গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ সৈতে বাৰ্তালাপেৰে ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়

মোদী চৰকাৰে এই সংকটৰ সময়ত ত্ৰিপুৰাৰ আমাৰ ভাই-ভনীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে

ৰাজ্য চৰকাৰক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কেন্দ্ৰই নাও আৰু হেলিকপ্টাৰৰ ওপৰিও এনডিআৰএফৰ দলো প্ৰেৰণ কৰিছে

প্ৰয়োজন সাপেক্ষে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস গৃহমন্ত্ৰীৰ

Posted On: 22 AUG 2024 12:35PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ সৈতে বাৰ্তালাপেৰে ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়।

এই সন্দৰ্ভত এক্সৰ এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয়, “ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ সৈতে বাৰ্তালাপ কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লওঁ। ৰাজ্য চৰকাৰখনক সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰিবলৈ কেন্দ্ৰই নাও আৰু হেলিকপ্টাৰৰ ওপৰিও এনডিআৰএফৰ দলো প্ৰেৰণ কৰিছে। মই মুখ্যমন্ত্ৰীক প্ৰয়োজন সাপেক্ষে কেন্দ্ৰৰপৰা সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰোঁ। মোদী চৰকাৰে এই সংকটৰ সময়ত ত্ৰিপুৰাৰ আমাৰ ভাই-ভনীসকলৰ সৈতে দৃঢ়তাৰে থিয় দিছে।”

*****

RK / VV / ASH / PS/SB



(Release ID: 2047976) Visitor Counter : 6