প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লক্ষ্ণৌত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, পীড়িতসকলৰ বাবে অনুদান ঘোষণা
प्रविष्टि तिथि:
08 SEP 2024 1:13PM by PIB Guwahati
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।
শ্ৰী মোদীয়ে প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’ (পিএমএনআৰএফ)ৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০,০০০ টকাৰ এককালীন অনুদান ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ')য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:
"উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হোৱাটো নিতান্তই দুখজনক কথা। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ‘পিএমএনআৰএফ’-ৰ পৰা ২ লাখ টকাকৈ এককালীন অনুদান প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"
***
MJPS/RT/KB
(रिलीज़ आईडी: 2053038)
आगंतुक पटल : 94
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam