কেবিনেট

কেবিনেটেএকত্ৰিত পেঞ্চন আঁচনিত অনুমোদন জনালে

Posted On: 24 AUG 2024 8:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি একত্ৰিত পেঞ্চন আঁচনি (Unified Pension Scheme-UPS)ত অনুমোদন জনায়।

আঁচনিখনৰ উল্লেখযোগ্য বৈশিষ্ট্যৰাজি হ’লঃ

১/ নিশ্চিত পেঞ্চনঃ ২৫ বছৰৰ ন্যূনতম যোগ্যতাসম্পন্ন সেৱাৰ বাবে চুপাৰ এনুৱেচনৰ পূৰ্বে অন্তিম ১২ মাহৰ গড় বেচিক পে’ৰ ৫০%। এই পে’ন্যূনতম ১০ বছৰ সেৱা পৰ্য্যন্তচমু সেৱা প্ৰদান কালৰসমানুপাতিক হ’ব লাগে।

২/ নিশ্চিত পৰিয়াল পেঞ্চনঃএগৰাকী কৰ্মচাৰীৰ মৃত্যুৰ ঠিক পূৰ্বে তেওঁৰ পেঞ্চনৰ @৬০%।

৩/ নিশ্চিত ন্যূনতম পেঞ্চনঃন্যূনতম ১০ বছৰ সেৱাৰ পিছত চুপাৰ এনুৱেচনত প্ৰতিমাহে @১০,০০০।

৪/ মুদ্ৰাস্ফীতি সূচক (indexation): নিশ্চিত পেঞ্চন, নিশ্চিত পৰিয়াল পেঞ্চন আৰু নিশ্চিত ন্যূনতম পেঞ্চনৰ ওপৰত।

সেৱা কৰ্মচাৰীৰ ক্ষেত্ৰত, ঔদ্যোগিক শ্ৰমিকৰ বাবে সৰ্বভাৰতীয় উপভোক্তা মূল্য সূচকাংক (AICPI-IW)ৰ ওপৰত ভিত্তি কৰি মৰগীয়াসাহায্য(Dearness Relief)।

৫/ গ্ৰেচুইটিৰ উপৰিও চুপাৰ এনুৱেচনত এককালীন (lump sum)ধন পৰিশোধ।

প্ৰতি সম্পূৰ্ণ ছমাহৰ সেৱাৰ বাবে চুপাৰ এনুৱেচনৰ তাৰিখ অনুসৰি মাহিলী বেতনৰ ১/১০ ভাগ (পে’ + ডিএ) পেমেন্টে নিশ্চিত পেঞ্চনৰ পৰিমাণ হ্ৰাস নকৰে।

*****

MJPS/SS/SKS/SB
 



(Release ID: 2048651) Visitor Counter : 502