শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কাৰণ্ডলাজেয়ে কাইলৈ গুৱাহাটীত অনুষ্ঠিতব্য পূৰ্বোত্তৰৰ ৰাজ্যসমূহক সামৰি ষষ্ঠ আঞ্চলিক বৈঠকত অধ্যক্ষতা কৰিব

শ্ৰম সংস্কাৰ, নিয়োগ সৃষ্টি আৰু সকলোৰে বাবে সামাজিক সুৰক্ষা সম্পৰ্কে আলোচনা কৰা হ’ব

Posted On: 03 OCT 2024 1:29PM by PIB Guwahati

কাইলৈ অৰ্থাৎ ০৪-১০-২০২৪ (শুকুৰবাৰ) গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ যথাঃ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু ছিকিমক সামৰি এখনি আঞ্চলিক বৈঠক অনুষ্ঠিত হ'ব। ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে এই আঞ্চলিক বৈঠকৰ আয়োজনেৰে ইয়াত শ্ৰম সংস্কাৰ, ই-শ্ৰম-অসংগঠিত শ্ৰমিকৰ ৰাষ্ট্ৰীয় তথ্যকোষ (NDUW), বিল্ডিং আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক (BoCW), কৰ্মচাৰীৰ ৰাজ্যিক বীমা নিগম (ESIC) আৰু নিয়োগ সৃষ্টিৰ পদক্ষেপ সন্দৰ্ভত ঐক্যমত গঠনৰ অৰ্থে আলোচনা কৰা হ’ব।

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সুশ্ৰী শোভা কাৰণ্ডলাজেয়ে অধ্যক্ষতা কৰিবলগীয়া এই বৈঠকত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী সুমিতা ডাৱৰা আৰু ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

গুৱাহাটীত অনুষ্ঠিতব্য এই বৈঠক হ’ব ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে অনুষ্ঠিত কৰি থকা ছয় আঞ্চলিক আলোচনা শৃংখলাৰ চূড়ান্ত বৈঠক। ৩০-০৮-২০২৪ত বেংগালুৰুত দক্ষিণৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ যথাঃ কৰ্ণাটক, তামিলনাডু, তেলেংগানা, কেৰালা, পুডুচেৰী আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৈতে প্ৰথমখন আঞ্চলিক বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ পিছতে ০৬-০৯-২০২৪ত চণ্ডীগড়ত উত্তৰৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ পঞ্জাৱ, চণ্ডীগড়, হিমাচল প্ৰদেশ, লাডাখ আৰু ৰাজস্থানৰ সৈতে দ্বিতীয়খন আঞ্চলিক বৈঠক অনুষ্ঠিত হয়। একেদৰে, গত ১৫-০৯-২০২৪ত গুজৰাটৰ ৰাজকোটত পশ্চিমৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ মহাৰাষ্ট্ৰ, গোৱা, গুজৰাট, দমন আৰু ডিউ তথা দাদৰা আৰু নগৰ হাভেলী আৰু লক্ষদ্বীপৰ সৈতে তৃতীয় আঞ্চলিক বৈঠক অনুষ্ঠিত হয়। ঠিক সেইদৰে, ২০-০৯-২০২৪ত ভূৱনেশ্বৰত পূবৰ ৰাজ্য যথাঃ ওড়িশা, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশৰ সৈতে চতুৰ্থ আঞ্চলিক বৈঠক অনুষ্ঠিত হয়। ৩০-০৯-২০২৪ত লক্ষ্ণৌত কেন্দ্ৰীয় ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল যথাঃ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড আৰু দিল্লীৰ সৈতে ৫ম আঞ্চলিক বৈঠক অনুষ্ঠিত হৈছিল।

ইয়াত শ্ৰম সংহিতাৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় চৰকাৰে যুগুত কৰা খচৰা বিধিৰ সমন্বয়, নিয়োগৰ তথ্য সংগ্ৰহ আৰু বিনিময়ৰে সম্পৰ্কীয় বিষয়সমূহ, কেন্দ্ৰীয় বাজেট ২০২৪-২৫ত ঘোষণা কৰা নিয়োগ সংযুক্ত প্ৰৰোচনা (ELI) আঁচনি সন্দৰ্ভত ইনপুটসমূহকে প্ৰমুখ্য কৰি শ্ৰম আৰু নিয়োগৰ মূল বিষয়সমূহত আলোচনা কৰা হ’ব। তদুপৰি, প্ৰব্ৰজিত শ্ৰমিকসকলকে প্ৰমুখ্য কৰি অসংগঠিত শ্ৰমিকসকলে সামাজিক সুৰক্ষাৰ সুবিধাসমূহ সহজে লাভৰ বাবে ‘ওৱান-ষ্টপ চলুচন’ হিচাপে ই-শ্ৰম পৰ্টেল আৰম্ভ কৰা, ভিন্ন কেন্দ্ৰীয় কল্যাণমূলক আঁচনিৰ ক’ভাৰেজ বিল্ডিং আৰু আন নিৰ্মাণ (BoC) শ্ৰমিকসকললৈ সম্প্ৰসাৰণ, নিয়োগ বিনিময়ৰ অগ্ৰগতি সাধন আদি বিষয়তো চিন্তা-চৰ্চা কৰিব।

*****

Himanshu Pathak/SB
 


(Release ID: 2061532) Visitor Counter : 43