গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিম বংগৰ শিলিগুৰিত ‘সশস্ত্ৰ সীমা বল’ (এছএছবি)ৰ ‘৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস’ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ইলেক্ট্ৰনিক মাধ্যমেৰে পেট্ৰাপোলত ‘সংহত পৰীক্ষণ চকী’ (আইচিপি) আগৰতলা আৰু ‘বিজিএফ’-ৰ নৱনিৰ্মিত আৱাসিক চৌহদ উদ্বোধন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ‘আয়ুষ্মান কাৰ্ড’, ‘বেৰেক’, ‘চিএপিএফ ই-হাউছিং’, ‘স্ক'লাৰশ্বিপ’ৰ দৰে আঁচনিৰে ‘চিএপিএফ’ কৰ্মীসকলৰ জীৱন সহজ কৰি তুলিছে
‘এছএছবি’-ৰ জোৱানসকলে সীমান্ত অঞ্চলৰ যুৱক-যুৱতীসকলক প্ৰশিক্ষণ দি স্ব-নিয়োজনক উত্সাহিত কৰি আহিছে
Posted On:
20 DEC 2024 5:02PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে পশ্চিম বংগৰ শিলিগুৰিত ‘সশস্ত্ৰ সীমা বল’ (এছএছবি)ৰ ‘৬১ সংখ্যক প্ৰতিষ্ঠা দিৱস’ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে পেট্ৰাপোলত সংহত পৰীক্ষম চকী(আইচিপি) আগৰতলা আৰু বিজিএফৰ নৱনিৰ্মিত আৱাসিক কমপ্লেক্সও ইলেক্ট্ৰনিক মাধ্যমেৰে উদ্বোধন কৰে। এই উপলক্ষে অনুষ্ঠিত কাৰ্যক্ৰমত সঞ্চালক (আইবি), গৃহ মন্ত্ৰালয়ৰ সীমান্ত ব্যৱস্থাপনা বিভাগৰ সচিব, ‘এছএছবি’-ৰ সঞ্চালক প্ৰধান আৰু আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
এই উপলক্ষে প্ৰদান কৰা ভাষণৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ সীমা সুৰক্ষিত কৰা আৰু পূব অঞ্চলৰ পৰা বাওঁপন্থী উগ্ৰবাদ দূৰ কৰাৰ ক্ষেত্ৰত প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰীয়ে শ্বহীদসকলৰ পৰিয়ালসমূহক সম্বোধি কয় যে তেওঁলোকৰ বীৰ পুত্ৰসকলৰ ত্যাগে দেশক এক নতুন জীৱন, শক্তি আৰু উৎসাহ প্ৰদান কৰি আহিছে আৰু সমগ্ৰ দেশেই তেওঁলোকক লৈ গৌৰৱান্বিত। শ্ৰী শ্বাহে কয় যে ৬১ বছৰত এছএছবিয়ে ৪টা পদ্মশ্ৰী, ১টা কীৰ্তি চক্ৰ, ৬ টা শৌৰ্য চক্ৰ, ২টা ৰাষ্ট্ৰপতিৰ বীৰত্ব পদক, ২৫টা আৰক্ষী বীৰত্ব পদক আৰু ৩৫টা বীৰত্ব পদক লাভ কৰিছে। তেওঁ কয় যে এছএছবি-য়ে লাভ কৰা এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানসমূহেই এছএছবি-ৰ জোৱানসকল যে তেওঁলোকৰ দায়িত্ব পালন কৰিবলৈ কিমান সংকল্পবদ্ধ সেই কথাকে প্ৰতীয়মান কৰে।
শ্ৰী অমিত শ্বাহে কয় যে সশস্ত্ৰ সীমা বল-য়ে ভাৰতৰ সীমান্তৱৰ্তী গাঁওসমূহৰ সংস্কৃতি, ভাষা আৰু সমৃদ্ধ ঐতিহ্যক দেশৰ মূলসুঁতিৰ সৈতে সংযুক্ত কৰাৰ দৰে এক অনন্য কাম কৰি আহিছে। তেওঁ কয় যে এছএছবি-য়ে ইয়াৰ কৰ্তব্যৰ জৰিয়তে "সেৱা, নিৰাপত্তা আৰু ভ্ৰাতৃত্ববোধ"ৰ মূলমন্ত্ৰ বাস্তৱায়িত কৰি আহিছে। তেওঁ কয় যে এছএছবিয়ে নেপাল আৰু ভূটানৰ সৈতে বিশ্বাস, ঐতিহ্য আৰু বন্ধুত্বৰ পৰম্পৰাক আগবঢ়াই নিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে এক সীমান্ত, এক শক্তিৰ নীতি গ্ৰহণ কৰিছিল, যাৰ পিছত এছএছবি-ক নেপাল আৰু ভূটানৰ সৈতে সীমান্তৰ সতৰ্কতা আৰু নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছিল। তেওঁ কয় যে ১৯৬৩ চনত ইয়াৰ প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এছএছবি-য়ে সীমান্তৱৰ্তী গাঁওসমূহত ভাৰতৰ সৈতে দেশপ্ৰেম আৰু আত্মীয়তাৰ এক মহান অনুভূতিৰ সৃষ্টি কৰি আহিছে। শ্ৰী শ্বাহে কয় যে দেশবাসীক তেওঁলোকৰ সুৰক্ষাক লৈ আশ্বস্ত কৰা হৈছে কিয়নো এছএছবি-ৰ জোৱানসকলে নেপাল আৰু ভূটানৰ সৈতে ২৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতীয় সীমান্তত পহৰা দি আছে।
শ্ৰী অমিত শ্বাহে কয় যে বাহিনীটোৰ ৬১ বছৰীয়া গৌৰৱময় ইতিহাসত এছএছবি-য়ে সেৱা, নিৰাপত্তা আৰু ভ্ৰাতৃত্ববোধৰ শ্ল'গান আৰু প্ৰথমে ৰাষ্ট্ৰ ভক্তি আৰু ৰাষ্ট্ৰৰ সেৱাৰ মনোভাৱক মহত্ব প্ৰদান কৰি আহিছে। শ্ৰী শ্বাহে কয় যে এছএছবি-ৰ জোৱানসকলে সীমান্তত নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়, মানৱ সৰবৰাহ, অস্ত্ৰ চোৰাং ব্যৱসায় আৰু দেশ বিৰোধী উপাদানসমূহৰ অনুপ্ৰৱেশ অতি সক্ৰিয়ভাৱে বন্ধ কৰি আহিছে। তেওঁ কয় যে চিআৰপিএফ আৰু স্থানীয় আৰক্ষী বাহিনীৰ সৈতে সমন্বয় স্থাপন কৰি সমগ্ৰ পূব অঞ্চলটো নক্সালমুক্ত কৰি তোলাত এছএছবি-য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰায় চাৰি দশকৰ পিছত বিহাৰ আৰু ঝাৰখণ্ডক নক্সালমুক্ত কৰাৰ ক্ষেত্ৰত এছএছবি-য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় যে শিলিগুৰি কৰিডৰ পূৱ ভাৰতৰ এক অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আৰু ইয়াত এছএছবি-ৰ মোতায়েন সমগ্ৰ দেশৰ বাবেই আশ্বাস আৰু আত্মবিশ্বাসৰ কাৰণ হৈ উঠিছে। তেওঁ কয় যে এছএছবি-ৰ সতৰ্কতাৰ বাবে আমি পূব অঞ্চলত বিশ্বাসৰ পৰিৱেশ গঢ়ি তোলাত সফল হৈছোঁ।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰত আৰু নেপালৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ মৰ্যাদাক সন্মান জনাই এছএছবি-ৰ দ্বাৰা নো মেনছ লেণ্ডত ১১০০ তকৈয়ো অধিক বেদখল আঁতৰোৱাটো হৈছে এক ডাঙৰ সাফল্য। শ্ৰী শ্বাহে কয় যে এছএছবি-য়ে যোৱা ৩ বছৰত সীমান্তৰ ১৫ কিলোমিটাৰ ভিতৰত চৰকাৰী ভূমিত বেদখলৰ বিৰুদ্ধে এক শূণ্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে এছএছবি-য়ে হাজাৰ হাজাৰ একৰ চৰকাৰী ভূমি বেদখলৰ পৰা মুক্ত কৰাত সফল হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে এছএছবি-য়ে চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰাবলৈ, নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ, বন্যপ্ৰাণী, বনজাত সামগ্ৰী আৰু জাল মুদ্ৰাৰ চোৰাং ব্যৱসায় শূন্য সহনশীলতা নীতিৰে বন্ধ কৰিবলৈ নিৰন্তৰ কাম কৰি আছে। তেওঁ কয় যে এছএছবি-য়ে ৪,০০০ তকৈয়ো অধিক চোৰাং ব্যৱসায়ী, ১৬,০০০ কিলোগ্ৰামতকৈয়ো অধিক নিচাজাতীয় সামগ্ৰী, ২০৮টা অস্ত্ৰ আৰু বৃহৎ পৰিমাণৰ গোলা-বাৰুদ জব্দ কৰিছে। তেওঁ কয় যে এছএছবি-য়ে ১৮৩টা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু ২৩১গৰাকী ছোৱালীসহ ৩০১গৰাকী ভুক্তভোগীক উদ্ধাৰ কৰিছে। শ্ৰী শ্বাহে কয় যে এছএছবি-য়ে নিশ্চিতভাৱে মহিলাৰ মৰ্যাদা সুৰক্ষিত কৰাত এক বৃহৎ ভূমিকা পালন কৰি আহিছে।
শ্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদ প্ৰভাৱিত জম্মু-কাশ্মীৰতো এছএছবি-য়ে সম্পূৰ্ণ সতৰ্কতাৰে নিজৰ কৰ্তব্য পালন কৰিছে। তেওঁ কয় যে জম্মু আৰু কাশ্মীৰত এছএছবি মোতায়েনে সকলো সুৰক্ষা বাহিনীক এক ডাঙৰ উৎসাহ প্ৰদান কৰিছে। গৃহমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰত এছএছবি জোৱানসকলে ১৯টাতকৈয়ো অধিক সন্ত্ৰাসবাদীক নিধন কৰে আৰু বিভিন্ন অভিযানত ১৪টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। তেওঁ লগতে কয় যে এছএছবি-য়ে যোৱা ৭ বছৰত ৬০০ তকৈয়ো অধিক মাওবাদীক গ্ৰেপ্তাৰ কৰিছে, এছএছবি-ৰ অভিযানৰ ফলত ১৫ টাতকৈয়ো অধিক মাওবাদী নিহত হয় আৰু ২৮ টা মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে কয় যে এছএছবি-ৰ কৰ্তব্যসমূহ নিৰাপত্তাৰ ক্ষেত্ৰখনতে সীমাবদ্ধ নহয়, বাহিনীটোৱে বিভিন্ন সাহায্য অভিযানত যোগদান কৰিছে আৰু দুৰ্যোগৰ সময়ত সম্পূৰ্ণ তৎপৰতাৰে ভুক্তভোগীসকলক সহায় কৰি আহিছে। তেওঁ কয় যে বানেই হওঁক বা ভূমিস্খলনেই হওঁক, এই জোৱানসকলে তেওঁলোকৰ জীৱনকো তুচ্ছ কৰি ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য অভিযান চলাই আহিছে আৰু দেশৰ জনসাধাৰণৰ কান্ধত কান্ধ মিলাই থিয় দিছে। শ্ৰী শ্বাহে কয় যে এছএছবি-ৰ জোৱানসকলৰ নিস্বাৰ্থ সেৱা আৰু সংকল্পই লাখ লাখ লোকৰ জীৱন ৰক্ষা কৰিছে আৰু ই দেশৰ জনসাধাৰণৰ হৃদয়ত এছএছবি-ৰ প্ৰতি এক সুকীয়া স্থানৰ সৃষ্টি কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আয়ুষ্মান কাৰ্ড, বেৰেক, চিএপিএফ ই-হাউছিং আৰু স্ক'লাৰশ্বিপৰ দৰে আঁচনিৰে চিএপিএফ কৰ্মীসকলৰ জীৱন সহজ কৰি তুলিছে। তেওঁ কয় যে যোৱা ১০ বছৰত মোদী চৰকাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ কল্যাণৰ বাবে ৪১ লাখতকৈয়ো অধিক আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে ১৬০০ কোটি টকা পৰিশোধ কৰা হৈছে। ইয়াৰ লগতে, ১৩,০০০ ঘৰ, ১১৩টা বেৰেক আৰু ই-আৱাস পৰ্টেল সৃষ্টি কৰা হৈছে যাৰ জৰিয়তে হাজাৰ হাজাৰ ঘৰ আৱণ্টন দিয়া হৈছে। তেওঁ কয় যে এতিয়ালৈকে বাহিনীটোৰ ৬ লাখ ৩১ হাজাৰ ৩৪৬ গৰাকী কৰ্মীয়ে চিএপিএফ ই-হাউছিং পৰ্টেলৰ সুবিধা লাভ কৰিছে।
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়াক্ষেত্ৰতো এছএছবি-য়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু দেশৰ হৈ ৭২টা পদক লাভ কৰিছে। তেওঁ কয় যে এছএছবি-ৰ প্ৰশিক্ষিত কৰ্মচাৰীসকলে সীমান্ত অঞ্চলৰ যুৱক-যুৱতীসকলক মৌপালন, কম্পিউটাৰ, ম'বাইল মেৰামতি আৰু গাড়ী চলোৱাৰ দৰে বহুতো ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি স্ব-নিয়োজনৰ বাবে প্ৰস্তুত কৰি আহিছে। ইয়াৰ লগতে, নিচা মুক্তি ভাৰত অভিযান-ৰ অধীনত এছএছবি-য়ে প্ৰায় ৩৬০০০ যুৱক-যুৱতীক ড্ৰাগছ-ৰ আসক্তিৰ বিপদৰ বিষয়ে সজাগ কৰাত এক বৃহৎ অৱদান আগবঢ়াইছে। গৃহমন্ত্ৰীয়ে কয় যে এছএছবি-য়ে চিএপিএফ-ৰ গছপুলি ৰোপণ অভিযান আগবঢ়াই নিছে আৰু আমাৰ চিএপিএফ জোৱানসকলে ২০২৪ চনৰ ১৫ নৱেম্বৰ পৰ্যন্ত ৬ কোটিতকৈয়ো অধিক গছপুলি ৰোপণ কৰি পৃথিৱী মাতৃলৈ সেৱা আগবঢ়াইছে।
*****
RK / VV / RR / PS/KB
(Release ID: 2086685)
Visitor Counter : 13