প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীয়ে পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে

Posted On: 22 SEP 2024 11:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ২২ ছেপ্টেম্বৰত নিউয়ৰ্কত ভৱিষ্যৎ শীৰ্ষ সন্মিলনৰ সময়ত পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মহামহিম মাহমুদ আব্বাছক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে গাজাত চলি থকা মানৱীয় সংকট আৰু অঞ্চলটোৰ অৱনতি ঘটা নিৰাপত্তা পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি পেলেষ্টাইনৰ জনসাধাৰণক মানৱীয় সাহায্য অব্যাহত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতৰ অদম্য সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে। ইজৰাইল-পেলেষ্টাইন বিষয়ত ভাৰতৰ সময়-পৰীক্ষিত নীতিগত স্থিতি পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে যুদ্ধবিৰতি, পণবন্দীসকলক মুক্তি আৰু আলোচনা আৰু কূটনীতিৰ পথলৈ ঘূৰি অহাৰ আহ্বান জনায়। তেওঁ জোৰ দি কয় যে দুয়োখন ৰাষ্ট্ৰৰ সমাধানেহে অঞ্চলটোলৈ স্থায়ী শান্তি আৰু স্থিতিশীলতা আনিব পাৰে। পেলেষ্টাইনক স্বীকৃতি দিয়া প্ৰথম দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলি সোঁৱৰাই তেওঁ পেলেষ্টাইনৰ ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ প্ৰতি ভাৰতৰ অবিৰত সমৰ্থনৰ কথা প্ৰকাশ কৰে।

দুয়োজন নেতাই ৰাষ্ট্ৰসংঘত পেলেষ্টাইনক ভাৰতৰ সমৰ্থন তথা শিক্ষা, স্বাস্থ্য আৰু ক্ষমতা নিৰ্মাণৰ অন্যান্য প্ৰয়াসত পেলেষ্টাইনক বৰ্তমান চলি থকা সহায় আৰু সমৰ্থনসহ ভাৰত-পেলেষ্টাইনৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ বিষয়ে ইতিবাচক আলোচনা কৰে। দুয়োগৰাকী নেতাই ভাৰত-পেলেষ্টাইনৰ দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

**********

MJPS/SR



(Release ID: 2058105) Visitor Counter : 10