প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ব্ৰিকছ সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

प्रविष्टि तिथि: 22 OCT 2024 7:32AM by PIB Guwahati

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি শ্ৰীভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণ মৰ্মে ষোড়শ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই আজি দুদিনীয়া ভ্ৰমণসূচীৰে কাজানলৈ ৰাওনা হৈছো।

ভাৰতে ব্ৰিকছত ঘনিষ্ঠ সহযোগিতাক গুৰুত্ব দিয়ে যি বিশ্বব্যাপী উন্নয়নমূলক কাৰ্যসূচী, সংস্কাৰমূলক বহুপাক্ষিকতা, জলবায়ু পৰিৱৰ্তন, অৰ্থনৈতিক সহযোগিতা, স্থিতিস্থাপক যোগান শৃংখলা নিৰ্মাণ, সাংস্কৃতিক আৰু জনসধাৰণৰ সৈতে সংযোগ স্থাপন আৰু অন্যান্য বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা বছৰ নতুন সদস্যৰ অন্তৰ্ভুক্তিৰ সৈতে ব্ৰিকছৰ সম্প্ৰসাৰণে বিশ্ব কল্যাণৰ বাবে ইয়াৰ ব্যাপক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছে।

২০২৪ চনৰ জুলাইত মস্কোত অনুষ্ঠিত বাৰ্ষিক সন্মিলনৰ ওপৰত ভিত্তি কৰি মোৰ কাজান ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষ আৰু সুবিধাপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰিব।

ব্ৰিকছৰ আন নেতাসকলক সাক্ষা কৰিবলৈও মই আশাবাদী।

***

MJPS/SR/NB/BB


(रिलीज़ आईडी: 2066961) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam