তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
কাইলৈ গোৱাত বৰ্ণাঢ্য আয়োজনেৰে উদ্বোধন কৰা হব ৫৫ সংখ্যক আইএফএফআই
অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ 'বেটাৰ মেন'ৰ জৰিয়তে মুকলি কৰা হ'ব আইএফএফআই ২০২৪
৫৫ সংখ্যক আইএফএফআই: ভাৰতৰ সাংস্কৃতিক আৰু চলচ্চিত্ৰ ঐতিহ্য উদযাপনৰ এক বৰ্ণিল উদ্বোধনী অনুষ্ঠান
আইএফএফআইৰ উদ্বোধনী অনুষ্ঠানত থাকিব ভাৰতীয় সাংকেতিক ভাষাৰ প্ৰদৰ্শন
ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫৫ সংখ্যক সংস্কৰণ ২০ নৱেম্বৰ, ২০২৪ তাৰিখে সন্ধিয়া ৫:০০ বজাত গোৱাৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত এক অনন্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'বলৈ সাজু হৈ উঠিছে। অষ্ট্ৰেলিয়াৰ চলচ্চিত্ৰ নিৰ্মাতা মাইকেল গ্ৰেচিৰ দ্বাৰা পৰিচালিত উদ্বোধনী চলচ্চিত্ৰ 'বেটাৰ মেন'ৰ ৰেড-কাৰ্পেট প্ৰিমিয়াৰৰ জড়িয়তে দিনৰ ২.০০ বজাত ইনোক্স পাঞ্জিমত উৎসৱৰ শুভাৰম্ভনি কৰা হ'ব।
চলচ্চিত্ৰ প্ৰিমিয়াৰৰ শুভাৰম্ভণি
উদ্বোধনী চলচ্চিত্ৰ প্ৰিমিয়াৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান উপস্থিত থাকিব। অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে অতিথিসকলক ২০০৪ চনৰ পৰাই আইএফএফআই অনুষ্ঠিত হৈ থকা সুন্দৰ উপকূলীয় ৰাজ্য গোৱালৈ আদৰণি জনাব। 'বেটাৰ মেন'ৰ প্ৰযোজনা দলৰ উপস্থিতিয়ে বিশ্বব্যাপী সাংস্কৃতিক আৰু চলচ্চিত্ৰৰ উদযাপনক এক নতুন মাত্ৰা প্ৰদান কৰিব
তাৰকাৰে সমৃদ্ধ উদ্বোধনী অনুষ্ঠান
চলচ্চিত্ৰৰ কিংবদন্তীসকলৰ উপস্থিতিৰ মাজতে অনুষ্ঠিত হবলগীয়া এই বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানে সাংস্কৃতিক প্ৰদৰ্শনৰ এক অবিস্মরণীয় সন্ধিয়া প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিব । যি অনুষ্ঠান চলচ্চিত্ৰপ্ৰেমীসকলৰ হৃদয়ত দীৰ্ঘদিন ধৰি সজীৱ থাকিব।
উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰিব জনপ্ৰিয় চলচ্চিত্ৰ ব্যক্তিত্ব অভিষেক বেনাৰ্জী আৰু ভূমি পেডনেকাৰে । ৫৫ সংখ্যক আইএফএফআইয়ে ২০ ৰ পৰা ২৮ নৱেম্বৰ, ২০২৪ লৈ চলচ্চিত্ৰৰ উৎকৰ্ষতাৰ সপ্তাহজোৰা যাত্ৰাক বহন কৰিব। কাইলৈৰ এই বৰ্ণাড্য সন্ধিয়াটোৱে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ ছবিসমূহক একত্ৰিত কৰিব। অনুষ্ঠানটোত বহু চলচ্চিত্ৰ ব্যক্তিত্বৰ সমাবেশ ঘটিব। যাৰ উপস্থিতিয়ে চলচ্চিত্ৰ মহোৎসৱক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
সুভাষ ঘাই, দীনেশ বিজন, অমৰ কৌশিক, এন এম সুৰেশ, আৰ কে চেলভামণি, ইছাৰী গণেশন, ৰবি কোটাৰাকাৰা আৰু গীতিকাৰ প্ৰসূন যোশীৰ দৰে প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা আৰু ছবিৰ সৃষ্টিকৰ্তাসকলে কাইলৈৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰখ্যাত অভিনেতা নাগাৰ্জুন, নিত্য মেনন, আমলা, বিক্ৰান্ত মেছী, ৰকুল প্ৰীত, মানুষী চিল্লাৰ, বোমান ইৰাণী, ৰাজকুমাৰ ৰাও, অভিষেক বেনাৰ্জী, জয়দীপ আহলাৱত, ৰণদীপ হুডা, ছানা মালহোত্ৰা, জয়ম ৰবি, জেকি ভাগনানী, আৰ. শৰৎ কুমাৰ, মুক্তি বাৰ্ভে, সোনা লী কুলকাৰ্ণী আৰু অন্যান্য গণ্যমান্য ব্যক্তিয়েও কাইলৈৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। চিনেমা জগতৰ এইসকল উজ্জবল তাৰকাৰ সমাৱেশে সমগ্ৰ অনুষ্ঠানটোক জিলিকাই তুলিব বুলি আশা কৰা হৈছে। কাইলৈৰ অনুষ্ঠান হ'ব এই ছবি মহোৎসৱৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিভাক একত্ৰিত কৰাৰ সামৰ্থ্যৰ এক সুন্দৰ প্ৰতিশ্ৰুতি।
তাৰকাৰ তালিকাত শ্ৰী শ্ৰী ৰবি শংকৰো অন্তৰ্ভুক্ত থাকিব, যিয়ে অংশগ্ৰহণকাৰীসকলক বিশেষভাবে অনুপ্ৰাণিত কৰিব।
বিশেষ মনোযোগ: অষ্ট্ৰেলিয়া
এই বছৰৰ আইএফএফআইয়ে অষ্ট্ৰেলিয়াক বিশেষ ভাবে উজলাই তুলিব। অষ্ট্ৰেলিয়াৰ নৃত্য গোট জান্নাৱী ডান্স ক্লানে অনুষ্ঠানত আন্তৰ্জাতিক সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰ কৰি এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান উপস্থাপন কৰিব।
সাংস্কৃতিক প্ৰদৰ্শন
উদ্বোধনী অনুষ্ঠানটোত ভাৰতৰ বিবিধ সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰা প্ৰদৰ্শন কৰা হ'ব। এই অনুষ্ঠানত দৰ্শকে ভাৰতীয় সংস্কৃতিৰ আধ্যাত্মিক সাৰাংশ অনুভৱ কৰিব।
৯০ ৰ দশকৰ এক বিশেষ ৰোমন্থন : ডান্স এক্সপ্লোচন'-এ বলীউডৰ প্ৰতিষ্ঠিত হিট ছবিসমূহক বৈদ্যুতিক প্ৰদৰ্শনেৰে নষ্টালজিয়াক ৰূপত জীৱন্ত কৰি তুলিব, আনহাতে এক কাব্যিক শ্ৰদ্ধাঞ্জলি, "টাইমলেছ ছ'লছ"-এ দৃশ্য, সংগীত আৰু কবিতাৰ জৰিয়তে ৰাজ কাপুৰ, এএনআৰ আৰু মহম্মদ ৰফিৰ দৰে চলচ্চিত্ৰৰ কিংবদন্তীসকললৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰিব।
অনুষ্ঠানটোৱে ভাৰতীয় চলচ্চিত্ৰৰ বিৱৰ্তনৰ বিষয়েও আলোকপাত কৰিব, দৰ্শকসকলক ছবিৰ অবাক যুগৰ পৰা আধুনিক চলচ্চিত্ৰৰ যাত্ৰাৰ মাজলৈ লৈ যাব। এই অনুষ্ঠানৰ গ্ৰেণ্ড ফিনালে: দ্য চিনেমেটিক চিম্ফনিৰ দ্বাৰা সমাপ্ত হ'ব, য'ত ছানী কৌশল আৰু সান্যা মালহোত্ৰাই বিশেষ অনুষ্ঠান প্ৰদৰ্শন কৰিব ।
সুগম উদ্বোধনী অনুষ্ঠান
আই.এফ.এফ.আই.-ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উদ্বোধনী অনুষ্ঠানত লাইভ ভাৰতীয় সাংকেতিক ভাষাৰ ব্যাখ্যা প্ৰদৰ্শন কৰা হ'ব, যাতে শ্ৰৱণশক্তিৰ অসুবিধা থকা সকলকে ধৰি সকলো অংশগ্ৰহণকাৰীয়ে উৎসৱটো সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে।
ভাৰতৰ ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ চলচ্চিত্ৰ কলা আৰু সৃজনশীলতাৰ এক বিশাল উদযাপন হ'ব বুলি আশা কৰা হৈছে। ৫৫ সংখ্যক আইএফএফআইৰ বাবে কাউন্টডাউন আৰম্ভ হোৱাৰ লগে লগে, ভাৰত আৰু বিশ্বজুৰি চলচ্চিত্ৰ উৎসাহীপ্ৰেমীসকলে গোৱাত আইএফএফআই ২০২৪ -ত চলচ্চিত্ৰৰ অতুলনীয় উজ্জ্বলতাৰ এক সপ্তাহজোৰা উদযাপনৰ বাবে অপেক্ষা কৰিছে।
PIB IFFI CAST AND CREW | Rajith/Athira/Sriyanka/Darshana | IFFI 55 - 24/ DM
(Release ID: 2074806)
Visitor Counter : 25