প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফক্সকনৰ অধ্যক্ষ ইয়ং লিউক সাক্ষাৎ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

प्रविष्टि तिथि: 14 AUG 2024 5:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হন হাই টেকন'লজি গ্ৰুপ (ফক্সকন)ৰ অধ্যক্ষ ইয়ং লিউক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে ভৱিষ্যতৰ খণ্ডসমূহত ভাৰতে উপস্থাপন কৰা সুযোগসমূহৰ ওপৰত আলোকপাত কৰে আৰু দেশত ফক্সকনৰ বিনিয়োগ পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এক পোষ্টত কয়।

“হন হাই টেকন’লজি গ্ৰুপ (ফক্সকন)ৰ অধ্যক্ষ ইয়ং লিউক লগ পাই আনন্দিত হৈছো। ভৱিষ্যতে উত্থান আনিব পৰা খণ্ডসমূহত ভাৰতে আগবঢ়োৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰিলোঁ। ভাৰতৰ কৰ্ণাটক, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ৰাজ্যত তেওঁলোকৰ বিনিয়োগৰ পৰিকল্পনা সন্দৰ্ভতো আমি গঠনমূলক আলোচনা কৰিলোঁ।”

 

***

MJPS/SS/SR


(रिलीज़ आईडी: 2045892) आगंतुक पटल : 63
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam