গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ নেতৃত্বত এক উচ্চ পৰ্যায়ৰ ভাৰতীয় প্ৰতিনিধি দলে ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ‘দুৰ্যোগ বিপদাশংকা প্ৰশমন (এপিএমচিডিআৰআৰ) সম্পৰ্কীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় মন্ত্ৰী সন্মিলন, ২০২৪’ ত অংশগ্ৰহণ কৰে

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘দুৰ্যোগ বিপদাশংকা প্ৰশমন’ (ডিআৰআৰ) ৰণনীতি সম্পৰ্কীয় ১০ দফীয়া কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে ভাৰতে সামগ্ৰিক আৰু সক্ৰিয় পদক্ষেপ ৰূপায়ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

ভাৰতৰ এক উদ্যোগ ‘দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ সম্পৰ্কীয় মিত্ৰজোঁট’ (চিডিআৰআই)-ত এতিয়া ৪৭ খন সদস্য দেশ আছে আৰু ‘দুৰ্যোগ-স্থিতিস্থাপক আন্তঃগাঁথনি’ত বিনিয়োগৰ বাবে কাৰিকৰী আৰু সামৰ্থ্য বৰ্দ্ধনৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰি আছে

Posted On: 16 OCT 2024 12:31PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ নেতৃত্বত এটা উচ্চ পৰ্যায়ৰ ভাৰতীয় প্ৰতিনিধি দলে ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত ‘দুৰ্যোগ বিপদাশংকা প্ৰশমন (এপিএমচিডিআৰআৰ) সম্পৰ্কীয় এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী সন্মিলন, ২০২৪’ত অংশগ্ৰহণ কৰে। এই সন্মিলনখন ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীবংবং মাৰ্কোছে উদ্বোধন কৰে। “ছাৰ্জ টু ২০৩০: এনহাঞ্চিং এম্বিশ্যন ইন এছিয়া পেচিফিক টু একচেলেৰেট ডিজেষ্টাৰ ৰিস্ক ৰিডাকশ্যন" শীৰ্ষক সন্মিলনখনে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মন্ত্ৰী আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি বৰ্ধিত জলবায়ু সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ দুৰ্যোগৰ বিপদাশংকা হ্ৰাস কৰাৰ ৰণনীতি সন্দৰ্ভত আলোচনা কৰে।

মন্ত্ৰীবৰ্গৰ বিবৃতিত গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে স্বীকাৰ কৰে যে দুৰ্যোগবোৰ অনস্বীকাৰ্য্য বাস্তৱ, যাৰ ফলত জীৱন, অৰ্থনীতি আৰু সামগ্ৰিক বিকাশৰ ক্ষতি বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘দুৰ্যোগ বিপদাশংকা প্ৰশমন’ (ডিআৰআৰ) ৰণনীতি সম্পৰ্কীয় ১০ দফীয়া কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে সামগ্ৰিক আৰু সক্ৰিয় পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাত তেওঁ গুৰুত্ব আৰোপ কৰে।

 

মন্ত্ৰীগৰাকীয়ে ‘আগতীয়া সতৰ্কতাসূচক প্ৰণালী’ (ইডব্লিউএছ) আৰু আগতীয়া পদক্ষেপ, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি আৰু ‘ডিআৰআৰ’ৰ বাবে বিত্তীয় ব্যৱস্থাৰ দৰে ‘দুৰ্যোগৰ বিপদাশংকা প্ৰশমন’ (ডিআৰআৰ)ৰ মুখ্য প্ৰাথমিকতাসমূহত গুৰুত্ব আৰোপ কৰে। ৰাজ্যিক মন্ত্ৰীয়ে ‘ইডব্লিউএছ’-ৰ বাবে আধুনিক প্ৰযুক্তি যেনে ‘কমন এলাৰ্টিং প্ৰটোকল’ (চিএপি) আৰু ‘চেল ব্ৰডকাষ্ট ছীষ্টেম’, ‘ভাৰতীয় চুনামি আগতীয়া সতৰ্কতা কেন্দ্ৰ’ (আইটিইডব্লিউচি) স্থাপনতো গুৰুত্ব আৰোপ কৰে, যিয়ে ভাৰত মহাসাগৰৰ ২৫খন দেশক অন্তিম মাইল সংযোগ স্থাপন কৰিব পৰাকৈ চুনামি সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰে।

 

 

শ্ৰী নিত্যানন্দ ৰায়ে দুৰ্যোগ স্থিতিস্থাপকতাক আন্তঃগাঁথনিক বহনক্ষম উন্নয়নৰ আধাৰশিলা হিচাপে উন্নীত কৰাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা নেতৃত্ব সন্দৰ্ভত আলোকপাত কৰে আৰু কয় যে ভাৰতৰ এক ‘উদ্যোগ দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি সম্পৰ্কীয় মিত্ৰজোঁট’ (চিডিআৰআই)ত এতিয়া ৪৭ খন সদস্য দেশ আছে আৰু দুৰ্যোগ-স্থিতিস্থাপক আন্তঃগাঁথনিত বিনিয়োগৰ বাবে কাৰিকৰী আৰু সামৰ্থ্য বৰ্দ্ধনত সহযোগিতা প্ৰদান কৰি আহিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003AJC7.jpg

 

গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে প্ৰতিষ্ঠানগত ব্যৱস্থাৰ জৰিয়তে ‘ডিআৰআৰ’-ৰ বাবে সমৰ্পিত বিত্তীয় ব্যৱস্থা থকা কেইখনমান দেশৰ ভিতৰত ভাৰত হৈছে অন্যতম আৰু ভাৰতৰ পঞ্চদশ বিত্ত আয়োগ-য়ে ২০২১-২২ বৰ্ষৰ পৰা ২০২৫-২৬ বৰ্ষলৈ বিত্তীয় চক্ৰৰ বাবে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনা পুঁজি’ (এনডিআৰএমএফ) আৰু ‘ৰাজ্যিক দুৰ্যোগ বিপদাশংকা ব্যৱস্থাপনা পুঁজি’ (এছডিআৰএমএফ)ৰ বাবে ৩০ বিলিয়ন মাৰ্কিন ডলাৰৰ আৱণ্টন দিছে।

*****

RK/VV/ASH/KB



(Release ID: 2065418) Visitor Counter : 16