গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীৰ স্মৃতি স্থল ‘সদৈৱ অটল’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ জন্ম শতবাৰ্ষিকীত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি

সুশাসন আৰু জনকল্যাণৰ প্ৰতি অটল জীৰ সমৰ্পণে ভৱিষ্যত প্ৰজন্মক সদায়েই মাৰ্গদৰ্শন কৰিব

মতাদৰ্শ আৰু মূল্যবোধ ভিত্তিক ৰাজনীতিৰ প্ৰতি নিজৰ সমৰ্পণেৰে দেশৰ উন্নয়ন আৰু সুশাসনৰ এক নতুন যুগৰ সূচনা কৰিছিল অটলজীয়ে

সাংস্কৃতিক জাতীয়তাবাদক কৰ্মসংস্কৃতি হিচাপে গঢ়ি তোলা বাজপেয়ী জীয়ে সদায় দেশৰ নিৰাপত্তা আৰু জনকল্যাণক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল

অটল জীয়ে ধ্ৰবতৰাৰ দৰে চিৰকাললৈকে দেশবাসীক ৰাষ্ট্ৰীয় সেৱাৰ পথত মাৰ্গদৰ্শন কৰিব

प्रविष्टि तिथि: 25 DEC 2024 12:55PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীৰ স্মৃতি স্থল ‘সদৈৱ অটল’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

এক্সত দিয়া এলানি পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে সুশাসন আৰু জনকল্যাণৰ প্ৰতি অটল জীৰ সমৰ্পণে ভৱিষ্যত প্ৰজন্মক মাৰ্গদৰ্শন কৰি যাব। জন্ম বাৰ্ষিকীত শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ প্ৰতি প্ৰণাম জনাই শ্ৰী শ্বাহে কয় যে মতাদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি তেওঁৰ সমৰ্পণেৰে অটল জীয়ে দেশৰ উন্নয়ন আৰু সুশাসনৰ এক নতুন যুগৰ সূচনা কৰিলে। তেওঁ কয় যে বাজপেয়ী জীয়ে সাংস্কৃতিক জাতীয়তাবাদক কৰ্মসংস্কৃতি হিচাপে গঢ়ি তুলিছিল আৰু দেশৰ নিৰাপত্তা আৰু জনকল্যাণক সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছিল। তেওঁ কয় যে অটল জীয়ে ধ্ৰুবতৰাৰ দৰে চিৰকাললৈকে দেশবাসীক ৰাষ্ট্ৰীয় সেৱাৰ পথত মাৰ্গদৰ্শন কৰি যাব।

****

RK / VV / RR / PS/DB


(रिलीज़ आईडी: 2087984) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada