প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফেক্ট শ্বীটঃ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৰ্কট ৰোগৰ বোজা হ্ৰাসৰ অৰ্থে কোৱাড দেশসমূহে কেন্সাৰ মুনশ্বট পদক্ষেপৰ শুভাৰম্ভ কৰে
Posted On:
22 SEP 2024 8:55AM by PIB Guwahati
আজি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, ভাৰত আৰু জাপানে কৰ্কট ৰোগৰপৰা পৰিত্ৰাণত সহায়ৰ বাবে এটি গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ শুভাৰম্ভ কৰিছে। আমাৰ জ্ঞাত যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চাৰ্ভাইকেল কেন্সাৰৰপৰা আৰম্ভ কৰি কৰ্কট এক মুখ্যতঃ প্ৰতিৰোধযোগ্য ৰোগ, যি অঞ্চলটোৰ এক বৃহৎ স্বাস্থ্য সংকট হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপে আন-আন প্ৰকাৰৰ কৰ্কট ৰোগৰে মোকাবিলাকৰণৰ ক্ষেত্ৰত এটি ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰিছে। এই পদক্ষেপটো কোৱাড লিডাৰ্ছ সন্মিলনত কৰা ঘোষণাৰ এক বিস্তৃত সংহতিৰ অংশ।
কোৱাড কেন্সাৰ মুনশ্বটে স্বাস্থ্য আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন, গৱেষণা সহযোগিতাৰ সম্প্ৰসাৰণ, তথ্য ব্যৱস্থা নিৰ্মাণ আৰু কেন্সাৰ প্ৰতিৰোধ, ধৰা পেলোৱা, চিকিৎসা আৰু যত্নৰ ক্ষেত্ৰত অধিক সমৰ্থন প্ৰদানেৰে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামগ্ৰিক কৰ্কট যত্নৰ বাতাবৰণক সুদৃঢ় কৰিব।
চাৰ্ভাইকেল কেন্সাৰ টিকাকৰণৰ জৰিয়তে প্ৰতিৰোধ কৰিব পৰা যায় আৰু সাধাৰণতে আগতীয়াকৈ ধৰা পৰিলে চিকিৎসা কৰিব পৰা যায় যদিও ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মহিলাসকলৰ কৰ্কট ৰোগত মৃত্যুৰ ই তৃতীয় প্ৰধান কাৰণ হৈয়েই আছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি ১০ গৰাকী মহিলাৰ ভিতৰত এগৰাকীৰো কম মহিলাই তেওঁলোকৰ হিউমেন পেপিলোমা ভাইৰাছ (HPV) টিকাকৰণ শৃংখলা সম্পূৰ্ণ কৰিছে আৰু ১০%ৰো কম মহিলাৰ শেহতীয়াকৈ পৰীক্ষা কৰা হৈছে। অঞ্চলটোৰ বহু দেশেই স্বাস্থ্যসেৱাৰ সুবিধা, সীমিত সম্পদ আৰু টিকাকৰণৰ হাৰৰ বৈষম্যৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই পদক্ষেপৰ জৰিয়তে কোৱাড দেশসমূহে এইচপিভি টিকাকৰণক প্ৰোৎসাহিতকৰণ, পৰীক্ষাৰ সুবিধা বৃদ্ধি আৰু অভাৱগ্ৰস্ত অঞ্চলত চিকিৎসাৰ বিকল্প আৰু যত্ন সম্প্ৰসাৰণেৰে এই ব্যৱধানসমূহ দূৰ কৰিবলৈ কাম কৰিব।
আমাৰ বৈজ্ঞানিক বিশেষজ্ঞসকলে মূল্যায়ন কৰিছে যে কোৱাড কেন্সাৰ মুনশ্বটে অনাগত দশকবোৰত লাখ-লাখ লোকৰ জীৱন ৰক্ষা কৰিব। এই পদক্ষেপৰাজি কৰ্কট ৰোগৰ অন্ত পেলাবলৈ বাইডেন-হেৰিছ প্ৰশাসনৰ অটল অংগীকাৰৰ ফলশ্ৰুতি। দুবছৰৰো অধিক পূৰ্বে ৰাষ্ট্ৰপতি জো বাইডেন আৰু ফাৰ্ষ্ট লেডী জিল বাইডেনে ২০৪৭ৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্কট ৰোগত মৃত্যুৰ হাৰ কমেও আধা হ্ৰাসৰ লক্ষ্যৰে কেন্সাৰ মুনশ্বট পুনৰ আৰম্ভ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল ৪ নিযুতৰো অধিক লোকক কৰ্কট ৰোগত মৃত্যু হোৱাৰপৰা ৰক্ষা কৰা আৰু কেন্সাৰে স্পৰ্শ কৰা লোকক আৰোগ্য কৰা।
কৰ্কট ৰোগ হৈছে এক বৈশ্বিক প্ৰত্যাহ্বান যাৰ বাবে এখন ৰাষ্ট্ৰৰ প্ৰচেষ্টাৰ বিপৰীতে সামূহিক কাৰ্য্য আৰু সহযোগিতাৰ প্ৰয়োজন। একেলগে কাম কৰি কোৱাডে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ ওপৰত কেন্সাৰৰ প্ৰভাৱ প্ৰতিৰোধ, ধৰা পেলোৱা, চিকিৎসা আৰু উপশমৰ বাবে উদ্ভাৱনী কৌশল ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। কোৱাড অংশীদাৰসকলে নিজ-নিজ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৰ্কট ৰোগৰ ক্ষেত্ৰত গৱেষণা আৰু উন্নয়নৰ অৰ্থে সহযোগিতা আগবঢ়াবলৈ আৰু অঞ্চলটোত চাৰ্ভাইকেল কেন্সাৰৰ বোজা হ্ৰাসৰ সমৰ্থনত ব্যক্তিগত খণ্ড আৰু বেচৰকাৰী খণ্ডৰ কাৰ্য্যকলাপ বৃদ্ধিৰ লক্ষ্যও ৰাখিছে। আজি কোৱাড দেশসমূহে আমাৰ চৰকাৰ আৰু বেচৰকাৰী অৱদানকাৰীসকলৰপৰা তলত দিয়া অভিলাষী প্ৰতিশ্ৰুতিসমূহ ঘোষণা কৰি আনন্দিত হৈছেঃ
কোৱাড দেশসমূহ
কোৱাড দেশসমূহে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এইচপিভি ভেকচিনকে প্ৰমুখ্য কৰি গাভিৰ প্ৰতি নিজৰ দৃঢ় প্ৰতিশ্ৰুতি অক্ষুণ্ণ ৰাখিবলৈ মনস্থ কৰিছে, আমেৰিকা যুক্তৰাষ্ট্ৰই পাঁচ বছৰৰ ভিতৰত কমেও ১.৫৮ বিলিয়ন ডলাৰৰ আগতীয়া অংগীকাৰ কৰিছে।
ইয়াৰ উপৰিও কোৱাড দেশসমূহে ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহৰে মিলিত হৈ এইচপিভি ডায়েগনষ্টিকছৰ বাল্ক ক্ৰয়ৰ কাম কৰি চাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিঙৰ ব্যয় হ্ৰাস কৰিব আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে কাম কৰি মেডিকেল ইমেজিং আৰু ৰেডিঅ’থেৰাপীৰ সুবিধা আৰু মান উন্নত কৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰতিৰক্ষা বিভাগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ জৰিয়তে ২০২৫ৰ পৰা আৰম্ভ কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অংশীদাৰৰ সৈতে এইচপিভি ভেকচিন বিশেষজ্ঞৰ বিনিময়ত সহায়ৰ মনস্থ কৰিছে। ইয়াৰ জৰিয়তে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এইচপিভি টিকাকৰণৰ দৰে প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাত গুৰুত্ব আৰোপ কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে কৰ্কট ৰোগৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতাক সুদৃঢ় কৰা আৰু অঞ্চলটোৰ স্বাস্থ্য সুৰক্ষাৰ বৰ্ধন ঘটোৱা।
খাদ্য আৰু ঔষধ প্ৰশাসনৰ (FDA) অংক’লজী চেন্টাৰ অৱ এক্সেলেন্সে এফডিএৰ ‘প্ৰজেক্ট আশা’ৰ অধীনত অংশীদাৰসকলৰ সৈতে সহযোগিতা স্থাপনৰ বাবে অহা বাৰ মাহৰ ভিতৰত ভাৰতলৈ কাৰিকৰী ভ্ৰমণৰ ব্যৱস্থাৰ মনস্থ কৰিছে। এফডিএ ইণ্ডিয়া অফিচ, আগশাৰীৰ অংক’লজিষ্ট, ৰোগীৰ পোষকতা গোট, ক্লিনিকেল ট্ৰায়েলৰ পৃষ্ঠপোষক আৰু চৰকাৰী অংশীদাৰসকলৰ সৈতে একেলগে কাম কৰি এই নতুন অংশীদাৰিত্বই আন্তঃৰাষ্ট্ৰীয় মানক প্ৰোৎসাহন, ক্লিনিকেল ট্ৰায়েলৰ ডিজাইন, পৰিচালনা আৰু পৰিচালনাৰ ওপৰত শিক্ষাকে প্ৰমুখ্য কৰি সামৰ্থ্য বিকাশৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ জৰিয়তে অনুমোদন প্ৰক্ৰিয়াসমূহ সুশৃংখলিতকৰণত সহায়, নিয়ন্ত্ৰণ বিশেষজ্ঞতাৰ আদান-প্ৰদান আৰু কেন্সাৰ ক্লিনিকেল ট্ৰায়েলৰ প্ৰৱেশৰ বৰ্ধন ঘটিব।
আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰীয় কেন্সাৰ ইনষ্টিটিউটে (NCI) ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বৈশ্বিক কৰ্কট গৱেষণা আৰু বৈশ্বিক কৰ্কট গৱেষণা প্ৰশিক্ষণৰ অগ্ৰণী পুঁজিদাতা হিচাপে নিজৰ সমৰ্থন বৃদ্ধিৰ মনস্থ কৰিছে। এই পৰ্টফলিঅ’ত বৰ্তমান দক্ষিণ এছিয়া, পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অনুসন্ধানকাৰী আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত প্ৰায় ৪০০ টা সক্ৰিয় প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে, য’ত বিশেষভাৱে চাৰ্ভাইকেল কেন্সাৰ টিকাকৰণ, পৰীক্ষা আৰু চিকিৎসাৰ হস্তক্ষেপ তথা মহিলা আৰু কন্যাৰ প্ৰয়োজনীয়তা পূৰণ কৰিবপৰা কৌশল পৰীক্ষাত মনোনিৱেশ কৰা বৃহৎ বিনিয়োগসমূহক অন্তৰ্ভুক্ত কৰা হৈছে। এনচিআয়ে আন্তঃৰাষ্ট্ৰীয় কৰ্কট নিয়ন্ত্ৰণ অংশীদাৰিত্ব, আন্তঃৰাষ্ট্ৰীয় কেন্সাৰ গৱেষণা সংস্থা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সহযোগী কেন্দ্ৰৰ জৰিয়তে দেশসমূহক প্ৰদান কৰা বৈজ্ঞানিক সহায়ৰ জৰিয়তে বৈশ্বিক কৰ্কট নিয়ন্ত্ৰণ প্ৰচেষ্টাৰ বাবেও অধিক ব্যাপকভাৱে সমৰ্থন সম্প্ৰসাৰণ কৰিব।
এনচিআয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহৰ সৈতে অব্যাহত সহযোগিতা সম্প্ৰসাৰণেৰে স্বাস্থ্য পেছাদাৰী আৰু কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ বাবে প্ৰমাণভিত্তিক কৰ্কট ৰোগৰ তথ্য এই বিশ্বজুৰি উপলব্ধ কৰিব। এনচিআয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ স্বাস্থ্য পেছাদাৰী আৰু ৰোগীসকলক ইয়াৰ বিশেষজ্ঞ-কিউৰেটেড, বিস্তৃত আৰু কৰ্তৃত্বশীল কৰ্কট ৰোগৰ তথ্য প্ৰদানেৰে কোৱাড কেন্সাৰ মুনশ্বট ইনিচিয়েটিভৰ জনশিক্ষাৰ প্ৰয়োজনীয়তাক সমৰ্থনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত কৰ্কট ৰোগৰ বিষয় যেনেঃ প্ৰাপ্তবয়স্ক আৰু শিশুৰ কৰ্কট ৰোগৰ চিকিৎসা, পৰীক্ষা, প্ৰতিৰোধ, জেনেটিক্স, সহায়ক আৰু প্ৰশমনমূলক যত্ন আৰু সংহত, বিকল্প আৰু পৰিপূৰক চিকিৎসাৰ তথ্যৰ বিস্তৃত সংগ্ৰহ অন্তৰ্ভুক্ত কৰা হ’ব। ইয়াত পৰীক্ষা, প্ৰতিৰোধ, নিদানৰ সৈতে জড়িত বিস্তৃত তথ্যও অন্তৰ্ভুক্ত হ’ব।
চেন্টাৰ ফৰ ডিজিজ কন্ট্ৰল এণ্ড প্ৰিভেনচনে (CDC) এইচপিভি টিকাকৰণ কাৰ্য্যসূচীত সহায় কৰিব, ভেকচিন বিতৰণৰ অগ্ৰগতি সাধন কৰিব আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কেন্সাৰ চোৱাচিতা আৰু প্ৰতিৰোধ ব্যৱস্থা সুদৃঢ় কৰিব। ইয়াৰ ভিতৰত ফিলিপাইনছৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে এইচপিভি টিকাকৰণ কাৰ্য্যসূচীৰ মূল্যায়নৰ কাম কৰা, ভৱিষ্যতৰ ভেকচিন বিতৰণৰ বিষয়ে অৱগত কৰিবলৈ আচৰণ আৰু সামাজিক চালকসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। অঞ্চলটোৰ সামগ্ৰিক কৰ্কট যত্নৰ বাতাবৰণক সুদৃঢ় কৰিবলৈ কৰ্কট নিয়ন্ত্ৰণ পৰিকল্পনা বিকাশত সহায়েৰে চিডিচিয়ে বিস্তৃত কৰ্কট নিয়ন্ত্ৰণ প্ৰচেষ্টাতো অৰিহণা যোগাব।
চিডিচিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু মুক্তভাৱে সংযুক্ত ৰাজ্যসমূহত পাইলট চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষণ অধ্যয়নৰদ্বাৰা অৱগত উত্তম পদ্ধতিসমূহ প্ৰদান আৰু প্ৰোৎসাহনৰ লগতে আমেৰিকা প্ৰশান্ত মহাসাগৰীয় দ্বীপ অধিকাৰক্ষেত্ৰসমূহত (PIJ) চিডিচিৰ পুঁজিৰে ৰাষ্ট্ৰীয় কৰ্কট নিয়ন্ত্ৰণ কাৰ্য্যসূচীসমূহক সমৰ্থন অব্যাহত ৰখাৰ লক্ষ্য ৰাখিছে। এই প্ৰচেষ্টাসমূহৰ ভিতৰত