প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অভিলেখ পৰিমাণৰ গেছ উৎপাদনৰ বাবে দেশবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 04 AUG 2024 9:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গেছ উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতাৰ এক নতুন অভিলেখৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ শ্ৰী মোদীয়ে কয় যে শক্তি খণ্ডত আত্মনিৰ্ভৰতা এখন উন্নত ভাৰতৰ সংকল্পত উপনীত হোৱাৰ দিশত অতি গুৰুত্বপূৰ্ণ৷

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰ এক্স পোষ্টত কয় যে গেছ উৎপাদনৰ ক্ষেত্ৰত দেশে এক নতুন অভিলেখ ৰচনা কৰিছে৷২০২০-২১ বৰ্ষত গেছৰ উৎপাদনৰ পৰিমাণ আছিল ২৮.৭ বিচিএম৷ ২০২৩-২৪ বৰ্ষত এই পৰিমাণ ৩৬.৪৩ বিচিএমলৈ বৃদ্ধি পাইছে৷ এই তথ্য শ্বেয়াৰ কৰি ২০২৬ত গেছৰ উৎপাদন ৪৫.৩ বিচিএম হ’ব বুলি আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এক্স পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“এই সফলতাৰ বাবে দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ!

এখন বিকশিত ভাৰতৰ সংকল্প সাধনত শক্তিৰ খণ্ডত আমাৰ আত্মনিৰ্ভৰশীলতা অতি গুৰুত্বপূৰ্ণ। গেছ উৎপাদনৰ এই অভিলেখ এই দিশত আমাৰ দায়বদ্ধতাৰ প্ৰত্যক্ষ প্ৰমাণ।”

***

DS/ST/DB



(Release ID: 2042428) Visitor Counter : 8