰ প্ৰতিটো টোপাল ব্যৱহাৰ কৰি আমাৰ পৃথিৱী মাতৃৰ পিয়াহ নিবাৰণ কৰিব লাগে। পৃথিৱী মাতৃৰ আশীৰ্বাদ এবাৰ পালে পৃথিৱীৰ কোনো শক্তিয়ে আমাক বাধা দিব নোৱাৰে।

মনত আছে, গুজৰাটত এজন জৈন সন্ন্যাসী আছিল, প্ৰায় ১০০ বছৰ আগতে। তেওঁৰ নাম আছিল বুদ্ধিসাগৰ জী মহাৰাজ আৰু তেতিয়া তেওঁ কিবা এটা লিখিছিল। হয়তো, সেই সময়ত কোনোবাই যদি তেওঁৰ কথা পঢ়িলেহেঁতেন তেন্তে তেওঁলোকে বিশ্বাস নকৰিলেহেঁতেন। তেওঁ ১০০ বছৰ আগতে লিখিছিল – "এটা দিন আহিব যেতিয়া গেলামালৰ দোকানত খোৱাপানী বিক্ৰী হ'ব।" এশ বছৰ আগতে তেওঁ এই কথা লিখিছিল, আজি আমি পানী খোৱাৰ বাবে গেলামালৰ দোকানৰপৰা বিছলেৰীৰ বটল কিনিবলৈ বাধ্য হৈছোঁ। এই কথা ১০০ বছৰ আগতে কোৱা হৈছিল।

বন্ধুসকল,

এয়া এক বেদনাদায়ক কাহিনী। আমাৰ পূৰ্বপুৰুষসকলে আমাৰ বাবে এৰি থৈ গৈছে এক বৃহৎ উত্তৰাধিকাৰ। এতিয়া আমাৰ ভৱিষ্যৎ প্ৰজন্ম যাতে পানীৰ অভাৱত প্ৰাণ ত্যাগ কৰিবলৈ বাধ্য নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো আমাৰ দায়িত্ব। আমি তেওঁলোকৰ হাতত আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে ‘সুজলাম সুফলাম’ ভূমি, সমৃদ্ধিৰ ভূমি অৰ্পণ কৰিব লাগিব। আৰু আজি সেই পবিত্ৰ কাম সম্পন্ন কৰাৰ পৰিপ্ৰেক্ষিতত মধ্যপ্ৰদেশ চৰকাৰ আৰু মধ্যপ্ৰদেশৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। লগতে ৰাজস্থান চৰকাৰ আৰু ৰাজস্থানৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। এতিয়া আমাৰ কাম হ’ল এই প্ৰকল্পটোক কোনো ধৰণৰ বাধা নোহোৱাকৈ আগুৱাই নিয়া। য’তেই প্ৰয়োজন হয়, যি অঞ্চলৰপৰাই পৰিকল্পনাৰ প্ৰয়োজন হয়, ৰাইজ আগবাঢ়ি আহিব লাগিব ইয়াক সমৰ্থন কৰিবলৈ। তেতিয়াহে আমি এই পৰিকল্পনাসমূহ আগতেই সম্পূৰ্ণ কৰিব পাৰিম আৰু ই সমগ্ৰ ৰাজস্থানৰ ভাগ্য সলনি কৰিব পাৰে।

বন্ধুসকল,

একবিংশ শতিকাত ভাৰতৰ বাবে নাৰীসকল সৱল হোৱাটো অতি জৰুৰী।

বন্ধুসকল,

আপোনালোকৰ মৰম আৰু সহায়ৰ বাবে মই গভীৰভাৱে কৃতজ্ঞ আৰু এই উৎসাহ আৰু শক্তিৰ শলাগ লৈছোঁ। বন্ধুসকল, মহিলা আত্মসহায়ক গোটৰ আন্দোলনত ‘নাৰী শক্তি’ৰ শক্তি দেখা গৈছে। বিগত দশকত সমগ্ৰ দেশৰ ১০ কোটি ভগ্নীয়ে ৰাজস্থানৰ লাখ-লাখ ভগ্নীকে ধৰি আত্মসহায়ক গোটত যোগদান কৰিছে। এই গোটক শক্তিশালী কৰিবলৈ বিজেপি চৰকাৰে অক্লান্তভাৱে কাম কৰিছে। আমাৰ চৰকাৰে প্ৰথমে এই গোটবোৰক বেংকৰ সৈতে সংযোগ কৰিলে, তাৰ পিছত বেংকে দিয়া সাহায্য ১০ লাখৰপৰা ২০ লাখ টকালৈ বৃদ্ধি কৰিলে। আমি তেওঁলোকক সাহায্য হিচাপে প্ৰায় ৮ লাখ কোটি টকা আগবঢ়াইছোঁ। আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ আৰু মহিলা আত্মসহায়ক গোটৰদ্বাৰা নিৰ্মিত সামগ্ৰীৰ নতুন বজাৰ সৃষ্টি কৰিছোঁ।

আজি এই প্ৰচেষ্টাৰ ফল, এই আত্মসহায়ক গোটসমূহ গ্ৰাম্য অৰ্থনীতিৰ এক বিশাল শক্তিত পৰিণত হৈছে। মই ক’বলৈ পাই সুখী যে ইয়ালৈ আহি থাকোঁতে ব্লকসমূহ মাতৃ-ভগ্নীসকলেৰে ভৰি পৰিছিল তথা তেওঁলোকক উত্তেজনা আৰু উৎসাহে আৱৰি ধৰিছিল। এতিয়া আমাৰ চৰকাৰে আত্মসহায়ক গোটৰ তিনি কোটি ভগ্নীক লাখপতি দিদি কৰাৰ দিশত কাম কৰি আছে। ইতিমধ্যে প্ৰায় ১.২৫ কোটি ভগ্নী লাখপতি দিদি হৈ উঠিছে। অৰ্থাৎ তেওঁলোকে এতিয়া বছৰি এক লাখ টকাৰো অধিক উপাৰ্জন কৰি আছে।

বন্ধুসকল,

‘নাৰী শক্তি’ক সুদৃঢ়কৰণৰ বাবে আমি একাধিক নতুন আঁচনি ৰূপায়ণ কৰিছোঁ। যেনেঃ নমো ড্ৰোন দিদি আঁচনি। ইয়াৰ অধীনত হাজাৰ-হাজাৰ ভগ্নীক ড্ৰোন পাইলট হিচাপে প্ৰশিক্ষণ দিয়া হৈছে। ইতিমধ্যে হাজাৰ-হাজাৰ গোটে লাভ কৰিছে ড্ৰোন। এই মহিলাসকলে খেতি আৰু ইয়াৰপৰা উপাৰ্জনৰ বাবে ড্ৰোন ব্যৱহাৰ কৰিছে। ৰাজস্থান চৰকাৰেও এই আঁচনিখন অধিক সম্প্ৰসাৰণৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে।

বন্ধুসকল,

শেহতীয়াকৈ আমি আমাৰ ভগ্নী-কন্যাসকলৰ বাবে আন এক বৃহৎ আঁচনি আৰম্ভ কৰিলোঁ। এয়া হৈছে বীমা সখী আঁচনি। এই আঁচনিৰ অধীনত গাঁৱে-ভূঞে মহিলা আৰু ছোৱালীয়ে বীমা খণ্ডৰ সৈতে জড়িত হ’ব আৰু প্ৰশিক্ষণ লাভ কৰিব। প্ৰাৰম্ভিক বছৰসমূহত তেওঁলোকে কামটোত প্ৰতিষ্ঠা লাভ নকৰালৈকে তেওঁলোকক মাননি প্ৰদান কৰা হ’ব। এই আঁচনিৰ জৰিয়তে তেওঁলোকে আৰ্থিক সাহায্য লাভ কৰাৰ লগতে ৰাষ্ট্ৰৰ সেৱাৰ সুযোগ লাভ কৰিব। আমাৰ ‘বেংক সখী’ মহিলাসকলে কৰা উল্লেখযোগ্য কাম আমি দেখিছোঁ, যিয়ে দেশৰ চুক-কোণলৈ বেংকিং সেৱাক লৈ গৈছে, বেংক একাউন্ট খুলিছে আৰু জনতাক ঋণৰ সুবিধাৰ সৈতে সংযোগ কৰিছে। এতিয়া ‘বীমা সখী’সকলে ভাৰতৰ প্ৰতিটো পৰিয়ালক বীমা সেৱাৰ সৈতে সংযোগ কৰাত সহায় কৰিব।

বন্ধুসকল,

গ্ৰামাঞ্চলৰ অৰ্থনৈতিক অৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে বিজেপি চৰকাৰে নিৰন্তৰভাৱে কাম কৰি আছে। এখনি ‘বিকশিত ভাৰত’ (উন্নত ভাৰত) গঢ়ি তোলাৰ বাবে এয়া অতি গুৰুত্বপূৰ্ণ। গতিকে আমি গাঁৱে-ভূঞে উপাৰ্জন আৰু কৰ্মসংস্থাপনৰ প্ৰতিটো সম্ভৱপৰ উপায়ত গুৰুত্ব আৰোপ কৰিছোঁ। ৰাজস্থানৰ বিজেপি চৰকাৰে বিদ্যুৎ খণ্ডত কেইবাখনো চুক্তি কৰিছে আৰু ইয়াৰে সৰ্বাধিক হিতাধিকাৰী হ’ব আমাৰ কৃষক। দিনৰ ভাগতো কৃষকসকলে যাতে বিদ্যুতৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে ৰাজস্থান চৰকাৰে পৰিকল্পনা কৰিছে। ইয়াৰ ফলত তেওঁলোক ৰাতিৰ সময়ত জলসিঞ্চনৰ বাধ্যবাধকতাৰপৰা মুক্ত হ’ব, যি সঠিক দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হ’ব।

বন্ধুসকল,

ৰাজস্থানত সৌৰশক্তিৰ যথেষ্ট সম্ভাৱনা আছে। দেশত এই ক্ষেত্ৰত ৰাজ্যখন আগশাৰীৰ হ’ব পাৰে। আমাৰ চৰকাৰে সৌৰশক্তিক আপোনালোকৰ বিদ্যুতৰ বিল শূন্য কৰাৰ উপায় কৰি তুলিছে। কেন্দ্ৰীয় চৰকাৰে অব্যাহত ৰাখিছে প্ৰধানমন্ত্ৰী সূৰ্য্যঘৰ মুফ্ট বিজুলী যোজনা। এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে ঘৰৰ ছাদত সৌৰ পেনেল স্থাপনৰ বাবে প্ৰায় ৭৫ হাজাৰৰপৰা ৮০ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে। উৎপাদিত বিদ্যুৎ আপোনাসৱে ব্যৱহাৰ কৰিব পাৰে আৰু প্ৰয়োজনতকৈ বেছি উৎপাদন কৰিলে অতিৰিক্ত শক্তি বিক্ৰী কৰিব পাৰিব, চৰকাৰে কিনিব। এই আঁচনিৰ বাবে এতিয়ালৈকে দেশৰ ১.৪ কোটিৰো অধিক পৰিয়ালে পঞ্জীয়ন কৰা বুলি জনাবলৈ পাই আনন্দিত হৈছোঁ। কম সময়ৰ ভিতৰতে ৰাজস্থানৰ ২০ হাজাৰৰো অধিক ঘৰকে ধৰি প্ৰায় ৭ লাখ ঘৰত সৌৰ পেনেল ব্যৱস্থা স্থাপন কৰা হৈছে। ইতিমধ্যে এই ঘৰবোৰত সৌৰ বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে আৰু মানুহে ধন সঞ্চয় কৰিবলৈ আৰম্ভ কৰিছে।

বন্ধুসকল,

কেৱল ছাদতেই নহয়, পথাৰত সৌৰশক্তি স্থাপনৰ বাবেও চৰকাৰে সাহায্য আগবঢ়াইছে। পিএম কুসুম আঁচনিৰ অধীনত আগন্তুক সময়ত ৰাজস্থান চৰকাৰে শ-শ নতুন সৌৰ উদ্যোগ স্থাপন কৰিবলৈ ওলাইছে। যেতিয়া প্ৰতিটো পৰিয়াল আৰু প্ৰতিজন কৃষক শক্তিৰ উৎপাদক হ’ব, তেতিয়া বিদ্যুতৰপৰা আয় হ’ব আৰু প্ৰতিটো পৰিয়ালৰ আয় বাঢ়িব।

বন্ধুসকল,

আমাৰ সংকল্প হৈছে ৰাজস্থানক পথ, ৰেল আৰু বিমান যাত্ৰাৰ ক্ষেত্ৰত আটাইতকৈ সংযুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা। দিল্লী, বদোদৰা, মুম্বাইৰ দৰে ডাঙৰ ঔদ্যোগিক কেন্দ্ৰৰ মাজত অৱস্থিত ৰাজস্থানে ইয়াৰ জনসাধাৰণ বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে এক ব্যাপক সুযোগৰ সৃষ্টি কৰিছে। এই তিনিখন চহৰক ৰাজস্থানৰ সৈতে সংযোগ কৰা নতুন এক্সপ্ৰেছৱে দেশৰ অন্যতম শ্ৰেষ্ঠ এক্সপ্ৰেছৱে। মেজা নদীৰ ওপৰত এখন বৃহৎ দলং নিৰ্মাণে ছাৱাই মাধোপুৰ, বুণ্ডী, টংক আৰু কোটাৰ দৰে জিলাক উপকৃত কৰিব। ইয়াৰ ফলত এই অঞ্চলসমূহৰ কৃষকসকলে দিল্লী, মুম্বাই আৰু বদোদৰাৰ বৃহৎ বজাৰসমূহত প্ৰৱেশ কৰাত সহজ হ’ব। ইয়াৰ উপৰিও জয়পুৰ আৰু ৰন্থামভৰ ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ যাতায়াত পৰ্যটকৰ বাবে সহজ হৈ পৰিব। আমি সকলোৱে জানো যে আজিৰ সময়ত সময় অমূল্য। আমাৰ লক্ষ্য হৈছে ৰাইজৰ সময় ৰাহি কৰা আৰু তেওঁলোকৰ সুবিধা বৃদ্ধি কৰা।

বন্ধুসকল,

জামনগৰ-অমৃতসৰ ইকনমিক কৰিডৰ দিল্লী-অমৃতসৰ-কাটৰা এক্সপ্ৰেছৱেৰ সৈতে সংযুক্ত হ’লে ৰাজস্থানক মাতা বৈষ্ণো দেৱী মন্দিৰৰ সৈতে সংযোগ কৰিব। ইয়াৰদ্বাৰা উত্তৰ ভাৰতৰ উদ্যোগসমূহে কণ্ডলা আৰু মুন্দ্ৰা বন্দৰলৈ পোনপটীয়াকৈ প্ৰৱেশৰ সুবিধা লাভ কৰিব। ইয়াৰদ্বাৰা ৰাজস্থানৰ পৰিবহণ খণ্ড লাভৱান হ’ব, যাৰ ফলত ৰাজ্যত বৃহৎ গুদাম স্থাপন হ’ব। ইয়াৰ ফলত ৰাজস্থানৰ যুৱক-যুৱতীসকলৰ বাবে অধিক চাকৰিৰ সুযোগ সৃষ্টি হ’ব।

বন্ধুসকল,

যোধপুৰ ৰিং ৰোডৰ জৰিয়তে জয়পুৰ, পালি, বাৰমেৰ, জয়ছালমেৰ, নগৌৰ আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ সংযোগৰ উন্নতিৰ ফলত মহানগৰীত অপ্ৰয়োজনীয় যান-জঁট হ্ৰাস পাব। ইয়াৰ দ্বাৰা যোধপুৰ ভ্ৰমণলৈ অহা পৰ্যটক, ব্যৱসায়ীসকলৰ বাবে যথেষ্ট সুবিধা হ’ব।

বন্ধুসকল,

আজি এই অনুষ্ঠানত সহস্ৰাধিক বিজেপি কাৰ্য্যকৰ্তা উপস্থিত আছে আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবেই আমি এই দিনটো প্ৰত্যক্ষ কৰিছোঁ। তেওঁলোকলৈ মোৰ আহ্বান। বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল যদিও ই এক বিশাল সামাজিক আন্দোলন। বিজেপিৰ বাবে দলতকৈ ৰাষ্ট্ৰ ডাঙৰ। প্ৰতিজন বিজেপি কাৰ্য্যকৰ্তাই দেশৰ প্ৰতি সজাগতা আৰু নিষ্ঠাবোধেৰে কাম কৰি আছে। এজন বিজেপি কাৰ্য্যকৰ্তা কেৱল ৰাজনীতিৰ লগত জড়িত নহয়, বৰঞ্চ সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰতো জড়িত। আজি আমি পানী সংৰক্ষণৰ সৈতে গভীৰভাৱে জড়িত এক কাৰ্য্যসূচীৰ অংশ। জলসম্পদ সংৰক্ষণ আৰু প্ৰতিটো টোপাল পানীৰ অৰ্থপূৰ্ণ ব্যৱহাৰ চৰকাৰৰ লগতে সমাজ আৰু প্ৰতিজন নাগৰিকৰ দায়িত্ব। সেয়েহে প্ৰতিজন বিজেপি কাৰ্য্যকৰ্তাক, প্ৰতিজন সদস্যক আহ্বান জনাইছোঁ যে নিজৰ দৈনন্দিন কাম-কাজৰ এটা অংশ জল সংৰক্ষণৰ বাবে উৎসৰ্গা কৰিব লাগে আৰু অতি নিষ্ঠাৰে সেই কাম কৰিব লাগে। ক্ষুদ্ৰ জলসিঞ্চন, ড্ৰিপ জলসিঞ্চনৰ সৈতে জড়িত হ’ব লাগে, অমৃত সৰোবৰৰ ৰক্ষণাবেক্ষণত সহায় কৰিব লাগে, জল ব্যৱস্থাপনা সম্পদ সৃষ্টি কৰিব লাগে আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে। লগতে কৃষকসকলক প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিষয়ে সচেতন কৰি তুলিব লাগে।

আমি সকলোৱে জানো যে যিমানেই গছ বেছি হ’ব, সিমানেই পানী জমা কৰিবলৈ পৃথিৱীয়ে অধিক সহায় লাভ কৰিব। সেইবাবেই "এক পেড় মা কে নাম" (মাতৃৰ নামত এজোপা গছ)ৰ দৰে অভিযান অতি উপকাৰী হ'ব পাৰে। ইয়াৰদ্বাৰা আমাৰ মাতৃসকলক সন্মান জনোৱাই নহয়, বৰঞ্চ পৃথিৱী মাতৃৰ প্ৰতি সন্মানো বৃদ্ধি পাব। পৰিবেশৰ বাবে আমি এনে বহু কাম কৰিব পাৰোঁ। উদাহৰণস্বৰূপে মই পিএম সূৰ্য্য ঘৰ যোজনাৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ। বিজেপি কাৰ্য্যকৰ্তাসকলে সৌৰশক্তিৰ ব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিব পাৰে, এই আঁচনি আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে জনতাক সচেতন কৰিব পাৰে। আমাৰ দেশৰ জনসাধাৰণৰ এটা নিৰ্দিষ্ট স্বভাৱ আছে। যেতিয়া ৰাষ্ট্ৰখনে দেখে যে এটা অভিযানৰ এটা সঠিক উদ্দেশ্য আৰু এটা সঠিক নীতি আছে, তেতিয়া জনসাধাৰণে ইয়াক নিজাববীয়াকৈ গ্ৰহণ কৰে, তাত যোগদান কৰে আৰু নিজকে সেই কাৰ্য্যৰ বাবে উৎসৰ্গা কৰে। স্বচ্ছ ভাৰত অভিযান আৰু বেটি বচাও বেটি পঢ়াও অভিযানৰ জৰিয়তে আমি এই কথা দেখিছিলোঁ। পৰিবেশ সুৰক্ষা আৰু পানী সংৰক্ষণৰ ক্ষেত্ৰতো আমি একেধৰণৰ সফলতা লাভ কৰিম বুলি মোৰ বিশ্বাস।

বন্ধুসকল,

আজি ৰাজস্থানত অব্যাহত আধুনিক উন্নয়নৰ কাম-কাজ, নিৰ্মাণ হৈ থকা আন্তঃগাঁথনিয়ে বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্ম উভয়কে উপকৃত কৰিব। ইয়াৰদ্বাৰা ‘বিকশিত ৰাজস্থান’ (উন্নত ৰাজস্থান) গঢ়াত অৰিহণা যোগাব আৰু যেতিয়া ৰাজস্থানৰ বিকাশ হ’ব, তেতিয়া ভাৰতো দ্ৰুতগতিত আগবাঢ়িব। আগন্তুক বছৰবোৰত ডাবল ইঞ্জিনযুক্ত চৰকাৰখনে আৰু অধিক ক্ষীপ্ৰ গতিত কাম কৰিব। মই আপোনালোকক আশ্বস্ত কৰিব খুজিছোঁ যে কেন্দ্ৰীয় চৰকাৰে ৰাজস্থানৰ উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব। আকৌ এবাৰ আমাক আশীৰ্বাদৰ দিবলৈ সমবেত হোৱা আপোনালোক সকলোকে বিশেষকৈ মাতৃ-ভগ্নীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পূৰ্ণ শক্তিৰে দুয়োখন হাত ওপৰলৈ তুলি মোৰ লগতে কওঁচোন আহক –

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

ভাৰত মাতা কী – জয়!

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

 

***

MJPS/ST/VK/SB


(Release ID: 2088193) Visitor Counter : 50