যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক ৰিছেট প্ৰগ্ৰেমৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাইছে ড° মনসুখ মাণ্ডবিয়াই


নিজৰ কৃতিত্বৰে দেশক গৌৰৱান্বিত কৰা আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি আৰু সবলীকৰণৰ দিশত ৰিছেট কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ কেন্দ্ৰীয় মন্ত্ৰী

Posted On: 13 SEP 2024 3:55PM by PIB Guwahati

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড মনসুখ মাণ্ডবিয়াই শেহতীয়াভাৱে আৰম্ভ কৰা “অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদ সৱলীকৰণ প্ৰশিক্ষণ” (ৰিছেট) কাৰ্যসূচীত আবেদন কৰাৰ লগতে দেশৰ ক্ৰীড়া পৰিস্থিতিতন্ত্ৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ক্ৰীড়া ক্ষেত্ৰলৈ অৰিহণা যোগোৱাৰ বাবে সমগ্ৰ দেশৰ অৱসৰপ্ৰাপ্ত ক্ৰীড়াবিদসকলক আহ্বান জনাইছে৷ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ড মাণ্ডবিয়াই এই পদক্ষেপৰ শুভাৰম্ভ কৰিছিল। চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰি ড মাণ্ডবিয়াই কয়, "আমাৰ অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক স্বীকৃতি আৰু সবলীকৰণৰ দিশত ৰিছেট কাৰ্যসূচী এক গুৰুত্বপূৰ্ণ পদক্ষেপ। যিসকলে নিজৰ কৃতিত্বৰে দেশখনক গৌৰৱান্বিত কৰিছে নতুন দক্ষতা বিকাশ, ক্ৰীড়া সম্প্ৰদায়ৰ সৈতে সংযুক্ত হৈ থাকিব আৰু দেশৰ ক্ৰীড়া ঐতিহ্যত অৰিহণা যোগাই যাব।"

 

 

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক তেওঁলোকৰ কেৰিয়াৰ বিকাশত সহায় কৰিব পৰাকৈ প্ৰস্তুত কৰা এই ৰিছেট কাৰ্যসূচীৰ লক্ষ্য হৈছে প্ৰজন্মৰ মাজৰ ব্যৱধান দূৰ কৰা, যাৰ ফলত যুৱ উচ্চাকাংক্ষী ক্ৰীড়া প্ৰতিভাসকলে অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ দক্ষতা আৰু অভিজ্ঞতাৰ পৰা লাভৱান হ’ব পাৰে। ড মাণ্ডবিয়াই অৱসৰপ্ৰাপ্ত খেলুৱৈসকলক সম্পূৰ্ণৰূপে সহায় কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দোঁহাৰে৷ তেওঁ বিশেষভাৱে নিৰ্ধাৰিত পৰ্টেলৰ জৰিয়তে আবেদন কৰি এই কাৰ্যসূচীৰ সুবিধা ল’বলৈ আহ্বান জনায়।

২০-৫০ বছৰ বয়সৰ অৱসৰপ্ৰাপ্ত খেলুৱৈ, যিসকলে আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে, আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত অংশগ্ৰহণ কৰিছে বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক পৰ্যায়ত স্বীকৃতি লাভ কৰিছে তেওঁলোকৰ বাবে লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান (এনএনআইপিই)ৰ সহযোগত ৰিছেট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াত স্ব-গতিশীল অনলাইন শিক্ষণ, খেলপথাৰৰ কায়িক প্ৰশিক্ষণ আৰু ইণ্টাৰ্ণশ্বিপ অন্তৰ্ভুক্ত কৰা হ’ব৷ এই প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত নিয়োগ আৰু উদ্যোগীকৰণৰ সহায়ক নিৰ্দেশনা প্ৰদান কৰা হ’ব।

ৰিছেট কাৰ্যসূচীৰ বাবে https://lnipe.edu.in/resetprogram/ শীৰ্ষক পৰ্টেল মুকলি কৰা হৈছে আৰু সঠিক মূল্যায়নৰ পিছত ইয়াৰ পাঠ্যক্ৰম আৰম্ভ হ’ব।

অৱসৰপ্ৰাপ্ত খেলুৱৈসকলৰ অমূল্য অভিজ্ঞতাক ব্যৱহাৰ কৰি ভৱিষ্যতৰ চেম্পিয়নসকলক সাজু কৰা আৰু ভাৰতৰ ক্ৰীড়াৰ বৃদ্ধিত অৰিহণা যোগোৱাই এই পদক্ষেপৰ লক্ষ্য।

অধিক জানিবলৈ ইয়াত ক্লিক কৰক CLICK HERE.

*****

Himanshu Pathak/DB



(Release ID: 2054629) Visitor Counter : 16