প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
01 DEC 2024 12:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাগালেণ্ডবাসীক ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে নাগা সংস্কৃতি ইয়াৰ কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ ভাৱনাৰ বাবে জনাজাত।
‘এক্স’ৰ এটা ‘পোষ্ট’ত তেওঁ লিখিছে:
"ৰাজ্যৰ মৰ্যাদা দিৱস’ উপলক্ষে নাগালেণ্ডৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছোঁ। নাগালেণ্ড ইয়াৰ সমৃদ্ধ সংস্কৃতি আৰু ৰাজ্যখনৰ লোকসকলৰ আশ্চৰ্যকৰ প্ৰকৃতিৰ বাবে ব্যাপকভাৱে প্ৰশংসিত। নাগা সংস্কৃতি কৰ্তব্যনিষ্ঠা আৰু সহানুভূতিশীলতাৰ মনোভাৱৰ বাবে জনাজাত। আগন্তুক সময়ত নাগালেণ্ডৰ নিৰন্তৰ প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।"
***
MJPS/SR/KB
(रिलीज़ आईडी: 2079645)
आगंतुक पटल : 68
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam