গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আহমেদাবাদত CAAৰ অধীনত ১৮৮গৰাকী শৰণাৰ্থী ভগ্নী-ভাতৃক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে

CAA কেৱল শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ আইন নহয়, বৰং তেওঁলোকক ন্যায় আৰু অধিকাৰ প্ৰদানৰ আইন

যিসকলক আগতে শৰণাৰ্থী বুলি কোৱা হৈছিল, তেওঁলোক আজিৰ পৰা ভাৰত মাতৃৰ পৰিয়ালত অন্তৰ্ভুক্ত হ’ল

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে তিনি প্ৰজন্ম ধৰি অন্যায়ৰ সন্মুখীন হৈ থকা কোটি কোটি শৰণাৰ্থীক ন্যায় প্ৰদানৰ কাম কৰিলে

বিভাজনৰ সময়ত বিৰোধীয়ে শৰণাৰ্থীসকলক যি প্ৰতিশ্ৰুতি দিছিল, তেওঁলোক সেই সকলো প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি গ’ল

কোটি কোটি শৰণাৰ্থীক তুষ্টিকৰণৰ নীতিৰ বাবে নাগৰিকত্বৰ পৰা বঞ্চিত কৰাতকৈ ডাঙৰ পাপ আৰু একো হ’ব নোৱাৰে

বিৰোধীয়ে অনুপ্ৰৱেশকাৰীক অধিকাৰ দিলে, কিন্তু শৰণাৰ্থীসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিলে

যেতিয়া বিভাজন হৈছিল তেতিয়া বাংলাদেশত ২৭% হিন্দু আছিল, আজি ৯% হ’লগৈ

কোনো শৰণাৰ্থীয়ে ভয় খোৱাৰ প্ৰয়োজন নাই, তেওঁলোকে নিঃসংকোচে নাগৰিকত্বৰ বাবে আবেদন কৰিব লাগে

Posted On: 18 AUG 2024 5:54PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি আহমেদাবাদত CAAৰ অধীনত ১৮৮গৰাকী শৰণাৰ্থী ভগ্নী-ভাতৃক নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই উপলক্ষে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ পেটেলকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

নিজৰ ভাষণত শ্ৰী অমিত শ্বাহে কয় যে CAA দেশত বসতি স্থাপন কৰা লাখ লাখ লোকক কেৱল নাগৰিকত্ব প্ৰদানৰ আইন নহয় বৰঞ্চ ন্যায় আৰু অধিকাৰ প্ৰদানৰ আইন। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহৰ তুষ্টিকৰণৰ নীতিৰ বাবে ১৯৪৭ চনৰ পৰা ২০১৪ চনলৈকে দেশত আশ্ৰয় লোৱা লোকসকলে অধিকাৰ আৰু ন্যায় নাপালে। তেওঁ কয় যে এই লোকসকলে কেৱল চুবুৰীয়া দেশতে নহয় বৰং ইয়াতো নিৰ্যাতন সহ্য কৰিবলগীয়া হৈছিল। শ্ৰী শ্বাহে কয় যে এই লাখ-কোটি লোকে তিনি প্ৰজন্ম ধৰি ন্যায়ৰ বাবে হাহাকাৰ কৰি থাকিল কিন্তু বিৰোধীৰ তুষ্টিকৰণ নীতিৰ বাবে তেওঁলোকে ন্যায় নাপালে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই লাখ-কোটি লোকক ন্যায় প্ৰদানৰ কাম কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ত ভাৰতৰ বিভাজন ধৰ্মৰ ভিত্তিত কৰা হৈছিল আৰু সেই সময়ত ভয়ংকৰ দাঙ্গা সংঘটিত হৈছিল। তেওঁ কয় যে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত বসবাস কৰা কোটি কোটি হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকে নিজৰ যন্ত্ৰণা পাহৰিব নোৱাৰে। তেওঁ কয় যে সেই সময়ত বিভাজনৰ সিদ্ধান্ত লৈ তদানীন্তন চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে চুবুৰীয়া দেশৰ পৰা অহা হিন্দু, বৌদ্ধ, শিখ, জৈন আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। শ্ৰী শ্বাহে কয় যে নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে তেতিয়াৰ চৰকাৰৰ নেতাসকলে এই প্ৰতিশ্ৰুতিসমূহৰ পৰা আঁতৰি গ’ল আৰু ১৯৪৭, ১৯৪৮ আৰু ১৯৫০ চনত দিয়া প্ৰতিশ্ৰুতিবোৰ পাহৰি গ’ল। তেওঁ কয় যে সেই সময়ৰ চৰকাৰে এই লোকসকলক এইকাৰণেই নাগৰিকত্ব নিদিলে কাৰণ ইয়াৰ ফলত তেওঁলোকৰ ভোট বেংক নাৰাজ হ’ব৷ তেওঁ কয় যে তুষ্টিকৰণৰ নীতিৰ বাবেই এই লাখ-কোটি লোকক নাগৰিকত্বৰ পৰা বঞ্চিত কৰি ৰখা হ’ল আৰু ইয়াতকৈ ডাঙৰ পাপ একো হ’ব নোৱাৰে।

শ্ৰী অমিত শ্বাহে কয় যে এই কোটি কোটি মানুহ পলাই আৰু প্ৰতাড়ণাৰ সন্মুখীন হৈ আহিল, বহুতে নিজৰ পৰিয়াল আৰু সম্পত্তি সকলো হেৰুৱালে যদিও ইয়াত তেওঁলোকে নাগৰিকত্ব পৰ্যন্ত নাপালে। তেওঁ কয় যে ১৯৪৭ চনৰ পৰা ২০১৯ চনলৈ আৰু ২০১৯ চনৰ পৰা ২০২৪ চনলৈকে যাত্ৰাৰ কথা এই দেশৰ ইতিহাসে সদায় মনত ৰাখিব। তেওঁ কয় যে যিসকলে নিজৰ আত্মসন্মান বচাবলৈ ইয়ালৈ আহিল তেওঁলোকে কিয় এই দেশৰ নাগৰিকত্ব লাভ কৰিব নোৱাৰে? শ্ৰী শ্বাহে কয় যে এফালে তো পূৰ্বৰ চৰকাৰসমূহে কোটি কোটি লোকক সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰাই অবৈধভাৱে ভাৰতৰ নাগৰিক কৰি তুলিলে, আনফালে আইন পালনকাৰী লোকসকলক কোৱা হ’ল যে ইয়াৰ বাবে কোনো আইনী ব্যৱস্থা নাই।

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে আইন জনসাধাৰণৰ বাবেহে, জনসাধাৰণ আইনৰ বাবে নহয়। তেওঁ কয় যে আমি ২০১৪ চনত প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি CAA আনিম আৰু ২০১৯ চনত মোদী চৰকাৰে এই আইনখন আনে। তেওঁ কয় যে এই আইনৰ জৰিয়তে কোটি কোটি হিন্দু, জৈন, বৌদ্ধ, শিখ যিসকলে ন্যায় পোৱা নাছিল তেওঁলোকক ন্যায় দিবলৈ আৰম্ভ কৰা হয়। শ্ৰী শ্বাহে কয় যে এই আইনখন ২০১৯ চনত গৃহীত হৈছিল যদিও তাৰ পিছতো সকলোকে উচটনি দিয়া হৈছিল যে ইয়াৰ ফলত মুছলমানসকলে নাগৰিকত্ব হেৰুৱাব। গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এই আইনত কাৰো পৰা নাগৰিকত্ব হৰণ কৰাৰ কোনো ব্যৱস্থা নাই আৰু এইখন নাগৰিকত্ব দিয়াৰ আইন। তেওঁ কয় যে আমাৰ দেশৰেই জনসাধাৰণে আমাৰেই দেশত নিৰাশ্ৰয়ী হৈ জীৱন কটাবলগীয়া হৈছে, ইয়াতকৈ ডাঙৰ দুৰ্ভাগ্য আৰু বিড়ম্বনা কি হ’ব পাৰে। শ্ৰী শ্বাহে কয় যে বহু বছৰ ধৰি তুষ্টিকৰণৰ নীতিৰ বাবে এই কাম কৰিব পৰা নগৈছিল কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনত এই আইনখন অনাৰ সিদ্ধান্ত লয়।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনত এই আইনখন গৃহীত হোৱাৰ পিছতো ২০২৪ চনলৈকে এই পৰিয়ালসমূহে নাগৰিকত্ব লাভ কৰা নাছিল কিয়নো দেশত দাঙ্গা সংগঠিত কৰোৱা হৈছিল আৰু সংখ্যালঘু লোকক উচটনি দিয়া হৈছিল। তেওঁ কয় যে CAA সন্দৰ্ভত দেশত উৰাবাতৰি বিয়পোৱা হৈছিল। এই আইনখনৰ ফলত কাৰো নাগৰিকত্ব নেহেৰায় আৰু ই হিন্দু, জৈন, শিখ, বৌদ্ধ শৰণাৰ্থীক নাগৰিকত্ব দিয়াৰ আইন। শ্ৰী শ্বাহে কয় যে আজিও কিছুমান ৰাজ্য চৰকাৰে জনসাধাৰণক বিপথে পৰিচালিত কৰি আছে। গৃহমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ শৰণাৰ্থীসকলক আহ্বান জনায় যে তেওঁলোকে নাগৰিকত্ব লাভৰ বাবে কোনো সংকোচ নকৰাকৈ আবেদন কৰক আৰু ইয়াৰ দ্বাৰা তেওঁলোকৰ চাকৰি, ঘৰ ইত্যাদি পূৰ্বৰ দৰেই থাকিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই আইনত কোনো ধৰণৰ অপৰাধমূলক গোচৰৰ কোনো ব্যৱস্থা নাই আৰু সকলোকে ক্ষমা কৰা হৈছে আৰু এই কাম এইবাবেই কৰা হৈছে যে নাগৰিকত্ব প্ৰদানত পলম চৰকাৰৰ কাৰণেহে হৈছে, আপোনালোকৰ কাৰণে হোৱা নাই। তেওঁ কয় যে এই আইনখনে শৰণাৰ্থীসকলক ন্যায় প্ৰদানৰ বাবে আৰু তেওঁলোকৰ ক্ষেত্ৰত হোৱা অত্যাচাৰৰ ক্ষমাসহ পৰিমাৰ্জনৰ বাবে তেওঁলোকক মৰ্যাদা প্ৰদানৰ কাম কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে যেতিয়া বিভাজন হৈছিল তেতিয়া বাংলাদেশত ২৭ শতাংশ হিন্দু আছিল, আজি ৯% হ’লগৈ, বাকীসকল ক’লৈ গ’ল। তেওঁ কয় যে তাত তেওঁলোকৰ বলপূৰ্বক ধৰ্ম পৰিৱৰ্তন কৰা হ’ল আৰু ইয়াত আমাৰ আশ্ৰয়লৈ অহা লোকসকলৰ নিজৰ ইচ্ছা অনুসৰি তাত নিজৰ ধৰ্ম পালন কৰাৰ অধিকাৰ নাই নেকি? তেওঁ কয় যে যদি চুবুৰীয়া দেশত মৰ্যাদাসহকাৰে জীয়াই থাকিব নোৱাৰে আৰু আমাৰ আশ্ৰয়ৰ বাবে আহে তেন্তে আমি মূক দৰ্শক হৈ থাকিব নোৱাৰোঁ, এয়া নৰেন্দ্ৰ মোদী চৰকাৰ আৰু এই লোকসকলে নিশ্চিতভাৱে ন্যায় পাব।

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে এই আইন প্ৰৱৰ্তনৰ দাবী শৰণাৰ্থীসকলে দীৰ্ঘদিন ধৰি কৰি আছিল আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনত নিজৰ দৃঢ় ইচ্ছা শক্তিৰে সিদ্ধান্ত গ্ৰহণ কৰি এই আইনখন গৃহীত কৰে। তেওঁ কয় যে এই আইনখন গৃহীত হোৱাৰ পিছত কিছু ঠাইত হিংসাত্মক ঘটনাও সংঘটিত হৈছিল কিন্তু শেষত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নিয়ম প্ৰণয়ন কৰি আমি নাগৰিকত্বৰ অধিকাৰ আৰু প্ৰমাণ পত্ৰ দিলোঁ।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এই দেশৰ গণতন্ত্ৰ পৰিয়ালবাদ, জাতিবাদ, তুষ্টিকৰণ আৰু ভ্ৰষ্টাচাৰৰ চাৰিটা চয়তানৰ দ্বাৰা পীড়িত। তেওঁ কয় যে বিগত ১০ বছৰত মোদী জীয়ে এই চাৰিটা অসুৰক উৎখাত কৰিবলৈ অক্লান্ত প্ৰচেষ্টা চলাইছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে চলিত বৰ্ষৰ ১৫ আগষ্টত পৰিয়ালবাদৰ বিৰুদ্ধে আবেদন জনাইছে যে এনে এক লাখ যুৱক-যুৱতী ৰাজনীতিৰ সৈতে জড়িত হওক, যাৰ পৰিয়ালৰ পৰা কোনো লোক ৰাজনীতিৰ লগত নাই। তেওঁ কয় যে মোদী জীয়ে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধেও যুঁজ দিয়ে। তেওঁ কয় যে মোদী জীয়ে জাতিবাদৰ চয়তানৰ অন্ত পেলাবলৈ চাৰিটা জাতি ঘোষণা কৰিলে – দুখীয়া, মহিলা, যুৱক-যুৱতী আৰু কৃষক। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সন্মুখত এক নতুন ধৰণৰ ৰাজনৈতিক দৰ্শন দাঙি ধৰিলে আৰু লগতে তুষ্টিকৰণৰ ৰাজনীতিৰ অন্ত পেলালে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই দেশৰ বহু সমস্যা এনে আছিল যিবোৰ দশক দশক ধৰি আবদ্ধ হৈ আছিল। উদাহৰণস্বৰূপে, ৫৫০ বছৰৰ পাছত অযোধ্যাত এটা ভব্য ৰাম মন্দিৰ নিৰ্মাণৰ কাম মোদী জীয়ে কৰিলে। একেদৰে ঔৰংজেৱে ভাঙি পেলোৱা কাশী বিশ্বনাথ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছে, মহম্মদ বেগড়াই ভাঙি পেলোৱা পাৱাগড়ৰ শক্তিপীঠো পুনৰুদ্ধাৰ কৰা হৈছে। তেওঁ কয় যে ভাৰতত তিনি তালাকৰ অন্ত পেলোৱাৰ কামো নৰেন্দ্ৰ মোদী জীয়ে কৰিলে। শ্ৰী শ্বাহে কয় যে সন্ত্ৰাসবাদৰ কাৰখানাটো যি চিন্তাধাৰাৰ কাৰণে জন্ম হৈছিল আৰু যি চিন্তাধাৰাৰ কাৰণে চলিছিল সেই চিন্তাধাৰাৰ লালন-পালন কৰা ধাৰা ৩৭০ৰো প্ৰধানমন্ত্ৰী মোদীয়ে বিলুপ্ত কৰে। তেওঁ কয় যে এনেদৰেই কোটি কোটি হিন্দু, শিখ, বৌদ্ধ, জৈন ভাতৃক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত ৰখা আইনখনৰ সংশোধনী বাধাগ্ৰস্ত হৈ আছিল, সেই CAA আইনখনো নৰেন্দ্ৰ মোদী জীয়ে আনিলে আৰু এই লোকসকলক ন্যায় দিলে।

শ্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ শৰণাৰ্থীসকলক আবেদন জনাই কয় যে বিৰোধী দলসমূহে তেওঁলোকক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁলোকে ভয় খাব নালাগে। তেওঁ কয় যে যিসকল লোকে সংখ্যালঘুসকলক বিপথে পৰিচালিত কৰি আছে তেওঁলোকে জানিব লাগে যে তেওঁলোকে তেওঁলোকৰ সৈতে অন্যায় কৰি আছে। শ্ৰী শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ এই আইনখন আনিবলৈ সাহস নাছিল, সেয়ে এতিয়া অন্ততঃ ইয়াক কাৰ্যকৰী কৰাত বিৰোধী দলসমূহে মোদী চৰকাৰৰ সমৰ্থন কৰা দৰকাৰ।

**********

 

RK/VV/ASH/PS


(Release ID: 2047607) Visitor Counter : 37