কেবিনেট

ড° টি ভি সোমনাথনে নতুন কেবিনেট সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে

Posted On: 30 AUG 2024 4:47PM by PIB Guwahati

ড° টি ভি সোমনাথনে আজি শ্ৰী ৰাজীৱ গৌবাৰ অৱসৰৰ পিছত ভাৰত চৰকাৰৰ নতুন কেবিনেট সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। ড° সোমনাথন তামিলনাডু কেডাৰৰ (১৯৮৭ বেচ) আই এ এছ বিষয়া। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পি এইচ ডি ডিগ্ৰী লাভ কৰিছে। তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এগজিকিউটিভ ডেভেলপমেণ্ট প্ৰগ্ৰেমো সম্পূৰ্ণ কৰিছে, আৰু তেওঁ এজন যোগ্য চাৰ্টাৰ্ড একাউণ্টেণ্ট, কষ্ট একাউণ্টেণ্ট আৰু কোম্পানী সচিব।

ড° সোমনাথনে ইয়াৰ পূৰ্বে কেন্দ্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যুটীয়া সচিব আৰু অতিৰিক্ত সচিবৰ দৰে গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে তেওঁক ৱাশ্বিংটন ডিচিৰ বিশ্ব বেংকৰ কৰ্পৰেট পৰিক্ৰমা সঞ্চালক হিচাপেও ডেপুট কৰা হৈছিল। কেবিনেট সচিব হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ বিত্ত সচিব আৰু ব্যয় বিভাগৰ সচিবৰ দায়িত্বত আছিল।

তামিলনাডুৰ ৰাজ্য চৰকাৰত ড° সোমনাথনে চেন্নাই মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডৰ পৰিচালন সঞ্চালক, মুখ্যমন্ত্ৰীৰ সচিব আৰু জিএছটি ৰূপায়ণৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত অতিৰিক্ত মুখ্য সচিব আৰু বাণিজ্যিক কৰ আয়ুক্ত আদি কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল। তেওঁ অনুশাসনমূলক কাৰ্যবিধিৰ আয়ুক্ত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। চেন্নাই মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক হিচাপে তেওঁ ফাইনেঞ্চিয়েল ক্লজাৰ প্ৰাপ্ত কৰা আৰু চেন্নাই মেট্ৰ’ ৰে’ল প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰাৰম্ভিক নিবিদা প্ৰদানৰ দায়িত্বত আছিল।

ড° সোমনাথানে ১৯৯৬ চনত ৱাশ্বিংটনত ইয়ং প্ৰফেচনেলছ প্ৰগ্ৰেমৰ জৰিয়তে পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আঞ্চলিক উপাধ্যক্ষ হিচাপে বিত্তীয় অৰ্থনীতিবিদ হিচাপে বিশ্ব বেংকত যোগদান কৰিছিল। যেতিয়া তেওঁক বাজেট পলিচি গ্ৰুপৰ মেনেজাৰ হিচাপে নিযুক্তি দিয়া হৈছিল তেতিয়া তেওঁ বেংকৰ সবাতোকৈ কম বয়সীয়া ছেক্টৰ মেনেজাৰ হৈ পৰিছিল। তেওঁ ২০১১ চনৰ পৰা ২০১৫ চনলৈ বিশ্ব বেংকত সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ড° সোমনাথনৰ অৰ্থনীতি, বিত্ত আৰু ৰাজহুৱা নীতিৰ ওপৰত আলোচনী আৰু বাতৰি কাকতত ৮০ খনতকৈও অধিক গৱেষণা পত্ৰ আৰু প্ৰবন্ধ প্ৰকাশিত হৈছে, লগতে মেকগ্ৰা-হিল, কেম্ব্ৰিজ/অক্সফৰ্ড ইউনিভাৰ্ছিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত তিনিখন গ্ৰন্থৰ লেখক।

**********

 

MJPS/VJ



(Release ID: 2050303) Visitor Counter : 26