প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অন্ধ্ৰ প্ৰদেশৰ অনকাপল্লীৰ কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

পিএমএনআৰএফৰপৰা সাহায্য ঘোষণা

Posted On: 22 AUG 2024 6:56AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ অনকাপল্লীৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাটোত আহতসকলৰ আশু-আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰিছে;

“অনকাপল্লীৰ এটা কাৰখানাত সংঘটিত দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। মই এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলে যেন সোনকালে আৰোগ্য লাভ কৰে। পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

 ***

MJPS/ST/SB



(Release ID: 2047774) Visitor Counter : 18