তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

লাইট, কেমেৰা, পুৰস্কাৰ!

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিলে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ভাৰতীয় চিনেমাত জীৱনজোৰা সাফল্যৰ বাবে মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, চিনেমা আৰু সামাজিক মাধ্যম হৈছে সমাজ সলনি কৰাৰ আটাইতকৈ শক্তিশালী মাধ্যম

চৰকাৰে অতি শীঘ্ৰেই মুম্বাইত স্থাপন কৰিব দেশৰ প্ৰথমখন ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি

চৰকাৰৰ লক্ষ্য তিনিটা মূল স্তম্ভত- চলচ্চিত্ৰ উদ্যোগৰ উন্নয়ন সাধন কৰা; প্ৰতিভা সন্ধান বিকাশ, চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত আন্তঃগাঁঠনি আৰু প্ৰক্ৰিয়াৰ সৰলীকৰণ : অশ্বিনী বৈষ্ণৱ

Posted On: 08 OCT 2024 9:27PM by PIB Guwahati

"আপুনি শুই গ'লেও আপোনাৰ সপোনবোৰক কেতিয়াও শুবলৈ নিদিব"। দেশৰ ৰাজধানীত বিভিন্ন শিতানত ৭০ সংখ্যক চলচ্চিত্ৰ বঁটা লাভ কৰা যুৱ বঁটাপ্ৰাপকসকলক উদ্দেশ্যি এয়া আছিল কিংবদন্তি অভিনেতা মিথুন চক্ৰৱৰ্তীৰ সোণালী শব্দ। ভাৰতীয় চিনেমাৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা মূৰ্হুতত বিজ্ঞান ভৱনত উপস্থিত থকা সকলোৱে থিয় হৈ সম্ভাষণ জনায়। ভাষণ সম্বোধন কৰি মিথুন দায়ে চলচ্চিত্ৰ উদ্যোগত পোৱা অভিজ্ঞতা আৰু সংগ্ৰামৰ কথা ব্যক্ত কৰে। গাৰ বৰণ গাঢ় হোৱাৰ বাবে সন্মুখীন হোৱা বৈষম্য কথা তেওঁ পুনৰ মনত পেলায়। লগতে তেওঁ প্ৰেক্ষাগৃহত উপস্থিত থকা বঁটাপ্ৰাপক আৰু দৰ্শক সকলক কয় যে তেওঁ সফলতাৰ মন্ত্ৰ হৈছে তেওঁ নৃত্য। উচ্চাকাংক্ষী প্ৰতিভাবান যুৱ শিপ্লীসকললৈ তেওঁৰ বাৰ্তা আছিল সপোন খেদি নিজৰ প্ৰতিভাক চিনাক্ত কৰা।

৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰে কয় সমাজ পৰিবৰ্তন বাবে চিনেমা আৰু সামাজিক মাধ্যম আটাইতকৈ ডাঙৰ মাধ্যম। এই বঁটা প্ৰদান অনুষ্ঠানৰ জৰিয়তে দেশৰ স্বনামধন্য ব্যক্তি আৰু ছবি নিৰ্মাণ প্ৰতিষ্ঠান সমূহৰ সৈতে আগ্ৰহী প্ৰতিভা সকলক এখন মঞ্চ প্ৰদান কৰা বাবে তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ক ধন্যবাদ জনায় দেশৰ ৰাষ্ট্ৰপতি গৰাকীয়ে।

বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপক মনোজ বাজপেয়ী,  বিশাল ভৰদ্বাজ, নীনা গুপ্তা, কৰণ জোহৰ, ঋষভ চেট্টি আদিয়ে অংশগ্ৰহণ কৰে। ভাৰতীয় চিনেমাৰ অন্যান্য সকল ক্ৰমে চৰ্মিলা টেগৰ, প্ৰচোন যোশী ইত্যাদি উপস্থিত থাকে। সপ্তম বাৰৰ বাবে সন্মানীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা  লাভ কৰা সকলৰ ভিতৰত অন্যতম আছিল আৰ ৰহমান আৰু মণি ৰত্নম। যি টোৱে তেওঁলোকৰ উদ্যোগটোত স্থায়ী প্ৰতিভা আৰু প্ৰভাৱক প্ৰকাশ কৰিছে। তেওঁলোকৰ সফলতাই ভাৰতীয় চিনেমাৰ যুৱ প্ৰতিভা আৰু নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত সকলোকে অনুপ্ৰাণিত কৰি আহিছে।

তথ্য আৰু প্ৰচাৰ, ৰেল আৰু ইলেকট্ৰনিকছ আৰু ইনফৰ্মেছন টেকনলজি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, আই এণ্ড বি ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ এল মুৰুগন, আই এণ্ড বি মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় যাজু, জুৰী শ্ৰী ৰাহুল ৰাৱাইল, শ্ৰী নীল মাধৱ পাণ্ডা, গংগাধৰ মুদালিয়াৰো এই অনুষ্ঠানত উপস্থিত থাকে।

শ্ৰী অশ্বিনী বৈষ্ণৱে অনুষ্ঠানত উপস্থিত সকলোকে আদৰণি জনায়। চলচ্চিত্ৰ কলাৰ লগত জৰিয়ত চলচ্চিত্ৰ নিৰ্মাতা, অভিনেতা, কাৰিকৰীক শিল্পী আৰু সকলো অংশীদাৰীত্ব থকা লোকসকলৰ প্ৰতিভাক উদযাপন কৰা এই গাম্ভীৰ্যপূণ অনুষ্ঠানৰ অংশ হৈ গৌৰৱবোধ কৰে। ভাৰতীয় চিনেমা জগতত অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা মিথুন চক্ৰৱৰ্তীলৈ তেওঁ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰবীন অভিনেতা গৰাকীৰ আদৰ্শ কেৰিয়াৰ আৰু ৰাজহুৱা কৰ্মক উদ্দেশ্যি মন্ত্ৰী গৰাকীয়ে কয় "মিথুন দা আপোনাৰ জীৱন আপোনাৰ বাৰ্তা। বাস্তৱ আৰু পৰ্দাত আপুনি আমাৰ সমাজৰ বাবে আদর্শ।" শ্ৰী অশ্বিনী বৈষ্ণৱে ৯ গৰাকী আত্মপ্ৰকাশ কৰা পৰিচালকৰ উল্লেখযোগ্য কৰ্তৃত্বৰ ওপৰত আলোকপাত কৰি তেওঁলোকৰ সাহসী কাহিনীৰ শলাগ লয়। লগতে সৃষ্টিশীল অৰ্থনীতিক আগুৱাই নিয়াত চলচ্চিত্ৰ উদ্যোগতেই হওক বা ষ্টাৰ্ট আপতেই হওক যুৱ উদ্ভাৱকৰ ভূমিকাক উপস্থাপন কৰে।

ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি (আই আই চি টি)

সৃষ্টিশীল উদ্যোগকক অধিক শক্তিশালী কৰিবলৈ শ্ৰী বৈষ্ণৱৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। মুম্বাইত স্থাপন হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি (আই আই চি টি)। বিশ্বৰ আটাইতকৈ সুদক্ষ টেকনিকেল আৰু মেনেজাৰীয়েল প্ৰতিভা( ইয়াৰে একাংশই নেতৃত্বত দিছে বৃহৎ প্ৰতিষ্ঠান যেনে গুগল, মাইক্ৰচফ্ট ইত্যাদি) সৃষ্টিকৰ্তা প্ৰতিষ্ঠান আই আই টি, আই আই মডেল আয়ত্ব কৰি ইণ্ডিয়ান ইনষ্টিটিউট অফ ক্ৰিয়েটিভ টেকনলজি (আই আই চি টি)য়ে সৃষ্টিশীল প্ৰতিভা আৰু জ্ঞান সৃষ্টি কৰিব। বিশ্বৰ সৃষ্টিশীল অৰ্থনীতিত ভাৰত আগস্থানত থকাৰ লক্ষ্যৰে উদ্ভাৱন, সৃষ্টিশীলতা, প্ৰতিভা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিব এই প্ৰতিষ্ঠানক।

চলচ্চিত্ৰ উদ্যোগৰ উন্নয়নৰ বাবে তেওঁ তিনিটা মূল স্তম্ভৰ কথাও উল্লেখ কৰে

১. প্ৰতিভাৰ মাপকাঠি উন্নয়ন: চলচ্চিত্ৰ নিৰ্মাণত প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ শক্তিশালী প্ৰতিভাৰ মাপকাঠিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আই টি আৰু ছেমিকনডাক্টৰ খণ্ডত ভাৰতৰ সফলতাৰ সমান্তৰালকৈ তেওঁ সৃষ্টিশীল প্ৰযুক্তিৰ প্ৰতিভাক উৎসাহ দিয়াৰ ওপৰত আলোকপাত কৰে।য'ত আই আই চি টি য়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২. আন্তঃগাঁঠনিৰ উন্নয়ন: শ্ৰী বৈষ্ণৱে চলচ্চিত্ৰ উদ্যোগৰ বিকাশৰ প্ৰয়োজনীয়তাক সমৰ্থন কৰিবলৈ বিশ্বমানৰ আন্তঃগাঁঠনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰতীয় চিনেমাক বিশ্ব দাৰবাৰলৈ আগুৱাই নিবলৈ তেওঁ উদ্যোগৰ মুৰব্বী সকলক ধাৰণা অথবা পৰামৰ্শ আগবঢ়াবলৈ আমন্ত্ৰণ জনায়।

৩. সৰলীকৰণ প্ৰক্ৰিয়া: চিনেমা নিৰ্মাতা সকলৰ বাবে অনুমতি প্ৰক্ৰিয়া সৰল কৰাৰ বাবে মন্ত্ৰীয়ে আলোচনা কৰে। বৈচিত্ৰপূৰ্ণ লোকেছন যেনে ৰেলৱেছ, অৰণ্য, ঐতিহাসিক স্থান ইত্যাদি প্ৰজেক্টৰ বাবে নিৰ্বাচন কৰা আৰু অনুমতি লাভৰ প্ৰক্ৰিয়া সহজ কৰাৰ বাবে আলোচনা কৰা হয়। এনেধৰণৰ প্ৰচেষ্টাই সৃষ্টিশীলতাক উদগনি যোগাব আৰু বিউৰকেটিক সমস্যা নোহোৱা হব।

শ্ৰী বৈষ্ণৱে ক্লাছিকেল চিনেমা পৰা পোষ্টাৰ আৰু বাতৰি কাকতৰ পৃষ্ঠালৈ সকলো ধৰণৰ ভাৰতীয় চিনেমাৰ ঐতিয্যক সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব আলোকপাত কৰে। তেওঁ কয়, ভৱিষ্যত প্ৰজন্মৰ বাবে এই মূল্যবান সম্পদ সমূহ সংৰক্ষণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই অনুষ্ঠানতে সচিব সঞ্জয় যাজুৱে উল্লেখ কৰে ৩০৯ খন চবিৰ ৩২ খন বিভিন্ন ভাষাৰ ছবিয়ে লাভ কৰে ফিচাৰ ফিল্ম শাখাত, ১২৮ খন ছবিৰ ১৭ খনে লাভ কৰে নন ফিচাৰ শাখাত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ই আমাৰ চহকী সংস্কৃতি আৰু ব্যতিক্ৰমী কাহিনীৰ গুৰুত্বতাক প্ৰকাশ কৰিছে। বিশ্বব্যাপী মাহামাৰীৰ পটভূমিত চলচ্চিত্ৰ উদ্যোগৰ স্থিতিস্থাপকতাক স্বীকৃতি দি তেওঁ ছবি নির্মাতাসকলক তেওঁলোকৰ কাহিনী কোৱা কলাৰ জৰিয়তে দৰ্শকক মোহিত কৰাৰ বাবে প্ৰশংসা কৰে।

থোৰতে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

এইবাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহে চলচ্চিত্ৰ আৰু প্ৰতিভাৰ বৈচিত্ৰপূৰ্ণ শৃংখলত উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ পৰম্পৰা অব্যাহত ৰাখিছে। ২০২২ চনৰ বঁটাত কেইবাজনো ষ্টেণ্ড আউট বিজয়ীয়ে অংশগ্ৰহণ কৰে।

বেষ্ট ফিছাৰ ফিল্ম: "আট্টম (দ্যা প্লে)", এখন মালায়ালম ছবি, পৰিচালক আনন্দ একাৰশী, কলাত্মক উজ্বলতাৰ বাবে এই সন্মানীয় বঁটা লাভ কৰে।

বেষ্ট নন ফিচাৰ ফ্লিম: "আইনা(মিৰ'ৰ)", সিদ্ধান্ত চেৰীণৰ পৰিচালনা

শ্ৰেষ্ঠ অভিনেতা( মুখ্য চৰিত্ৰ): ঋষভ চেট্টি, কান্তাৰাত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে এই সন্মান

শ্ৰেষ্ঠ অভিনেত্ৰী (মুখ্য চৰিত্ৰ): শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান দুগৰাকী অভিনেত্ৰীলৈ আগবঢ়োৱা হয় । থিৰুচিট্ৰামবালম (তামিল) ৰ বাবে নিত্যা মেনান আৰু "কট্ছ এক্সপ্ৰেছ"(গুজৰাটী) ৰ বাবে মানসী পাৰেশ লৈ এইসন্মান।

শ্ৰেষ্ঠ পৰিচালনা: সূৰ্য আৰ বাৰজাত্য। হিন্দী ছবি "উচ্চায়ী" ৰ বাবে এই বঁটা।

আন কিছুমান বঁটা বিজয়ী সকলৰ ভিতৰত আছে এভিজিচি ( এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং এণ্ড কমিক) শাখাৰ শ্ৰেষ্ঠ ছবিৰ "ব্ৰহ্মাস্ত্র- ১ ম খণ্ড: শিৱ", শ্ৰেষ্ঠ জনপ্ৰিয় মনোৰঞ্জন ছবি "কান্তাৰা", আৰু চিনেমাৰ শ্ৰেষ্ঠ কিতাপখনৰ বাবে "কিশোৰ কুমাৰ: দ্য আল্টিমেট বায়োগ্ৰাফী"লৈ আগবঢ়োৱা হয়।

বঁটাৰ সম্পূৰ্ণ তালিকাখন চাবলৈ তলৰ লিংক ক্লিক কৰক:

https://pib.gov.in/PressReleasePage.aspx?PRID=2045960 

*****

 

Dharmendra Tewari/Kshitij Singha/DS

 



(Release ID: 2063732) Visitor Counter : 15