চাৰ্ভাইকেল কেন্সাৰ আগতীয়াকৈ ধৰা পেলোৱা ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ বাবে প্ৰমাণভিত্তিক কৌশলসমূহৰ আদান-প্ৰদানো অন্তৰ্ভুক্ত হৈছে। ইয়াৰ উপৰিও, চিডিচিয়ে এনে এটা ৰূপায়ণ গাইড প্ৰচাৰৰ মনস্থ কৰিছে, যিয়ে পিআইজেৰ প্ৰচেষ্টাক তেওঁলোকৰ পৰীক্ষণ ক্ষমতাৰ অগ্ৰগতি সাধনৰ বাবে সহায় কৰিব পাৰে আৰু চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষাক প্ৰোৎসাহিতকৰণৰ অৰ্থে অংশীদাৰিত্বক উৎসাহিত কৰিব পাৰে, য'ত প্ৰাথমিক এইচপিভি পৰীক্ষা আৰু অনুসৰণ পৰীক্ষা চলাবলৈ চিকিৎসা আৰু পৰীক্ষাগাৰৰ ক্ষমতা কেনেকৈ গঢ়ি তুলিব পাৰি, তাৰ নিৰ্দেশনাও অন্তৰ্ভুক্ত তথা কেন্সাৰ প্ৰতিৰোধ আৰু যত্নৰ আন্তঃগাঁথনি বৃদ্ধি কৰিবলৈ পৰীক্ষা নিৰীক্ষণৰ অৰ্থে তথ্য ব্যৱস্থাৰো অগ্ৰগতি সাধন কৰা হ’ব।
আমেৰিকা যুক্তৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমে (DFC) চাৰ্ভাইকেল কেন্সাৰকে প্ৰমুখ্য কৰি কেন্সাৰ প্ৰতিৰোধ, নিদান আৰু চিকিৎসাৰ বাবে যোগ্য ব্যক্তিগত খণ্ডৰদ্বাৰা পৰিচালিত প্ৰকল্পসমূহক সমৰ্থন কৰিব। বিশেষকৈ, ডিএফচিয়ে অভাৱগ্ৰস্ত সমাজসমূহৰ বাবে উদ্ভাৱনীমূলক পদ্ধতি আৰু প্ৰযুক্তিৰ নিয়োগ ত্বৰান্বিত কৰিব।
আমেৰিকা যুক্তৰাষ্ট্ৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থাই (USAID) এইচপিভি টিকাকৰণৰ সুবিধা সম্প্ৰসাৰণৰ বাবে গুৰুত্বপূৰ্ণ আৰ্থিক আৰু কাৰিকৰী সহায় আগবঢ়াবলৈ বিচাৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰে ইউএছএআইডিৰ জৰিয়তে ভেকচিন এলায়েন্স গাভিক কমেও ১.৫৮ বিলিয়ন ডলাৰৰ অভূতপূৰ্ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, যিয়ে কম আৰু মধ্যম আয়ৰ দেশসমূহত এইচপিভি ভেকচিনকে প্ৰমুখ্য কৰি ভেকচিনৰ কভাৰেজ বৃদ্ধিৰ বাবে বৈশ্বিক প্ৰচেষ্টাক সুদৃঢ় কৰিব, লাখ-লাখ লোকক সুৰক্ষা দিয়াত সহায় কৰিব।
ষ্টেট ডিপাৰ্টমেন্টে গ্ল’বেল হেল্থ ছিকিউৰিটি এণ্ড ডিপ্লমেচি (GHSD)-প্ৰেচিডেন্টছ ইমাৰ্জেন্সী প্লেন ফৰ ৰিলিফ (PEPFAR)ৰ জৰিয়তে এইচআইভি ৰোগত আক্ৰান্ত লোকসকলৰ মাজত চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষা আৰু চিকিৎসাৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত উত্তম পদ্ধতিসমূহ আদান-প্ৰদান কৰিব। এই সহযোগিতাই বৰ্তমানৰ এইচআইভি চিকিৎসা কাৰ্য্যসূচীত চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষাৰ একত্ৰীকৰণ কাৰ্য্যৰ বৰ্ধন ঘটাব, যাৰ ফলত জীৱন ৰক্ষাকাৰী হস্তক্ষেপৰ সুবিধা বৃদ্ধি পাব। ইয়াৰ উপৰিও স্ক্ৰীনিং আৰু চিকিৎসাৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ যোগান শৃংখলৰ অগ্ৰগতি সাধনতো গুৰুত্ব আৰোপ কৰা হ’ব।
অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া চৰকাৰ আৰু দানশীল অৱদানৰ জৰিয়তে ইণ্ডো-পেচিফিক ফৰ চাৰ্ভাইকেল কেন্সাৰ (EPICC) কনচৰ্টিয়ামত এলিমিনেচন পাৰ্টনাৰশ্বিপৰ বাবে মুঠ পুঁজিৰ প্ৰতিশ্ৰুতি ২৯.৬ নিযুত অষ্ট্ৰেলিয়ান ডলাৰলৈ সম্প্ৰসাৰিত কৰা হ’ব। ইপিআইচিচি হৈছে এক নতুন কাৰ্য্যসূচী, যি অঞ্চলটোৰ যিকোনো দেশতে এইচপিভি সম্পৰ্কীয় নীতি, পৰিকল্পনা আৰু প্ৰস্তুতিৰ অগ্ৰগতি সাধনেৰে সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চাৰ্ভাইকেল কেন্সাৰ নিৰ্মূলৰ ক্ষেত্ৰত আগুৱাই যাবলৈ দশক-দশক ধৰি অব্যাহত গৱেষণা আৰু চিকিৎসকৰ নেতৃত্ব আধাৰিত। ইপিআইচিচিয়ে টিমৰ-লেষ্টে আৰু ছলমন দ্বীপপুঞ্জত ভৱিষ্যতৰ স্কেল-আপৰ বাবে এইচপিভি কাৰ্য্যসূচী পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰি আছে, মালয়েছিয়া, ফিজি আৰু পাপুয়া নিউগিনিত দেশৰ প্ৰস্তুতি সমৰ্থন কৰিবলৈ উপ-ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্য্যসূচী সম্প্ৰসাৰণ কৰি আছে আৰু টুভালুত ৰাষ্ট্ৰীয় স্থায়ী এইচপিভি নিৰ্মূল কাৰ্য্যসূচী ৰূপায়ণত সহায় কৰিছে। ইপিআইচিচিয়ে চাৰ্ভাইকেল কেন্সাৰ নিৰ্মূলৰ বাবে ছটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ মাজেৰে কাম কৰে।
অষ্ট্ৰেলিয়া চৰকাৰৰ মুঠ ১৬.৫ নিযুত অষ্ট্ৰেলিয়ান ডলাৰ [১১ নিযুত ডলাৰ]ৰ প্ৰতিশ্ৰুতিৰে সম্প্ৰসাৰিত ইপিআইচিচি প্ৰকল্পই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অধিক মহিলালৈ ইয়াৰ প্ৰসাৰতা বৃদ্ধি কৰিব। ইয়াৰ উপৰিও ই অঞ্চলটোৰ চাৰ্ভাইকেল কেন্সাৰ নিৰ্মূলৰ ওপৰত কাম কৰা অংশীদাৰ সংস্থাসমূহক পৰৱৰ্তী গ্ল’বেল ফ’ৰাম অন চাৰ্ভাইকেল কেন্সাৰ এলিমিনেচনত অংশগ্ৰহণ কৰিবলৈ সহায় কৰিব, য’ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব।
তেওঁলোকৰ চেৰিটি মিণ্ডেৰু ফাউণ্ডেচনৰ জৰিয়তে ডাঃ এণ্ড্ৰু ফৰেষ্ট এঅ' আৰু নিকোলা ফৰেষ্ট এঅ'ই ইপিআইচিচিলৈ আৰু ১৩.১ নিযুত অষ্ট্ৰেলিয়ান ডলাৰ [৮.৮১ নিযুত ডলাৰ]ৰ সৈতে জীৱন ৰক্ষাকাৰী অৱদান সম্প্ৰসাৰণ কৰিছে। এই অতিৰিক্ত পুঁজিৰ সহায়ত ইপিআইচিচিক অঞ্চলটোৰ ১১ খন দেশলৈ সম্প্ৰসাৰিত কৰা হ’ব আৰু মিণ্ডেৰুৰ মুঠ প্ৰতিশ্ৰুতি ২১.৭ নিযুত অষ্ট্ৰেলিয়ান ডলাৰলৈ বৃদ্ধি পাব। এই সম্প্ৰসাৰিত কাৰ্য্যসূচীৰ অধীনত অহা ৪ বছৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১৪০,০০০ মহিলাক পৰীক্ষা কৰা হ’ব, লগতে ৰাষ্ট্ৰীয় নিৰ্মূলকৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব আৰু ভৱিষ্যৎ প্ৰজন্মৰ মহিলা আৰু কন্যাৰ বাবে এই কাৰ্য্যসূচী অক্ষুণ্ণ ৰাখিবলৈ চৰকাৰসমূহক সবলীকৰণ কৰা হ’ব।
ভাৰত
ভাৰতে নিজৰ ৰাষ্ট্ৰীয় অ-সংক্ৰামক ৰোগ (NCD) পৰ্টেলৰ জৰিয়তে ডিজিটেল স্বাস্থ্যৰ কাৰিকৰী বিশেষজ্ঞতা আদান-প্ৰদান কৰিব। বিশ্ব স্বাস্থ্য সংস্থাৰ নেতৃত্বত গ্ল’বেল ইনিচিয়েটিভ অন ডিজিটেল হেল্থক সহায়ৰ এক কোটি ডলাৰৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোক কাৰিকৰী সহায় আগবঢ়াব। ইয়াৰ ভিতৰত ইয়াৰ ৰাষ্ট্ৰীয় অসংক্ৰামক ৰোগ পৰ্টেলৰ ব্যৱহাৰৰ বাবে কাৰিকৰী সহায় আগবঢ়োৱাটোও অন্তৰ্ভুক্ত, যিয়ে কেন্সাৰ পৰীক্ষা আৰু যত্নৰ দীৰ্ঘম্যাদী তথ্য অনুসৰণ কৰে।
ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চললৈ ৭.৫ নিযুত ডলাৰ মূল্যৰ এইচপিভি নমুনা সংগ্ৰহৰ কিট, ধৰা পেলোৱা সঁজুলি আৰু চাৰ্ভাইকেল কেন্সাৰ ভেকচিন যোগানৰ অংগীকাৰ কৰিছে ভাৰতে। এই উল্লেখযোগ্য অৱদানৰ লক্ষ্য হৈছে চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ আৰু ধৰা পেলাবলৈ স্থানীয় প্ৰচেষ্টাৰাজিক সুদৃঢ় কৰা আৰু আগতীয়াকৈ ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে সুলভ আহিলাৰে সমাজসমূহক সবলীকৰণ কৰা, একে সময়তে সমগ্ৰ অঞ্চলটোত ৰোগৰ বোজা হ্ৰাসৰ বাবে টিকাকৰণ কাৰ্য্যসূচীক সমৰ্থন কৰা।
ভাৰতে ইয়াৰ নেচনেল প্ৰগেম ফৰ প্ৰিভেনচন এণ্ড কন্ট্ৰল অৱ নন-কমিউনিকেবল ডিজিজৰ জৰিয়তে জনসংখ্যাভিত্তিক স্ক্ৰীনিং বৃদ্ধি কৰিছে। বিশেষকৈ ভাৰতে চাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিঙৰ বাবে ভিজুৱেল ইনস্পেকচন উইথ এচিটিক এচিড (VIA) পদ্ধতি ব্যৱহাৰ কৰে, যিটো সহজ, সাশ্ৰয়ী আৰু কাৰ্য্যক্ষম তথা ইয়াৰ জৰিয়তে স্বাস্থ্যসেৱা কৰ্মীসকলে উন্নত পৰীক্ষাগাৰৰ আন্তঃগাঁথনিৰ প্ৰয়োজন নোহোৱাকৈ চাৰ্ভাইকেল কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণ ধৰা পেলাব পাৰে।
ভাৰতে ইয়াৰ "টাৰ্টিয়েৰী কেয়াৰ কেন্সাৰ কেন্দ্ৰৰ সুদৃঢ়কৰণ" কাৰ্য্যসূচীৰ অধীনত বিশেষ কৰ্কট চিকিৎসা কেন্দ্ৰৰ সুবিধা সম্প্ৰসাৰণ কৰি আছে। ভাৰত চৰকাৰে সমগ্ৰ দেশতে চিকিৎসা ক্ষমতাৰ অগ্ৰগতি সাধনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল উভয়কে সহায় কৰিছে, যাতে দেশৰ সকলো প্ৰান্তৰপৰা অহা লোকসকলে, অভাৱগ্ৰস্ত অঞ্চলসমূহকে প্ৰমুখ্য কৰি উচ্চমানৰ যত্ন লাভ কৰিব পাৰে।
প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY)ৰ জৰিয়তে সুলভ মূল্যৰ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। বিস্তৃত স্বাস্থ্য কভাৰেজ প্ৰচেষ্টাৰ অংশ হিচাপে পিএমজেএৱাইৰ জৰিয়তে ভাৰত নিজৰ নাগৰিকসকলক সুলভ মূল্যৰ কৰ্কট ৰোগৰ চিকিৎসা প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাৰ ফলত অতি আৰ্তজনৰ বাবে আৰ্থিক সুৰক্ষা নিশ্চিত হৈছে।
ভাৰতৰ চাৰ্ভাইকেল কেন্সাৰ নিৰ্মূলৰ প্ৰতিশ্ৰুতিক অধিক সমৰ্থন কৰে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (ICMR)ৰ নেতৃত্বত ৰূপায়ণ গৱেষণাই। এই গৱেষণাৰ মূল উদ্দেশ্য হৈছে চাৰ্ভাইকেল কেন্সাৰ স্ক্ৰীনিং বৃদ্ধি, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসা আৰম্ভ কৰা। অনাগত বছৰসমূহত ভাৰত-প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ সৈতে এই ফলাফল আৰু তথ্যসমূহ আদান-প্ৰদান কৰা হ’ব, যাতে আঞ্চলিক সহযোগিতা সুদৃঢ় হয়।
জাপান
জাপানে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক কম্পিউটেড টম’গ্ৰাফী (CT) আৰু মেগনেটিক ৰিজনেন্স ইমেজিং (MRI) স্কেনাৰকে প্ৰমুখ্য কৰি চিকিৎসা সঁজুলি আৰু প্ৰায় ২৭ নিযুত ডলাৰ মূল্যৰ অন্যান্য সাহায্য প্ৰদান কৰিছে। এই দেশসমূহৰ ভিতৰত কম্বোডিয়া, ভিয়েটনাম আৰু টিমৰ-লেষ্টেৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহলৈ অৰিহণা যোগাইছে।
জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থা আৰু অন্যান্য সংস্থাৰ জৰিয়তে জাপানে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ২০১৯ বিত্তীয় বৰ্ষৰ পৰা ২০২৩ বিত্তীয় বৰ্ষলৈকে প্ৰায় ৭৫ নিযুত ডলাৰৰ প্ৰতিশ্ৰুতি দিছে। চাৰ্ভাইকেল কেন্সাৰকে ধৰি কৰ্কট ৰোগৰ বিৰুদ্ধে এই প্ৰয়াসত প্ৰাসংগিক চিকিৎসা সঁজুলি আৰু সুবিধা প্ৰদান, চিকিৎসা নিদান, স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰা আৰু কাৰিকৰী সহায় আগবঢ়োৱা আদি অন্তৰ্ভুক্ত।
জাপানে গ্ল’বেল হেল্থ ইনিচিয়েটিভ বা গাভি, ইউএনএফপিএ, আইপিপিএফৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ জৰিয়তে চাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণকে ধৰি মহিলাসকলৰ স্বাস্থ্যৰ অগ্ৰগতি সাধনৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। জাপানে এই পদক্ষেপক সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰখাৰ মনস্থ কৰিছে।
সৰ্বজনীন স্বাস্থ্য কভাৰেজ লাভৰ দিশত জাপানে স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰি ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চাৰ্ভাইকেল কেন্সাৰকে ধৰি কৰ্কট ৰোগৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছে। জাপানে নেচনেল কেন্সাৰ চেন্টাৰ জাপানৰ অংশীদাৰিত্বৰ জৰিয়তে অঞ্চলটোত চাৰ্ভাইকেল কেন্সাৰকে ধৰি কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈয়ো সহায় অব্যাহত ৰাখিব।
বেচৰকাৰী সংস্থা
এই পদক্ষেপৰ সফলতাৰ বাবে সকলো কোৱাড দেশৰ ব্যক্তিগত আৰু অলাভজনক খণ্ডৰ সৈতে সহযোগিতা অপৰিহাৰ্য, কিয়নো ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত কৰ্কট ৰোগৰ বিৰুদ্ধে অগ্ৰগতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ সামূহিক উদ্ভাৱন, সম্পদ আৰু প্ৰতিশ্ৰুতি অতি গুৰুত্বপূৰ্ণ হ’ব। কোৱাড দেশসমূহে বেচৰকাৰী অৱদানকাৰীসকলৰ পৰা তলত দিয়া কাৰ্য্যসমূহ ঘোষণা কৰি আনন্দিত হৈছেঃ
কেন্সাৰ পৰীক্ষা আৰু প্ৰতিৰোধৰ সুবিধাৰ অগ্ৰগতি সাধন
বিশ্ব বেংকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চাৰ্ভাইকেল কৰ্কট ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ প্ৰতি দায়বদ্ধতা যথেষ্ট বৃদ্ধি কৰিছে, য’ত অহা তিনি বছৰত বিশ্বজুৰি ৪০০ নিযুত ডলাৰৰ এইচপিভি সম্পৰ্কীয় বিনিয়োগ অন্তৰ্ভুক্ত হৈছে। ২০৩০ৰ ভিতৰত ১.৫ বিলিয়ন লোকক গুণগত, সুলভ স্বাস্থ্য সেৱা প্ৰদানৰ বিস্তৃত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ভিয়েটনাম, লাওছ, কম্বোডিয়া, বাংলাদেশ, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছৰ দৰে দেশত প্ৰকল্পৰ জৰিয়তে বিশ্ব বেংকে এই সেৱাসমূহ প্ৰাথমিক স্বাস্থ্যসেৱা ব্যৱস্থাত একত্ৰিতকৰণেৰে চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষা, এইচপিভি টিকাকৰণ আৰু চিকিৎসাত সহায় কৰিছে। ইয়াৰ ভিতৰত অনগ্ৰসৰ লোকসকলৰ বাবে পৰীক্ষাৰ সুবিধা সম্প্ৰসাৰণ, সেৱা প্ৰদানক সুদৃঢ়কৰণ আৰু নিদান তথা চিকিৎসাৰ অগ্ৰগতি সাধনৰ বাবে অংশীদাৰিত্বৰ উপযোগিতাও অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও বিশ্ব বেংকে যোগান শৃংখলৰ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ বাবে আৰু এইচপিভি ভেকচিনৰ বহনক্ষম উৎপাদন আৰু বিতৰণ নিশ্চিতকৰণৰ বাবে কাম কৰি আছে, সমগ্ৰ অঞ্চলটোত প্ৰৱেশ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই পদ্ধতিৰ জৰিয়তে বিশ্ব বেংকে এনে বহনক্ষম আৰু সমতাপূৰ্ণ স্বাস্থ্য ব্যৱস্থা গঢ়াৰ লক্ষ্য ৰাখিছে, যাতে চাৰ্ভাইকেল কেন্সাৰৰ ক্ৰমবৰ্ধমান বোজাৰে মোকাবিলা কৰিব পাৰে আৰু সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মহিলা আৰু কন্যাৰ দীৰ্ঘম্যাদী স্বাস্থ্যৰ ফলাফলত সহায় কৰিব পাৰে।
কেন্সাৰ কেয়াৰ প্ৰদানৰ অগ্ৰগতি সাধন
প্ৰকল্প ইক’ৱে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ১০ টা নতুন শিক্ষণ নেটৱৰ্কৰ জৰিয়তে চাৰ্ভাইকেল কেন্সাৰ নিৰ্মূলকৰণ কাৰ্য্যক ত্বৰান্বিত কৰিব, যিয়ে ফলপ্ৰসূ আৰু সুলভ প্ৰতিৰোধ আৰু যত্নৰ সুবিধা প্ৰদান কৰে। ৩৩ খন দেশৰ ১৮০ ৰো অধিক জনস্বাস্থ্য সংস্থাই কেন্সাৰ যত্ন প্ৰদানৰ অগ্ৰগতি সাধনৰ বাবে সমাজভিত্তিক স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ বাবে প্ৰমাণভিত্তিক প্ৰশিক্ষণ আৰু মেন্টৰশ্বিপ কাঠামো ইক’ মডেলৰ সহায় লয়। ২০২৮ৰ ভিতৰত প্ৰজেক্ট ইক’ৱে কমেও ১০ নতুন সমাজৰ অনুশীলন আৰম্ভ কৰিব।
কেন্সাৰ গৱেষণা, আন্তঃগাঁথনি আৰু প্ৰশিক্ষণৰ অৰ্থে সামৰ্থ্যৰ বৰ্ধন
মেম’ৰিয়েল স্ল’ন কেটাৰিং কেন্সাৰ চেন্টাৰ আৰু ছিডনীস্থিত অষ্ট্ৰেলিয়াৰ ৰয়েল নৰ্থ শ্ব’ৰ হাস্পতালে ৪০ নিযুত ডলাৰৰ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব আৰম্ভ কৰিছে, যিয়ে চাৰ্ভাইকেল কেন্সাৰ ধৰা পেলোৱা আৰু নিৰ্মূল কৰাকে প্ৰমুখ্য কৰি নিখুঁত অংক’লজী আৰু লিকুইড বাঅ’প্সি প্ৰযুক্তিৰ আন্তঃৰাষ্ট্ৰীয় ক্লিনিকেল ট্ৰায়েল আগবঢ়াই নিব। অষ্ট্ৰেলিয়াৰ দানবীৰ গ্ৰেগৰী জন প’চে আৰু প্ৰয়াত কে ভ্যান নৰ্টন প’চেৰপৰা প্ৰতিটো প্ৰতিষ্ঠানলৈ ২০ নিযুত ডলাৰৰ উদাৰ অনুদানে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বক সহায় কৰিব।
লোক সবলীকৰণৰ বাবে কেন্সাৰ সজাগতা আৰু শিক্ষাৰ বৰ্ধন
চাৰ্ভাইকেল আৰু স্তন কেন্সাৰৰ ডায়েগনষ্টিক আৰু মেডিকেল ইমেজিং সমাধানৰ ক্ষেত্ৰত বৈশ্বিক আগশাৰীৰ প্ৰতিষ্ঠান হ’লজিকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ চৰকাৰী সংস্থা আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ সৈতে মিলি চাৰ্ভাইকেল কেন্সাৰৰ বিষয়ে জ্ঞান আৰু সজাগতা সৃষ্টিৰ কাম কৰি আছে। বৰ্তমান হ’লজিকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত প্ৰদানকাৰীৰ অভাৱ দূৰ কৰিবলৈ জনসংখ্যাভিত্তিক কাৰ্য্যসূচীসমূহৰ বৰ্ধন ঘটাবলৈ চাৰ্ভাইকেল কেন্সাৰ পৰীক্ষাত কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উদ্ভাৱনীমূলক প্ৰযুক্তিৰ সুবিধা সম্প্ৰসাৰণ কৰি আছে। ইয়াৰ উপৰিও হ’লজিকে মহিলাৰ স্বাস্থ্যৰ বিষয়ে এক বিস্তৃত বিশ্বব্যাপী সমীক্ষা গ্ল’বেল উইমেন’ছ হেল্থ ইনডেক্সৰ প্ৰকাশ অব্যাহত ৰখাৰ অংগীকাৰ কৰিছে, যিয়ে বিশ্বৰ মহিলা আৰু কন্যাৰ স্বাস্থ্য আৰু মংগলৰ বিষয়ে বিশ্বই কি জানে তাৰ এক গুৰুত্বপূৰ্ণ ব্যৱধান পূৰণ কৰিব।
এইচপিভি আৰু চাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে গ্ল’বেল ইনিচিয়েটিভে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ অংশীদাৰ আৰু সহযোগীসকলৰ সৈতে এইচপিভি টিকাকৰণ, চাৰ্ভাইকেল স্ক্ৰীনিং আৰু আগতীয়া চিকিৎসা প্ৰকল্পক প্ৰোৎসাহিত কৰিব। এই প্ৰচেষ্টাসমূহৰ ভিতৰত থাকিব বেংককত এছিয়া-পেচিফিক কৰ্মশালাৰ আয়োজনেৰে অঞ্চলটোত জ্ঞান আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান আৰু সমগ্ৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সজাগতামূলক পদক্ষেপসমূহ অধিক বৃদ্ধিৰ বাবে সজাগতা প্ৰচেষ্টাৰাজিক সম্প্ৰসাৰণ কৰা।
******
MJPS/ST/SKS/SB
(Release ID: 2057459)
(Release ID: 2059672)
Visitor Counter : 36
Read this release in:
English
,
Urdu
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam