গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰেপকো বেংকে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহক ১৯.০৮ কোটি টকাৰ লভ্যাংশ চেক প্ৰদান কৰে

ভাৰত চৰকাৰৰ হাতত থকা ৭৬.৩২ কোটি টকাৰ শ্বেয়াৰ কেপিটেলত ২৫% লভ্যাংশ হিচাপে এই চেক প্ৰদান

ভাৰত চৰকাৰৰ এটি প্ৰতিষ্ঠান ৰেপকো বেংক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন, যিয়ে ২০,০০০ কোটি টকাৰ বিজনেছ মিক্স অতিক্ৰম কৰিছে

পোষ্ট কৰা হৈছে: 23 AUG 2024 10:19AM by PIB Guwahati

ৰেপকো বেংকে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহক ১৯.০৮ কোটি টকাৰ লভ্যাংশ চেক প্ৰদান কৰে।

 

 

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে ভাৰত চৰকাৰৰ হাতত থকা ৭৬.৩২ কোটি টকাৰ শ্বেয়াৰ কেপিটেলত ২৫% লভ্যাংশ হিচাপে ১৯.৮ কোটি টকাৰ এই চেকখন ৰেপকো বেংকৰ অধ্যক্ষ শ্ৰী ই. সন্থনাম আৰু পৰিচালন সঞ্চালক শ্ৰী অ’. এম. গকুলে প্ৰদান কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় ​​কুমাৰ ভাল্লা, আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) শ্ৰী গোবিন্দ মোহনো উপস্থিত থাকে।

 

ভাৰত চৰকাৰৰ এটি প্ৰতিষ্ঠান ৰেপকো বেংক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন, যিয়ে ২০,০০০ কোটি টকাৰ বিজনেছ মিক্স অতিক্ৰম কৰিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত বেংকটোৰ বিজনেছ মিক্সত ১১% বৰ্ধন ঘটিছে। উল্লেখযোগ্য কৃতিত্ব হিচাপে আজি বেংকটোৱে ২০,০০০ কোটি টকাৰ বিজনেছ মিক্স অতিক্ৰম কৰিছে।

*****

RK/VV/ASH/PS/SB
 


(ৰিলিজ আই ডি : 2048150) অতিথি কক্ষ : 97