প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জুনিয়ৰ এছিয়া কাপ,২০২৪ত জয় কৰাৰ বাবে ভাৰতীয় পুৰুষ জুনিয়ৰ হকী দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 DEC 2024 10:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুনিয়ৰ এছিয়া কাপ, ২০২৪ত জয়ৰ বাবে ভাৰতীয় পুৰুষ জুনিয়ৰ হকী দলক অভিনন্দন জ্ঞাপন কৰিছে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আমাৰ হকী চেম্পিয়নসকলক লৈ গৌৰৱান্বিত!

ভাৰতীয় হকীৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত, কিয়নো আমাৰ পুৰুষৰ জুনিয়ৰ দলে জুনিয়ৰ এছিয়া কাপ, ২০২৪ খিতাপ দখল কৰিছে। তেওঁলোকৰ অতুলনীয় দক্ষতা, অটল ধৈৰ্য্য আৰু অবিশ্বাস্য দলীয় কামে এই জয়ক ক্ৰীড়াৰ গৌৰৱৰ বুৰঞ্জীত খোদিত কৰিছে।

যুৱ চেম্পিয়নসকলক অভিনন্দন আৰু তেওঁলোকৰ ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালোঁ।”

******

MJPS/TS/DB


(रिलीज़ आईडी: 2080956) आगंतुक पटल : 95
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , Odia , Tamil , Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Kannada