প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেৰা-অলিম্পিকত জুডোকা কপিল পাৰমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
পোষ্ট কৰা হৈছে:
05 SEP 2024 10:25PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে তেওঁৰ অনবদ্য প্ৰদৰ্শনক স্মৰণীয় আখ্যা দি তেওঁৰ উত্তৰোত্তৰ কামনা কৰে আৰু অনাগত ভৱিষ্যতে আৰু সাফল্য কামনা কৰে।
এই সন্দৰ্ভত এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে লিখিছে -
"এক অতি স্মৰণীয় ক্ৰীড়া প্ৰদৰ্শন আৰু এক বিশেষ মেডেল!
পেৰালিম্পিকত জুডোত পদক লাভ কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হোৱা কপিল পাৰমাৰলৈ অভিনন্দন জনাইছোঁ। পেৰালিম্পিক ২০২৪ত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেওঁক অশেষ অভিনন্দন! তেওঁৰ আগন্তুক প্ৰচেষ্টাৰ বাবেও শুভেচ্ছা জনালোঁ।
#Cheer4Bharat"
***
MJPS
(ৰিলিজ আই ডি : 2052450)
অতিথি কক্ষ : 78
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam