প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

ডেলাৱেৰৰ উইলমিংটনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 22 SEP 2024 2:02AM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেলাৱেৰত অনুষ্ঠিত ‘কোৱাড সন্মিলন’ৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোছেফ বাইডেনৰ সৈতে বৈঠকত মিলিত হয়। এক বিশেষ ভঙ্গী প্ৰদৰ্শনৰে ৰাষ্ট্ৰপতি বাইডেনে উইলমিংটনত থকা তেওঁৰ ঘৰত সভাখনৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বক গতি প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি বাইডেনে আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে প্ৰশংসা কৰে। তেওঁ ২০২৩ চনৰ জুন মাহত তেওঁৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ভ্ৰমণ আৰু ২০২৩ চনৰ ছেপ্টেম্বৰত ‘জি-২০ নেতা সন্মিলন’ৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ ভাৰত ভ্ৰমণৰ কথা উষ্মভাৱে স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভ্ৰমণসমূহে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্বক অধিক গতিশীলতা আৰু গভীৰতা প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই আজি অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ, স্বাৰ্থৰ সমন্বয় আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দ্বাৰা সঞ্চালিত এক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্ব উপভোগ কৰিছে, যিয়ে মানৱ প্ৰচেষ্টাৰ সকলো ক্ষেত্ৰকে সামৰি লৈছে।

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থজড়িত ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ইয়াৰ বাহিৰেও গোলকীয় আৰু আঞ্চলিক বিষয়সমূহৰ সন্দৰ্ভত মত বিনিময় কৰে। তেওঁলোকে দুয়োখন দেশৰ মাজত মানৱ প্ৰচেষ্টাৰ সকলো ক্ষেত্ৰৰ বাবে সম্পৰ্কৰ শক্তি আৰু নিৰন্তৰ স্থিতিস্থাপকতা আৰু ইয়াৰ গুৰুত্বত তেওঁলোকৰ আস্থা প্ৰকাশ কৰে।

********

MJPS/ST/SKS/KB



(Release ID: 2057739) Visitor Counter : 16