প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শ্ৰী মিথুন চক্ৰৱৰ্তীক দাদাচাহেব ফাল্কে বঁটা লাভৰ বাবে অভিনন্দন জনায়

प्रविष्टि तिथि: 30 SEP 2024 11:39AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই শ্ৰী মিথুন চক্ৰৱৰ্তীক সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদানৰ বাবে অভিনেতাজনক অভিনন্দন জ্ঞাপন কৰে। অভিনেতাগৰাকীক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ এগৰাকী সাংস্কৃতিক আইকন, তেওঁৰ বহুমুখী অভিনয়ৰ বাবে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত তেওঁ প্ৰশংসিত হৈ আহিছে।


কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এক্সৰ এটি বাৰ্তালৈ সঁহাৰি জনাই তেখেতে লিখিছেঃ

 

“ভাৰতীয় চলচ্চিত্ৰলৈ আগবঢ়োৱা অতুলনীয় অৱদানক স্বীকৃতি জনাই শ্ৰী মিথুন চক্ৰৱৰ্তী ডাঙৰীয়াক সন্মানীয় দাদাচাহেব ফাল্কে বঁটা প্ৰদানত আনন্দিত হৈছোঁ। তেওঁ এগৰাকী সাংস্কৃতিক আইকন, বহুমুখী অভিনয়ৰ বাবে তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰশংসিত হৈ আহিছে। তেওঁলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

*****

MJPS/SR/SB
 


(रिलीज़ आईडी: 2060236) आगंतुक पटल : 65
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam