তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্বচ্ছতা হি সেৱাৰ সমান্তৰালকৈ গছপুলি ৰোপণ অভিযান - 'এক পেড় মা কে নাম' আৰম্ভ কৰিছে

प्रविष्टि तिथि: 18 SEP 2024 9:21AM by PIB Guwahati

২০২৪ বৰ্ষৰ ৫ জুনত, বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'এক পেড় মা কে নাম' অভিযান আৰম্ভ কৰিছিল। ধৰিত্ৰী উন্নত কৰাত অৰিহণা যোগোৱাৰ আহ্বান আৰু প্ৰকৃতিৰ সুৰক্ষা তথা বহনক্ষম জীৱনশৈলী বাছনি কৰাৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আগষ্টৰ দ্বিতীয় সপ্তাহৰ পৰা গছপুলি ৰোপণ অভিযান আৰম্ভ কৰিছে। আজিলৈকে মন্ত্ৰালয়ে সমগ্ৰ দেশৰ নগৰ আৰু গ্ৰাম্য দুয়োটা অঞ্চলতে ইয়াৰ ক্ষেত্ৰ কাৰ্যালয়ৰ সহযোগত প্ৰায় ৭০০০ গছপুলি ৰোপণ কৰিছে। ২০২৪ বৰ্ষৰ  ১৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ স্বচ্ছতা হি সেৱা পষেকীয়া প্ৰচাৰৰ সময়ত, ধৰিত্ৰী মাতৃৰ প্ৰতি আমাৰ মৰম, সন্মান তথা পৃথিৱীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে গছপুলি ৰোপণ অভিযান ত্বৰান্বিত কৰাৰ প্ৰচেষ্টা কৰা হৈছে।

GVpTybWXUAA8IQN.jpg

458775152_937002631805006_1207503787971742071_n.jpg

*****

Kshitij Singha/MK/BB


(रिलीज़ आईडी: 2055893) आगंतुक पटल : 70
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Odia , Tamil , Malayalam