গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১৫ অক্টোবৰ, ২০২৪, মঙলবাৰে নতুন দিল্লীত প্ৰশিক্ষণাধীন আইপিএছসকলৰ সৈতে বাৰ্তালাপ কৰিব

প্ৰশিক্ষণাধীন বিষয়াসকলে তেওঁলোকৰ প্ৰশিক্ষণৰ অভিজ্ঞতা কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীৰ সৈতে সহভাগ কৰিব

২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সংকল্প পূৰণত যুৱ আৰক্ষী বিষয়াসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাসম্পৰ্কীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণাধীন বিষয়াসকলে গৃহ মন্ত্ৰীৰ পৰা নিৰ্দেশনাও লাভ কৰিব

Posted On: 14 OCT 2024 4:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে ১৫ অক্টোবৰ, ২০২৪, মঙলবাৰে নতুন দিল্লীত ‘৭৬ আৰআৰ’ (২০২৩ৰ গোট)ৰ ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ প্ৰশিক্ষণাধীন বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰিব। বাৰ্তালাপৰ সময়ত প্ৰশিক্ষণাধীন বিষয়াসকলে তেওঁলোকৰ প্ৰশিক্ষণৰ অভিজ্ঞতা কেন্দ্ৰীয় গৃহ পৰিক্ৰমা  তথা সমবায় মন্ত্ৰীগৰাকীৰ সৈতে সহভাগ কৰিব।

২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সংকল্প পূৰণত যুৱ আৰক্ষী বিষয়াসকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বৈঠকত প্ৰশিক্ষণাধীন বিষয়াসকলে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ গৃহ মন্ত্ৰীৰ পৰা নিৰ্দেশনাও লাভ কৰিব।

‘ভাৰতীয় আৰক্ষী সেৱা ২০২৩’ৰ গোটত ৫৪ গৰাকী মহিলা বিষয়াসহ মুঠ ১৮৮ গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীয়ে ‘বুনিয়াদী পাঠ্যক্ৰম প্ৰশিক্ষণ পৰ্যায়-১’ সম্পূৰ্ণ কৰিছে। দিল্লীত বিভিন্ন ‘কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী’ (চিএপিএফ) আৰু ‘কেন্দ্ৰীয় আৰক্ষী সংগঠন’ (চিপিঅ') ৰ সৈতে দুসপ্তাহৰ প্ৰশিক্ষণৰ পিছত প্ৰশিক্ষাৰ্থী আইপিএছ বিষয়াসকলে তেওঁলোকৰ নিজ নিজ কেডাৰত ২৯ সপ্তাহৰ ‘জিলা ব্যৱহাৰিক প্ৰশিক্ষণ’ লাভ কৰিব।

***

RK/VV/ASH/PS/KB



(Release ID: 2064850) Visitor Counter : 17