তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

‘মে’ড ইন ইণ্ডিয়া গে’মিং সামগ্ৰী’ প্ৰস্তুত কৰিবলৈ ভাৰতে ইয়াৰ সমৃদ্ধ প্ৰাচীন উত্তৰাধিকাৰী আৰু সাহিত্যৰ সুবিধা ল'ব লাগিব: প্ৰধানমন্ত্ৰী

আমাৰ ‘গে’মিং উদ্যোগ’ৰ সামগ্ৰীসমূহ সমগ্ৰ বিশ্বত উপনীত হোৱা লাগিব; আমি ‘এনিমেছন’-ৰ পৃথিৱীখনতো আমাৰ আধিপত্য প্ৰতিষ্ঠা কৰা উচিত: শ্ৰী নৰেন্দ্ৰ মোদী

Posted On: 15 AUG 2024 12:29PM by PIB Guwahati

আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰি বিভিন্ন ক্ষেত্ৰত দেশক বিশ্বনেতা হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিবলৈ ভাৰতৰ জনসাধাৰণক আহ্বান জনায়।

গ্লোবেল গেমিং বজাৰৰ নেতা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘মে’ড ইন ইণ্ডিয়া গে’মিং সামগ্ৰী’ প্ৰস্তুত কৰিবলৈ ভাৰতে ইয়াৰ সমৃদ্ধ প্ৰাচীন উত্তৰাধিকাৰী আৰু সাহিত্যৰ সুবিধা ল'ব লাগিব। ‘গে’মিং’ৰ বাবে এখন বৃহত্ উদীয়মান বজাৰ আছে আৰু আমি খণ্ডটোত নতুন প্ৰতিভাৰ সৈতে উপস্থিতি সাব্যস্ত কৰিব পাৰোঁ।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণত কয় যে, "আমি প্ৰতিটো শিশুক থলুৱা ভাৱে বিকশিত খেলসমূহৰ প্ৰতি আকৰ্ষিত কৰিব পাৰোঁ আৰু মই বিচাৰো যে ‘এ-আই পেছাদাৰী’সকলৰ লগতে প্ৰতিটো ভাৰতীয় শিশু, যুৱ, তথ্য প্ৰযুক্তি পেছাদাৰীয়ে কেৱল খেলৰ ক্ষেত্ৰখনতে নহয়, আমাৰ ‘গে’মিং সামগ্ৰী’সমূহ সমগ্ৰ বিশ্বলৈ লৈ যোৱাৰ ক্ষেত্ৰতো নেতৃত্ব দিব লাগিব। আমি ‘এনিমেছন’-ৰ পৃথিৱীখনতো আমাৰ আধিপত্য প্ৰতিষ্ঠা কৰিব পাৰিম, তেওঁ লগতে কয়।

 

*****

Pragya Paliwal Gaur/Kshitij Singha/KB



(Release ID: 2045861) Visitor Counter : 10