উপ-ৰাষ্ট্ৰপতি সচিবালয়
মহিলাৰ বিৰুদ্ধে হিংসাক ‘লক্ষণাত্মক অসুস্থতা’ বুলি অভিহিতকৰণক তীব্ৰ নিন্দা উপ-ৰাষ্ট্ৰপতিৰ
আমাৰ কন্যা আৰু মহিলাসকলৰ মনৰ ভয় ৰাষ্ট্ৰীয় উদ্বেগৰ কাৰণ- উপ-ৰাষ্ট্ৰপতি
বেতনৰ ক্ষেত্ৰত লিংগ-ভিত্তিক বৈষম্য বিলোপ কৰিব লাগিব বুলি গুৰুত্ব আৰোপ
উপ-ৰাষ্ট্ৰপতিয়ে সকলো কন্যাকে আৰ্থিকভাৱে স্বাৱলম্বী হ’বলৈ আহ্বান জনায়
ইউনিফৰ্ম চিভিল ক’ড মহিলাৰ ন্যায়ৰ পৰিমাপ হ’ব বুলি আলোকপাত কৰে শ্ৰী ধনখড়ে
ৰাষ্ট্ৰপতিৰ “বহুত হ’ল” আহ্বানক প্ৰতিধ্বনিত কৰিবলৈ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিকসকলক আহ্বান জনায়
Posted On:
30 AUG 2024 3:23PM by PIB Guwahati
দেশৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড়ে আজি মহিলাৰ বিৰুদ্ধে সংঘটিত হিংসাক ‘লক্ষণাত্মক অসুস্থতা’ বুলি অভিহিতকৰণ কাৰ্য্যক তীব্ৰ নিন্দা কৰে। আজি দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ত ‘বিকশিত ভাৰতত মহিলাৰ ভূমিকা’ শীৰ্ষক বিষয়ত ছাত্ৰ-ছাত্ৰী আৰু ফেকাল্টীসকলক সম্বোধনেৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই স্তম্ভিত হৈছোঁ; উচ্চতম ন্যায়ালয়ৰ বাৰৰ পদত অধিষ্ঠিত, সাংসদ কোনোৱে এনেকৈ কোৱা কথাত মই আঘাত পাইছোঁ আৰু আচৰিত হৈ পৰিছোঁ। সাধাৰণ কথা বুলি কৈ এনে কাণ্ডক তেওঁলোকে এটা লক্ষণাত্মক অসুস্থতা বুলি পৰামৰ্শ আগবঢ়াইছে! কি যে লজ্জাজনক! এনে স্থিতিক নিন্দা কৰিবলৈ মোৰ ভাষা নাই। এয়া উচ্চ পদবীৰ প্ৰতি সৰ্বাধিক অন্যায় কৰা কাৰ্য্য।“
উচ্চ পদস্থ ব্যক্তিয়ে এনে ক্ষোভজনক কাণ্ডক সাধাৰণ কথা বুলি আগবঢ়োৱা পৰামৰ্শক লৈ নিজৰ দুখ প্ৰকাশেৰে শ্ৰী ধনখড়ে এনে বক্তব্যক অত্যন্ত লজ্জাজনক বুলি অভিহিত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনে বক্তব্য আমাৰ কন্যাসকলৰ দুখ-কষ্টক তুচ্ছজ্ঞান কৰাৰ সৈতে সংগতিপূৰ্ণ। “এয়া পক্ষীয় স্বাৰ্থৰ বাবে? আত্মস্বাৰ্থৰ বাবে? আপোনালোকে এনে স্থিতি গ্ৰহণ কৰে, আপোনাৰ কৰ্তৃত্বৰ সহায় লৈ আমাৰ কন্যা আৰু মহিলাসকলৰ বিৰুদ্ধে এনে ধৰণৰ জঘন্য অন্যায় সংঘটিত কৰা কাৰ্য্যক সহজ কৰি পেলায়? মানৱতাৰ ওপৰত ইয়াতকৈ ডাঙৰ অন্যায় আৰু কি হ’ব পাৰে? আমি আমাৰ কন্যাসকলৰ দুখ-কষ্টক তুচ্ছজ্ঞান কৰোঁ? এনে কৰিলে নহ’ব”, তেওঁ লগতে কয়।
উপ-ৰাষ্ট্ৰপতি শ্ৰী ধনখড়ে দেশৰ ৰাষ্ট্ৰপতিয়ে “বহুত হ’ল” (enough is enough) বুলি জনোৱা আহ্বানক প্ৰতিধ্বনিত কৰিবলৈ নাগৰিকসকলক আহ্বান জনাই কয়, “ৰাষ্ট্ৰপতিয়ে কৈছে, বহুত হ’ল!” আহক আমি ইয়াক বহুত হ’ল বুলি কওঁ। মই বিচাৰোঁ ৰাষ্ট্ৰপতিৰ এই আহ্বান ৰাষ্ট্ৰীয় আহ্বান হওঁক। মই বিচাৰোঁ সকলোৱে এই আহ্বানত অংশগ্ৰহণ কৰক। আহক আমি সংকল্প গ্ৰহণ কৰোঁ, এটা ব্যৱস্থা গঢ়ি তোলো, আৰু নহ’ব। এনে অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীলতা অৱলম্বন কৰোঁ আহক। তেনে অপৰাধ সংঘটনকাৰীয়ে আমাৰ সভ্যতাক আঘাত কৰিছে, মৰ্য্যাদাক আঘাত কৰিছে আৰু তেওঁলোকে দানৱৰ দৰে আচৰণ কৰিছে। তেওঁলোকে বৰ্বৰতাৰ উদাহৰণক চৰম কঠোৰ স্তৰলৈ অৱনমিত কৰিছে। কোনো কথাতে বাটত বাধা আহিব নালাগে আৰু মই বিচাৰোঁ যে দেশৰ সকলোৱে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সুস্থ আৰু সময়োপযোগী সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখক।”
আমাৰ কন্যা আৰু মহিলাসকলৰ মনৰ ভয় এক উদ্বেগৰ কাৰণ বুলি উল্লেখেৰে শ্ৰী ধনখড়ে কয়, “যিখন সমাজত মহিলা আৰু কন্যাই নিৰাপত্তা অনুভৱ নকৰে, সেইখন সমাজ সভ্য সমাজ হ’ব নোৱাৰে। সেই গণতন্ত্ৰ কলংকিত; ই আমাৰ প্ৰগতিৰ আৰু আজিৰ সৰ্ববৃহৎ বাধা।”
“আমাৰ কন্যা আৰু মহিলাসকলৰ মনৰ ভয় উদ্বেগৰ কাৰণ, ৰাষ্ট্ৰীয় চিন্তাৰ বিষয়। এই ভাৰত ভূমিত কেনেকৈ কন্যা আৰু মহিলাসকল অসুৰক্ষিত হ’ব পাৰে। তেওঁলোকৰ মৰ্য্যাদা কেনেকৈ অৱনমিত হ’ব পাৰে?... চিকিৎসালয়ত মহিলা চিকিৎসকে আনৰ জীৱন ৰক্ষাৰ দৰে মানৱতাৰ সেৱা কাৰ্য্যত থাকোঁতেও?”, উপ-ৰাষ্ট্ৰপতিয়ে কয়।
কন্যা আৰু মহিলাৰ আৰ্থিক স্বাধীনতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপেৰে শ্ৰী ধনখড়ে কয়, “মই আপোনালোক প্ৰত্যেককে আৰ্থিকভাৱে স্বাধীন হ’বলৈ আহ্বান জনাইছোঁ। মূলতঃ আপোনালোকৰ সামৰ্থ্য আৰু সম্ভাৱনাক বাস্তৱায়িত কৰিবলৈকে এয়া আপোনাসৱৰ বাবে গুৰুত্বপূৰ্ণ।”
“ৰাষ্ট্ৰখনৰ উন্নয়নৰ ক্ষেত্ৰত কন্যাসকল আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ। তেওঁলোক গ্ৰাম্য অৰ্থনীতি, কৃষি অৰ্থনীতি আৰু অনানুষ্ঠানিক অৰ্থনীতিৰ মেৰুদণ্ড আৰু শক্তি”, তেওঁ আৰু কয়।
লিংগ-ভিত্তিক বৈষম্যৰ অৱসানৰ পোষকতাৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সমাজত মহিলাসকলৰ বেতন আৰু সুযোগৰ ক্ষেত্ৰত লিংগ বৈষম্য সম্পৰ্কে আলোকপাত কৰে। “কিন্তু আমি ক’ব পাৰোনে যে আজি লিংগ বৈষম্য নাই? একে অৰ্হতা কিন্তু সুকীয়া বেতন, উচ্চ অৰ্হতা কিন্তু সমান সুযোগ নহয়। সেই মানসিকতা সলনি হ’ব লাগিব। এনে পৰিবেশ ন্যায্য হ’ব লাগিব, বৈষম্য দূৰ কৰিব লাগিব”, শ্ৰী ধনখড়ে লগতে কয়।
ভাৰতৰ সাম্প্ৰতিক বিকাশৰ পৰিক্ৰমাত আলোকপাতেৰে তেওঁ দৃঢ়তাৰে কয় যে দেশৰ জনসংখ্যাৰ আধা অংশ অধিকাৰ কৰা মহিলাসকলৰ সম্পূৰ্ণ অংশগ্ৰহণ অবিহনে এনে অগ্ৰগতি লাভ কৰিব নোৱাৰি। "কন্যা আৰু মহিলাসকলৰ অংশগ্ৰহণ অবিহনে ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ চিন্তা যুক্তিযুক্ত নহয়। তেওঁলোকৰ শক্তি আছে, তেওঁলোকৰ প্ৰতিভা আছে। আপোনালোকৰ অংশগ্ৰহণেৰে ২০৪৭ৰ পূৰ্বেই এখনি উন্নত ভাৰতৰ সপোন পূৰণ হ'ব", তেওঁ কয়।
ইউনিফৰ্ম চিভিল ক’ডৰ প্ৰয়োজনীয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণেৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “ইউনিফৰ্ম চিভিল ক’ড হৈছে এক সাংবিধানিক সংস্কাৰ। নিৰ্দেশনাত্মক নীতিত ইয়াৰ উল্লেখ আছে। উচ্চতম ন্যায়ালয়ে কেইবাবাৰো কৈছে যে এই ক্ষেত্ৰত পলম হৈছে, কিন্তু বহুদিন ধৰি আবদ্ধ হৈ থকা ইউনিফৰ্ম চিভিল ক’ড আপোনাসৱৰ বাবে ন্যায়ৰ এক সৰু পৰিমাপ। ইয়াৰ অৰ্থ কি চাৰিওফালে চাওঁক। ই কেইবাটাও দিশত সহায় কৰিব।”
শাসন ব্যৱস্থাত মহিলাৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য অগ্ৰগতি কাৰ্য্যক প্ৰশংসাৰে শ্ৰী ধনখড়ে কয়, "সংসদ, লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে এক-তৃতীয়াংশ আসন সংৰক্ষণ কাৰ্য্য এক চিত্ৰপট-পৰিৱৰ্তনকাৰী পদক্ষেপ হ'ব।" তেওঁ জোৰ দি কয় যে এই উল্লেখযোগ্য পদক্ষেপে নীতি নিৰ্ধাৰণত এক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব আৰু সিদ্ধান্ত গ্ৰহণৰ বেলিকা উপযুক্ত লোকে যাতে সঠিক আসন লাভ কৰে, সেয়া সুনিশ্চিত কৰিব।
যুৱক-যুৱতীসকলৰ চৰকাৰী চাকৰিৰ প্ৰতি অহৰহ মনোনিৱেশ কাৰ্য্যত উদ্বেগ প্ৰকাশেৰে শ্ৰী ধনখড়ে কয়, "মই ল'ৰা-ছোৱালীসকলৰ বাবে উপলব্ধ বিশাল সুযোগৰাজিক দেখিছোঁ আৰু অনুভৱ কৰিছোঁ, তথাপিও চৰকাৰী চাকৰিৰ প্ৰতি প্ৰলোভনমূলক প্ৰতিশ্ৰুতি মোৰ বাবে অতিকে যন্ত্ৰণাদায়ক।" ক’চিঙৰ বাণিজ্যিকীকৰণক সমালোচনাৰে তেওঁ যুৱক-যুৱতীসকলক উপলব্ধ প্ৰচুৰ সুযোগসমূহৰ সন্ধান কৰিবলৈ আহ্বান জনায়।
ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি প্ৰত্যাহ্বান, বিশেষকৈ ৰাষ্ট্ৰ বিৰোধী চিন্তা-চৰ্চা আৰু কথাৰ আগতীয়াকৈ অনুমান আৰু ইয়াক নিষ্ক্ৰিয়কৰণৰ গুৰুত্ব সম্পৰ্কে আলোকপাতেৰে শ্ৰী ধনখড়ে কয়, "আজি বিশ্বই আমাক প্ৰশংসা কৰিছে, তথাপিও একাংশ লোকে নেতিবাচক চিন্তা-চৰ্চা বিয়পাইছে। তেওঁলোকে ৰাষ্ট্ৰীয় স্বাৰ্থক নিজৰ স্বাৰ্থৰ উৰ্ধত ৰাখিছে নে?" তেওঁ সকলো নাগৰিককে আবেদন জনাই কয়, "ৰাষ্ট্ৰ, ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু উন্নয়নৰ কথা আহি পৰা মাত্ৰেকে আমি ৰাজনৈতিক, দলীয় আৰু আত্মস্বাৰ্থৰ কথা পৰিহাৰ কৰিব লাগিব।"
জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা অস্তিত্বৰ প্ৰতি ভাবুকিৰ কথা লক্ষ্য ৰাখি শ্ৰী ধনখড়ে আমাৰ গ্ৰহটোক সুৰক্ষিতকৰণৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তা সম্পৰ্কে আলোকপাত কৰে। তেওঁ প্ৰধানমন্ত্ৰীৰ ‘এক পেড় মা কে নাম’ পদক্ষেপৰ আহ্বানক প্ৰতিধ্বনিতকৰণেৰে সকলোকে মাতৃ-আইলৈ সন্মানাৰ্থে এটিকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। এই পদক্ষেপৰ ক্ৰমবৰ্ধমান প্ৰভাৱত গুৰুত্ব আৰোপেৰে তেওঁ নাগৰিকসকলক এই উদাৰ কাৰ্য্যত যোগদান কৰিবলৈ আহ্বান জনায়। "প্ৰধানমন্ত্ৰীৰ এই আহ্বান সঠিক হৈছে। কিন্তু, যেতিয়া আপোনাসৱে এয়া বাস্তৱায়িত কৰিব আৰু নিয়মিতভাৱে কৰিব, তেতিয়া ইয়াৰ ফলাফল উল্লেখযোগ্য হৈ উঠিব।"
এই কাৰ্য্যসূচীত দিল্লী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক যোগেশ সিং, দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ভাৰতী মহাবিদ্যালয়ৰ চেয়াৰপাৰ্ছন অধ্যাপক কবিতা শৰ্মা, দিল্লী বিশ্ববিদ্যালয়ৰ ভাৰতী মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক শালনী গুপ্তাকে প্ৰমুখ্য কৰি ছাত্ৰ-ছাত্ৰী, ফেকাল্টী আৰু আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
পূৰ্ণাংগ ভাষণৰ বাবে ইয়াত ক্লিক কৰকঃ https://pib.gov.in/PressReleasePage.aspx?PRID=2050045
****
JK/RC/SM/SB
(Release ID: 2050241)
Visitor Counter : 49