জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

৭৮ সংখ্যক স্বাধীনতা দিৱসত জনজাতীয় স্বাধীনতা সংগ্ৰামী ভগৱান বীৰছা মুণ্ডালৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 15 AUG 2024 2:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা আন্দোলনৰ কণ্টকময় যাত্ৰাৰ ওপৰত উল্লেখ কৰি কয়, “স্বাধীনতা আন্দোলনৰ সময়ছোৱা আছিল কঠোৰ সংগ্ৰামৰ সময়। যুৱক-যুৱতী, কৃষক, মহিলা, জনজাতীয়, সকলোৱে দাসত্বৰ বিৰুদ্ধে অবিৰতভাৱে যুঁজিছিল।” তেওঁৰ ভাষণত ভাৰতৰ স্বাধীনতাত অৰিহণা যোগোৱা বিভিন্ন গোটৰ বৈচিত্ৰ্যপূৰ্ণ আৰু ঐক্যবদ্ধ প্ৰচেষ্টাক সামৰি লোৱা হৈছিল।

 

ভগৱান বীৰছা মুণ্ডাক বিশেষ শ্ৰদ্ধাঞ্জলি জনাই শ্ৰী মোদীয়ে কয়, “নিস্বাৰ্থ ত্যাগ আৰু দেশ সেৱাৰ বাবে দেশ তেওঁৰ ওচৰত চিৰ ঋণী হৈ থাকিব।” তেওঁ স্বাধীনতা সংগ্ৰামত মুণ্ডাৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে মাত্ৰ ২২ বছৰ বয়সতে ব্ৰিটিছ ৰাজৰ ভেটি কঁপাইছিল।

***



(Release ID: 2045890) Visitor Counter : 9