প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক প্ৰদান কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা
प्रविष्टि तिथि:
22 DEC 2024 4:48PM by PIB Guwahati
কুৱেইটৰ আমিৰ মহামহিম শ্বেইখ মেছাল আল আহমদ আল-জাবেৰ আল-ছাবাহে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কুৱেইটৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা মুবাৰক আল-কাবীৰৰ অৰ্ডাৰ প্ৰদান কৰে। অনুষ্ঠানত কুৱেইটৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেইখ আহমেদ আল আব্দুল্লাহ আল আহমদ আল ছাবাহো উপস্থিত থাকে।
প্ৰধানমন্ত্ৰীয়ে এই বঁটা ভাৰত আৰু কুৱেইটৰ দীৰ্ঘদিনীয়া বন্ধুত্ব, কুৱেইটত থকা ভাৰতীয় সম্প্ৰদায় আৰু ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ নামত উৎসৰ্গা কৰে।
৪৩ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম কুৱেইট ভ্ৰমণৰ ঐতিহাসিক ক্ষণত এই বঁটা প্ৰদানে এক বিশেষ মাত্ৰা বহন কৰিছে।
১৯৭৪ চনত প্ৰতিষ্ঠা হোৱা এই বঁটাটো প্ৰতি বছৰে নিৰ্বাচিত বিশ্বৰ নেতাসকলক প্ৰদান কৰা হয়।
******
MJPS/VJ/SKS/DB
(रिलीज़ आईडी: 2087235)
आगंतुक पटल : 55
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam