কেবিনেট
azadi ka amrit mahotsav g20-india-2023

লেটাৰ অৱ ইনটেণ্টত স্বাক্ষৰৰ যোগেদি আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা কেন্দ্ৰত ভাৰতৰ সদস্যপদলৈ অনুমোদন কেবিনেটৰ

এই সিদ্ধান্তই ভাৰতক কৌশলগত শক্তিৰ পদ্ধতি আৰু উদ্ভাৱনীমূলক সমাধানৰ অংশীদাৰ ১৬খন ৰাষ্ট্ৰৰ এক এক্সক্লুছিভ গ্ৰুপত চামিল কৰিব

Posted On: 03 OCT 2024 8:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে ভাৰতক ‘শক্তি দক্ষতা হাব’ত যোগদান কৰিবলৈ অনুমতি দি ‘লেটাৰ অৱ ইনটেণ্ট’ত স্বাক্ষৰ কৰাত অনুমোদন জনাইছে।

ভাৰত বিশ্বজুৰি সহযোগিতা বৃদ্ধি আৰু শক্তিৰ দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে বিশ্বব্যাপী মঞ্চ আন্তঃৰাষ্ট্ৰীয় শক্তি দক্ষতা হাব (হাব)ৰ সদস্য হ’ব। এই পদক্ষেপে ভাৰতৰ বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰে আৰু সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস কৰাৰ প্ৰচেষ্টাক সমৰ্থন কৰে।

২০২০ চনত শক্তি দক্ষতা সহযোগিতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব (আইপিইইচি)ৰ উত্তৰাধিকাৰী হিচাপে প্ৰতিষ্ঠা হোৱা এই হাবে (য'ত ভাৰত সদস্য আছিল) চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, আৰু ব্যক্তিগত খণ্ডৰ সত্তাসমূহক একত্ৰিত কৰে। ইয়াৰ উদ্দেশ্য হৈছে জ্ঞান, উত্তম পদ্ধতি, আৰু উদ্ভাৱনীমূলক সমাধানৰ আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰা। ২০২৪ চনৰ জুলাই মাহলৈকে ষোল্লখন দেশ ক্ৰমে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ডেনমাৰ্ক, ইউৰোপীয় আয়োগ, ফ্ৰান্স, জাৰ্মানী, জাপান, কোৰিয়া, লাক্সেমবাৰ্গ, ৰাছিয়া, চৌদি আৰব, আমেৰিকা যুক্তৰাষ্ট্ৰই হাবত যোগদান কৰিছে।

হাবৰ সদস্য হিচাপে ভাৰতে অন্যান্য সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰ সুযোগ লাভ কৰিব, যাৰ ফলত ভাৰতে নিজৰ বিশেষজ্ঞতা ভাগ-বতৰা কৰিব পাৰিব আৰু আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিৰ পৰা শিকিব পাৰিব। শক্তি-দক্ষ প্ৰযুক্তি আৰু পদ্ধতিক প্ৰসাৰিত কৰি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী প্ৰচেষ্টাতো দেশখনে ভূমিকা গ্ৰহণ কৰিব।

ভাৰতৰ বিধিগত সংস্থা ‘ব্যুৰো অৱ এনাৰ্জি এফিচিয়েন্সি’ (বিইই)ক হাবৰ ৰূপায়ণ সংস্থা হিচাপে নিযুক্তি দিয়া হৈছে। হাবৰ কাৰ্য্যকলাপত ভাৰতৰ অংশগ্ৰহণৰ সুবিধা প্ৰদান আৰু দেশৰ অৱদান যাতে ইয়াৰ ৰাষ্ট্ৰীয় শক্তি দক্ষতা লক্ষ্যৰ সৈতে মিল খায় তাৰ বাবে বিইইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

হাবত যোগদান কৰি ভাৰতে অধিক বহনক্ষম ভৱিষ্যতৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। বিশ্বব্যাপী মঞ্চত এই অংশগ্ৰহণে কম কাৰ্বনযুক্ত অৰ্থনীতিলৈ পৰিৱৰ্তন ত্বৰান্বিত কৰাত সহায় কৰিব আৰু শক্তিৰ সুৰক্ষা বৃদ্ধি কৰিব।

 *****

MJPS/BM



(Release ID: 2061771) Visitor Counter : 8