কেবিনেট
azadi ka amrit mahotsav

ৰাজস্থান আৰু পঞ্জাৱৰ সীমান্ত অঞ্চলত পথ নিৰ্মাণত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 09 OCT 2024 4:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে সীমান্ত অঞ্চলসমূহৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব আৰোপ কৰি ৪,৪০৬ কোটি টকাৰ বিনিয়োগেৰে ৰাজস্থান আৰু পঞ্জাৱৰ সীমান্ত অঞ্চলত ২,২৮০ কিলোমিটাৰ পথ নিৰ্মাণত অনুমোদন জনাইছে।

দেশৰ অন্যান্য অংশৰ লগতে একে ধৰণেৰে সীমান্ত অঞ্চলবোৰতো একেধৰণৰ সা-সুবিধা প্ৰদান কৰাৰ মানসিকতাৰ ফল হৈছে এই প্ৰকল্পটো।

এই সিদ্ধান্তই পথ আৰু টেলিকম সংযোগ আৰু পানী যোগান, স্বাস্থ্য আৰু শিক্ষাৰ সুবিধাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। ই গ্ৰাম্য জীৱিকা বৃদ্ধি কৰিব, ভ্ৰমণ সূচল কৰিব আৰু বাকী ঘাইপথ নেটৱৰ্কৰ সৈতে এই অঞ্চলবোৰৰ সংযোগ নিশ্চিত কৰিব। 

 

MJPS/SS/SKS/HS/ID
 


(रिलीज़ आईडी: 2063726) आगंतुक पटल : 110
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam