প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পেৰিছ অলিম্পিকলৈ যোৱা প্ৰতিজন খেলুৱৈ একোজন চেম্পিয়ন: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰীয়ে পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা দলৰ সৈতে মত বিনিময় কৰে
प्रविष्टि तिथि:
15 AUG 2024 5:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ অলিম্পিকত আমাৰ দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰে। নতুন দিল্লীত তেওঁলোকক লগ পোৱাৰ সময়ত শ্ৰী মোদীয়ে খেলৰ পৰা হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথা শুনে আৰু ক্ৰীড়াক্ষেত্ৰত তেওঁলোকৰ কৃতিত্বৰ প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে কয় যে পেৰিছলৈ যোৱা প্ৰতিজন খেলুৱৈ একোজন চেম্পিয়ন। ভাৰত চৰকাৰে ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়াই যাব আৰু এক শীৰ্ষ মানৰ ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ হোৱাটো সুনিশ্চিত কৰিব।
এলানি এক্স পোষ্টত, প্ৰধানমন্ত্ৰীয়ে কয়;
“পেৰিছ অলিম্পিকত আমাৰ দেশক প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰাটো এক আনন্দৰ কথা আছিল। খেলৰ পৰা হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথা শুনিলোঁ আৰু ক্ৰীড়াক্ষেত্ৰত লাভ কৰা তেওঁলোকৰ কৃতিত্বৰ প্ৰশংসা কৰিলোঁ।”
“পেৰিছলৈ যোৱা প্ৰতিজন খেলুৱৈয়েই একোজন চেম্পিয়ন। ভাৰত চৰকাৰে ক্ৰীড়াৰ প্ৰতি সমৰ্থন আগবঢ়াই যাব আৰু এক শীৰ্ষ মানৰ ক্ৰীড়াৰ আন্তঃগাঁথনি গঢ়ি তোলাটো সুনিশ্চিত কৰিব।”
**********
MJPS/SS/ST
(रिलीज़ आईडी: 2045691)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam