গৃহ মন্ত্ৰালয়

১৫ ছেপ্টেম্বৰ, ২০২৪ লৈকে পদ্ম বঁটা-২০২৫ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া মুকলি থাকিব

Posted On: 22 AUG 2024 12:38PM by PIB Guwahati

গণৰাজ্য দিৱস, ২০২৫ উপলক্ষে ঘোষণা কৰিবলগীয়া পদ্ম বঁটা, ২০২৫ৰ বাবে মনোনয়ন/পৰামৰ্শ প্ৰদান প্ৰক্ৰিয়া ০১ মে’, ২০২৪ৰ পৰা আৰম্ভ হৈছিল। পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ ছেপ্টেম্বৰ, ২০২৪ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল (https://awards.gov.in)ত অনলাইন মাধ্যমেৰে পদ্ম বঁটাৰ বাবে মনোনয়ন/পৰামৰ্শ গ্ৰহণ কৰা হ’ব।

পদ্ম বঁটা অৰ্থাৎ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী হৈছে দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান। ১৯৫৪ত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰা হয়। এই বঁটাৰে ‘বিশিষ্ট কাম’ক স্বীকৃতি জনোৱা হয় তথা কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সামাজিক কাম, বিজ্ঞান আৰু ইঞ্জিনিয়াৰিং, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা, বাণিজ্য আৰু উদ্যোগ আদি সকলো ক্ষেত্ৰ/শাখাতে বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱাৰ বাবে এই বঁটা প্ৰদান কৰা হয়। জাতি, বৃত্তি, পদবী বা লিংগ নিৰ্বিশেষে সকলো ব্যক্তি এই বঁটাৰ বাবে যোগ্য। চিকিৎসক আৰু বিজ্ঞানীসকলৰ বাহিৰে পিএছইউত কৰ্মৰতসকলকে প্ৰমুখ্য কৰি চৰকাৰী চাকৰিয়ালসকল পদ্ম বঁটাৰ বাবে যোগ্য নহয়।

পদ্ম বঁটাক “জনতাৰ পদ্ম”লৈ ৰূপান্তৰিত কৰিবলৈ চৰকাৰ অংগীকাৰবদ্ধ। সেয়েহে সকলো নাগৰিককে স্ব-মনোনয়নকে প্ৰমুখ্য কৰি মনোনয়ন/পৰামৰ্শ প্ৰদান কৰিবলৈ আহ্বান জনোৱা হৈছে। এইদৰে সমাজক নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা মহিলা, সমাজৰ দুৰ্বল শ্ৰেণী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি, দিব্যাংগ আৰু প্ৰতিভাৱান ব্যক্তিসকলক স্বীকৃতি জনাবলৈ সংহত প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।

মনোনয়ন/পৰামৰ্শত ওপৰত উল্লেখিত পৰ্টেলটোত উপলব্ধ আৰ্হিত নিৰ্দিষ্ট কৰা সকলো প্ৰাসংগিক বিৱৰণ সন্নিৱিষ্ট কৰিব লাগে, য’ত বিস্তৃতভাৱে উদ্ধৃতি (সৰ্বাধিক ৮০০ শব্দ) থকাটো আৱশ্যকীয়। যিয়ে নিজ-নিজ ক্ষেত্ৰ/শাখাৰ নিৰ্দিষ্ট ব্যক্তিজনৰ বিশিষ্ট আৰু ব্যতিক্ৰমী কৃতিত্ব/সেৱাক উন্মোচিত কৰিব।

এই সন্দৰ্ভত সবিশেষ তথ্য গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৱেবছাইট (https://mha.gov.in) আৰু পদ্ম বঁটা পৰ্টেল (https://padmaawards.gov.in)ত ‘বঁটা আৰু পদক’ (Awards and Medals) শিৰোনামৰ অধীনত উপলব্ধ। এই বঁটাসমূহৰে সম্পৰ্কীয় নীতি-নিয়মসমূহ ৱেবছাইটটোৰ https://padmaawards.gov.in/AboutAwards.aspx লিংকত উপলব্ধ।

*****

RK/VV/ASH/PS/SB



(Release ID: 2047778) Visitor Counter : 15