প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ চুৰাটত জল সঞ্চয় জন ভাগিদাৰী পদক্ষেপৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 06 SEP 2024 3:04PM by PIB Guwahati

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সতীৰ্থ চি. আৰ. পাটিল আৰু নিমুবেন, গুজৰাট চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, দেশৰ সকলো জিলাৰ জিলা দণ্ডাধীশ, কালেক্টৰ, আন-আন সন্মানীয় অতিথি আৰু মোৰ প্ৰিয় ভ্ৰাতৃ-ভগ্নীসকল!

আজি গুজৰাটৰপৰা জল শক্তি মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰিছে। তাৰ পূৰ্বে যোৱা কিছুদিনত দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ব্যাপক বৰষুণ হৈছে। দেশৰ এনে কোনো অঞ্চল এই দুৰ্য্যোগৰদ্বাৰা ক্ষতিগ্ৰস্ত হোৱা নাই বুলি ক’ব নোৱাৰি। মই বহু বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিলোঁ, কিন্তু ইমানবোৰ তালুকত একেলগে ইমান প্ৰবল বৰষুণ হোৱা শুনা নাছিলোঁ বা দেখা নাছিলোঁ। অৱশ্যে এইবাৰ গুজৰাটে এক উল্লেখযোগ্য সংকটৰ সন্মুখীন হ’ল। আমাৰ ব্যৱস্থাসমূহ প্ৰকৃতিৰ ক্ৰোধ সহ্য কৰিব পৰাকৈ শক্তিশালী নাছিল। কিন্তু গুজৰাটৰ জনসাধাৰণৰ, আৰু সঁচাকৈয়ে আমাৰ দেশৰ জনসাধাৰণৰ এটা স্বভাৱ আৰু সামৰ্থ্য আছে যে সংকটৰ সময়ত একত্ৰিত হৈ পৰস্পৰে-পৰস্পৰক সহায় কৰিব পাৰে। আজিও দেশৰ বহু ঠাইত প্ৰচণ্ড বৰষুণৰ বাবে সমস্যাৰ সন্মুখীন হৈছে।

বন্ধুসকল,

‘জল সঞ্চয়’ (জল সংৰক্ষণ) কেৱল নীতিয়েই নহয়। এয়া এক প্ৰচেষ্টাও, আনকি ইয়াক এটা গুণ বুলিও ক’ব পাৰি। ইয়াৰে উদাৰতা আৰু দায়িত্ব উভয়েই জড়িত হৈ থাকে। যেতিয়া ভৱিষ্যৎ প্ৰজন্মই আমাৰ মূল্যায়ন কৰিব, তেতিয়া পানীৰ প্ৰতি আমাৰ মনোভাৱ সম্ভৱতঃ তেওঁলোকৰ অন্যতম প্ৰাথমিক পৰিমাপ হ’ব। এয়া কেৱল সম্পদৰ প্ৰশ্ন নহয়; বৰঞ্চ এয়া জীৱনৰেই প্ৰশ্ন; ই মানৱতাৰ ভৱিষ্যতৰ প্ৰশ্ন। গতিকে আমি এটি বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা নটা সংকল্পৰ ভিতৰত জল সংৰক্ষণ প্ৰথম সংকল্প। আজি ‘জন ভাগিদাৰী’ (জন-অংশগ্ৰহণ)ৰ জৰিয়তে এই দিশত আন এক অৰ্থপূৰ্ণ প্ৰচেষ্টা আৰম্ভ হোৱাত মই আনন্দিত হৈছোঁ। এই উপলক্ষে ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়, গুজৰাট চৰকাৰ আৰু এই পদক্ষেপত অংশগ্ৰহণ কৰা দেশৰ সকলো ৰাইজলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

পৰিবেশ আৰু জল সংৰক্ষণৰ কথা কওঁতে আমি সদায় কেইবাটাও বাস্তৱ পৰিস্থিতি মনত ৰাখিব লাগিব। বিশ্বৰ ‘ফ্ৰেছ’ পানীৰ মাত্ৰ ৪ শতাংশহে ভাৰতৰ হাতত আছে। আমাৰ গুজৰাটৰ ৰাইজে বুজিব লাগে যে এয়া মাত্ৰ ৪ শতাংশহে। ভাৰতত বহু বৃহৎ নদী থকাৰ পাছতো দেশৰ এক উল্লেখযোগ্য অংশই পানীৰ নাটনিৰ সৈতে যুঁজি আছে। বহু ঠাইত ধাৰাবাহিকভাৱে জলস্তৰ হ্ৰাস পাইছে। জলবায়ু পৰিৱৰ্তনে এই সংকট অধিক গভীৰ কৰি তুলিছে।

আৰু বন্ধুসকল,

এই সকলোবোৰৰ মাজতো কেৱল নিজৰ বাবেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বৰ বাবে এই প্ৰত্যাহ্বানসমূহৰ সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ সম্ভাৱনা ভাৰততেই আছে। ইয়াৰ কাৰণ হৈছে ভাৰতৰ প্ৰাচীন জ্ঞানৰ পৰম্পৰা। জল সংৰক্ষণ আৰু প্ৰকৃতি সংৰক্ষণ আমাৰ বাবে নতুন ধাৰণা নহয়; সেইসমূহ কেৱল তাত্ত্বিক জ্ঞান নহয়। এইসমূহ বিষয় পৰিস্থিতিৰ বাবে আমাৰ ওচৰলৈ অহা কথা নহয়। এয়া ভাৰতৰ সাংস্কৃতিক চেতনাৰেই অংশ। আমি এনে এক সংস্কৃতিৰ অন্তৰ্গত যিয়ে পানীক ঐশ্বৰিক সত্তা হিচাপে শ্ৰদ্ধাৰে নদীক দেৱী বুলি গণ্য কৰি আহিছে। ‘সৰোবৰ’ (হ্ৰদ) আৰু ‘কুণ্ড’ (পুখুৰী)ক মন্দিৰৰ মৰ্য্যাদা প্ৰদান কৰা হৈছে। গংগা আমাৰ মাতৃ; নৰ্মদা আমাৰ মাতৃ। গোদাৱৰী আৰু কাবেৰী আমাৰ মাতৃ। এই সম্পৰ্ক হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত আছে। হাজাৰ-হাজাৰ বছৰ পূৰ্বেও আমাৰ পূৰ্বপুৰুষসকলে জল সংৰক্ষণৰ গুৰুত্ব বুজি পাইছিল। আমাৰ প্ৰাচীন শাস্ত্ৰত কৈছেঃ "अद्भिः सर्वाणि भूतानि, जीवन्ति प्रभवन्ति च। तस्मात् सर्वेषु दानेषु, तयोदानं विशिष्यते॥" গতিকে জল দান কৰা, আনৰ বাবে পানী সঞ্চয় কৰাটোৱেই আটাইতকৈ পৰম দান। এই কথাত ৰহিম দাসেও যুগ-যুগ আগতেই গুৰুত্ব আৰোপ কৰিছিল। আমি সকলোৱে পঢ়িছোঁ। ৰহিম দাসে কৈছিলঃ "रहिमन पानी राखिए, बिन पानी सब सून!", অৰ্থাৎ আমি জল সংৰক্ষণ কৰিব লাগে; পানী অবিহনে সকলো মিছা। এনে দূৰদৰ্শী আৰু ব্যাপক চিন্তাধাৰাৰ এখনি ৰাষ্ট্ৰ জল সংকটৰ সমাধান বিচাৰি বিশ্বৰ আগশাৰীৰ দেশ হিচাপে থিয় দিব লাগিব।

বন্ধুসকল,

গুজৰাটৰ ভূমিত আজিৰ কাৰ্য্যসূচী আৰম্ভ হৈছে, য’ত প্ৰতিজন নাগৰিকলৈ পানী যোগান আৰু সংৰক্ষণৰ বহু সফল পৰীক্ষা-নিৰীক্ষা সম্পন্ন হৈছে। দুই-তিনি দশক আগলৈকে সৌৰাষ্ট্ৰ আৰু উত্তৰ গুজৰাটৰ পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে অৱগত। পূৰ্বৰ চৰকাৰসমূহৰ জল সংৰক্ষণৰ ক্ষেত্ৰত দৃষ্টিভংগীৰ অভাৱ আছিল। সেইবাবেই জল সংকটৰ সমাধান সম্ভৱ বুলি বিশ্ববাসীক প্ৰমাণ কৰাৰ সংকল্প গ্ৰহণ কৰিছিলোঁ। বহুদিন ধৰি অব্যাহত চৰ্দাৰ সৰোবৰ বান্ধৰ প্ৰকল্পটো সম্পূৰ্ণ কৰিলোঁ। গুজৰাটত আৰম্ভ হৈছিল এই চৌনি প্ৰকল্প। ইয়াৰ জৰিয়তে উদ্বৃত্ত পানী থকা অঞ্চলৰপৰা পানীৰ অভাৱৰ সন্মুখীন হোৱা অঞ্চলসমূহলৈ পানী স্থানান্তৰ কৰা হৈছিল। ইয়াকে লৈ আনকি বিৰোধী সদস্যসকলেও আমাক ঠাট্টা-মস্কৰা কৰিছিল, যে পাইপেৰে কেৱল বতাহে কঢ়িয়াই নিব পাৰি, পানী নহয়। কিন্তু আজি গুজৰাটত কৰা প্ৰচেষ্টাৰ ফল সমগ্ৰ বিশ্বৰ দৃষ্টিগোচৰ হৈছে। গুজৰাটৰ সফলতা আৰু গুজৰাটত মোৰ অভিজ্ঞতাই মোক আশ্বস্ত কৰিছে যে আমি দেশখনক জল সংকটৰপৰা মুক্ত কৰিব পাৰিম।

বন্ধুসকল,

জল সংৰক্ষণ কেৱল নীতিৰ বিষয়েই নহয়, বৰঞ্চ এয়া সামাজিক দায়বদ্ধতাৰ কথাও। ‘জাগৰুক জনমানস’ (জনসাধাৰণৰ মাজত সজাগতা), ‘জন ভাগিদাৰী’ (জনসাধাৰণৰ অংশগ্ৰহণ) আৰু ‘জন আন্দোলন’ (গণ আন্দোলন) এই পদক্ষেপৰ আটাইতকৈ পৰম শক্তি। আপোনাসৱৰ নিশ্চয় মনত আছে যে দশক-দশক ধৰি পানী আৰু নদীৰ সৈতে জড়িত হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ অসংখ্য আঁচনি ৰূপায়ণ কৰা হৈছিল। কিন্তু, যোৱা ১০ বছৰতহে আমি সুনিৰ্দিষ্ট ফলাফল দেখিবলৈ পাইছোঁ। আমাৰ চৰকাৰে সমগ্ৰ সমাজ আৰু সমগ্ৰ চৰকাৰৰ দৃষ্টিভংগীৰে কাম কৰিছে। যোৱা ১০ বছৰৰ সকলো মূল আঁচনিসমূহ চাওঁকচোন। প্ৰথমবাৰৰ বাবে পানীৰ সমস্যাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ দূৰ হ’ল। সমগ্ৰ চৰকাৰৰ প্ৰতিশ্ৰুতিৰে আমি এটা সুকীয়া জল শক্তি মন্ত্ৰালয় গঠন কৰিলোঁ। প্ৰথমবাৰৰ বাবে জল জীৱন মিছনৰ জৰিয়তে দেশে ‘হৰ ঘৰ জল’ (প্ৰতিখন ঘৰলৈ পানী)ৰ অংগীকাৰ গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে দেশৰ মাত্ৰ ৩ কোটি পৰিয়ালে পাইপেৰে পানী লাভ কৰিছিল। আজি গ্ৰামাঞ্চলৰ ১৫ কোটিৰো অধিক পৰিয়ালে পাইপেৰে পানী লাভ কৰিছে। জল জীৱন অভিযানৰ জৰিয়তে দেশৰ ৭৫ শতাংশৰো অধিক পৰিয়ালে বিশুদ্ধ পানী লাভ কৰিছে। স্থানীয় ‘জল কমিটি’সমূহে এতিয়া জল জীৱন অভিযানৰ দায়িত্ব চম্ভালিছে। আৰু যিদৰে গুজৰাটত ‘জল কমিটি’ৰ মহিলাসকলে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল, ঠিক তেনেদৰে এতিয়া সমগ্ৰ দেশতে ‘জল কমিটি’ৰ মহিলাসকলেও ব্যতিক্ৰমীভাৱে উন্নত প্ৰদৰ্শন কৰিছে। এই কমিটিসমূহত অংশগ্ৰহণ কৰা কমেও ৫০ শতাংশই হৈছে গ্ৰামাঞ্চলৰ মহিলা।

ভাই-ভনীসকল,

আজি জল শক্তি অভিযান এক ৰাষ্ট্ৰীয় অভিযানত পৰিণত হৈছে। পৰম্পৰাগত পানীৰ উৎসসমূহৰ সংস্কাৰ সাধনেই হওঁক বা নতুন গাঁথনি নিৰ্মাণৰ কামেই হওঁক, অংশীদাৰৰপৰা আৰম্ভ কৰি নাগৰিক সমাজ আৰু পঞ্চায়তলৈকে সকলো জড়িত হৈ আছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত প্ৰতিখন জিলাতে অমৃত সৰোবৰ খন্দাৰ কামো আমি জন ভাগিদাৰীৰ জৰিয়তেই আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপৰ অধীনত জন ভাগিদাৰীৰ জৰিয়তে সমগ্ৰ দেশতে ৬০,০০০ ৰো অধিক অমৃত সৰোবৰ খন্দা হৈছে। আমাৰ দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে এয়া কিমান তাৎপৰ্যপূৰ্ণ, সেয়া আপোনাসৱে কল্পনা কৰিব পাৰে। একেদৰে আমি ভূগৰ্ভস্থ পানী সংৰক্ষণৰ বাবে অটল ভূজল যোজনা আৰম্ভ কৰিছোঁ। এই আঁচনিখনত পানীৰ উৎস পৰিচালনাৰ দায়িত্ব গাঁৱে-ভূঞে ৰাইজক দিয়া হৈছে। ২০২১ত আমি ‘বৰষুণ ধৰা’ অভিযান আৰম্ভ কৰিছিলোঁ। আজি চহৰৰপৰা গাঁওলৈকে জনসাধাৰণে ক্ৰমান্বয়ে ‘বৰষুণ ধৰা’ অভিযানত অংশগ্ৰহণ কৰিছে। ‘নমামি গংগা’ আঁচনিখন ইয়াৰ আন এক উদাহৰণ। ‘নমামি গংগা’ হৈ পৰিছে লাখ-লাখ ভাৰতীয়ৰ আৱেগিক প্ৰতিজ্ঞা। জনসাধাৰণে অন্ধবিশ্বাস পৰিত্যাগ কৰি অপ্রাসংগিক আচাৰ-ব্যৱহাৰ সলনিৰে আমাৰ নদীসমূহ পৰিষ্কাৰ কৰি তুলিছে।

বন্ধুসকল,

আপোনালোকে সকলোৱে জানে যে পৰিবেশৰ বাবে ‘এক পেড় মা কে নাম’ৰ বাবে মই দেশবাসীক আহ্বান জনাইছোঁ। গছপুলি ৰোপণ কৰিলে ভূগৰ্ভস্থ পানীৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পায়। কেৱল যোৱা কেইসপ্তাহমানৰ ভিতৰতে সমগ্ৰ দেশতে মাতৃৰ নামত লাখ-লাখ গছপুলি ৰোপণ কৰা হৈছে। এনেধৰণৰ অভিযান, এনে বহু প্ৰতিশ্ৰুতি, আজি এইসমূহ ১৪০ কোটি নাগৰিকৰ অংশগ্ৰহণেৰে ৰাজহুৱা আন্দোলনলৈ পৰিণত হৈছে।

বন্ধুসকল,

আমি জল সংৰক্ষণৰ বাবে ৰেডিউচ, ৰিইউজ, ৰিচাৰ্জ আৰু ৰিচাইকলৰ নীতিসমূহত গুৰুত্ব আৰোপ কৰিব লাগিব। অৰ্থাৎ পানী ৰাহি হ’ব, যেতিয়া আমি ইয়াৰ অপব্যৱহাৰ ৰোধ কৰিম— ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰিম। আমি পানী পুনৰ ব্যৱহাৰ কৰিব লাগিব, পানীৰ উৎসৰ বৰ্ধন ঘটাব লাগিব আৰু প্ৰদূষিত পানী পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব লাগিব। ইয়াৰ বাবে আমি নতুন পদ্ধতি গ্ৰহণ কৰিব লাগিব। আমি উদ্ভাৱনীমূলক পন্থা গ্ৰহণ কৰিব লাগিব আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব লাগিব। আমি সকলোৱে জানো যে আমাৰ পানীৰ প্ৰয়োজনীয়তাৰ ৮০ শতাংশই কৃষিৰ বাবে। সেয়েহে আমাৰ চৰকাৰে বহনক্ষম কৃষিৰ দিশত ড্ৰিপ ইৰিগেচনৰ দৰে প্ৰযুক্তিৰ অভিযোজনা কৰিছে। ‘পাৰ ড্ৰপ ম’ৰ কৰ্প’ৰ দৰে অভিযানে পানী ৰাহি কৰাৰ লগতে কম পানী উপলব্ধ অঞ্চলৰ কৃষকৰ আয় বৃদ্ধি কৰিছে। চৰকাৰে দাইল, তৈলবীজ, বাজৰাৰ দৰে কৃষিকো উৎসাহিত কৰিছে। একাংশ ৰাজ্যই জল সংৰক্ষণৰ অৰ্থে বিকল্প শস্যৰ বাবে কৃষকক প্ৰৰোচনা প্ৰদান কৰিছে। মই এই প্ৰচেষ্টাসমূহক ত্বৰান্বিত কৰিবলৈ সকলো ৰাজ্যকে একত্ৰিত হৈ মিছন ম’ডত কাম কৰিবলৈ আহ্বান জনাইছোঁ। পথাৰৰ ওচৰত পুখুৰী আৰু জলাশয় খান্দিব লাগিব আৰু তথা নতুন প্ৰযুক্তিৰ অভিযোজনাৰ লগতে পৰম্পৰাগত জ্ঞানক প্ৰোৎসাহিত কৰিব লাগিব।

বন্ধুসকল,

বিশুদ্ধ পানীৰ উপলব্ধতা আৰু জল সংৰক্ষণৰ সফলতাৰ সৈতে এক উল্লেখযোগ্য জল অৰ্থনীতিৰ সম্পৰ্ক আছে। উদাহৰণস্বৰূপে, জল জীৱন মিছনে লাখ-লাখ লোকক কৰ্মসংস্থাপন আৰু আত্ম-নিয়োগৰ সুযোগ প্ৰদান কৰিছে। অভিযন্তা, প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান আৰু পৰিচালকৰ বাবে বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি প্ৰতিঘৰ গৃহস্থীলৈ পাইপেৰে পানী যোগান ধৰিলে দেশৰ জনসাধাৰণৰ বাবে প্ৰায় ৫.৫ কোটি ঘন্টা ৰাহি হ’ব। এই সময় বিশেষকৈ আমাৰ ভগ্নী আৰু কন্যাসকলৰ বাবে ৰাহি হ’ব, ই দেশৰ অৰ্থনীতিৰ বৰ্ধনত প্ৰত্যক্ষভাৱে অৰিহণা যোগাব। জল অৰ্থনীতিৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল স্বাস্থ্য— মংগল। বাতৰি অনুসৰি, জল জীৱন মিছনে ১২৫,০০০ ৰো অধিক শিশুৰ অকাল মৃত্যু ৰোধ কৰিব পাৰে। আমি প্ৰতি বছৰে ৪০০,০০০ ৰো অধিক লোকক ডায়েৰিয়াৰ দৰে ৰোগৰপৰাও ৰক্ষা কৰিব পাৰিম, অৰ্থাৎ আমি চিকিৎসা সেৱাৰ ব্যয় হ্ৰাস কৰিব পাৰিম।

বন্ধুসকল,

এই ‘জন ভাগিদাৰী’ অভিযানত এক উল্লেখযোগ্য অৱদান আমাৰ ঔদ্যোগিক খণ্ডৰপৰাও লাভ কৰা হৈছে। আজি মই সেই উদ্যোগসমূহক ধন্যবাদ জনাইছোঁ, যিয়ে নেট জিৰ’ লিকুইড ডিচচাৰ্জ ষ্টেণ্ডাৰ্ড আৰু পানী পুনঃব্যৱহাৰৰ লক্ষ্য পৰিপূৰণ কৰিছে। বহু উদ্যোগে নিজৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR)ৰ অংশ হিচাপে জল সংৰক্ষণৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। জল সংৰক্ষণৰ বাবে চিএছআৰ ব্যৱহাৰেৰে গুজৰাটে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। মোক জনোৱা হৈছে যে চুৰাট, ভালছাদ, ডাং, টাপি আৰু নৱছাৰীত চিএছআৰ পদক্ষেপৰ সহায়ত প্ৰায় ১০,০০০ ব’ৰৱেল ৰিচাৰ্জ ষ্ট্ৰাকচাৰ সম্পূৰ্ণ কৰা হৈছে। এতিয়া জল শক্তি মন্ত্ৰালয় আৰু গুজৰাট চৰকাৰে যৌথভাৱে ‘জল সঞ্চয়-জন ভাগিদাৰী অভিযান’ৰ অধীনত অতিৰিক্ত ২৪,০০০ এনে ব্যৱস্থা স্থাপনৰ অভিযান আৰম্ভ কৰিছে। এই অভিযান এনে এক আৰ্হি যিয়ে ভৱিষ্যতেও আন ৰাজ্যসমূহক অনুৰূপ প্ৰচেষ্টা হাতত ল’বলৈ অনুপ্ৰাণিত কৰিব। আশাকৰোঁ, আমি মিলি ভাৰতক সকলো মানৱ জাতিৰ বাবে জল সংৰক্ষণৰ প্ৰেৰণাদায়ী হিচাপে গঢ়ি তুলিম। এই আত্মবিশ্বাসেৰে এই অভিযানৰ সফলতাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

***

MJPS/VJ/RT/VK/SB
 



(Release ID: 2053040) Visitor Counter : 7