প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমতী আবেক সাক্ষাৎ কৰে
ভাৰত-জাপানৰ শক্তিশালী সম্পৰ্ক পুনৰ সুনিশ্চিত কৰে
পোষ্ট কৰা হৈছে:
06 SEP 2024 8:51PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত শ্বিনজো আবেৰ পত্নী শ্ৰীমতী আবেক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত, শ্ৰী মোদীয়ে প্ৰয়াত প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধুত্বক আদৰেৰে স্মৰণ কৰে আৰু ভাৰত-জাপান সম্পৰ্কৰ সম্ভাৱনাৰ ওপৰত থকা আবে ছানৰ দৃঢ় বিশ্বাসৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সৈতে শ্ৰীমতী আবেৰ অবিৰত সম্পৰ্কৰ বাবেও গভীৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
“আজি বিয়লি শ্ৰীমতী আবেক লগ পাই ভাল লাগিল। জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ সৈতে থকা মোৰ ঘনিষ্ঠ ব্যক্তিগত বন্ধুত্বৰ কথা স্মৰণ কৰিলোঁ। ভাৰত-জাপান সম্পৰ্কৰ সম্ভাৱনাৰ ওপৰত আবে ছানৰ বিশ্বাস আমাৰ বাবে চিৰস্থায়ী শক্তিৰ উৎস হৈয়ে থাকিব। ভাৰতৰ সৈতে শ্ৰীমতী আবেৰ অবিৰত সংযোগৰ গভীৰ শলাগ লৈছোঁ।”
**********
MJPS/ST
(ৰিলিজ আই ডি : 2052841)
অতিথি কক্ষ : 59
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam