গৃহ মন্ত্ৰালয়
এছিয়ান দুৰ্যোগ প্ৰস্তুতি কেন্দ্ৰ (এডিপিচি)ৰ অধ্যক্ষতা গ্ৰহণ ভাৰতৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগৰ আশংকা হ্ৰাস (ডি আৰ আৰ)ৰ ক্ষেত্ৰত বিশ্বব্যাপী আৰু আঞ্চলিক নেতৃত্বৰ ভূমিকা পালন কৰি আছে
দুৰ্যোগৰ আশংকা হ্ৰাসৰ দিশত ভাৰতে কেইবাটাও বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (চিডিআৰআই) প্ৰতিষ্ঠা
प्रविष्टि तिथि:
26 JUL 2024 3:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে দুৰ্যোগৰ আশংকা হ্ৰাস (ডি আৰ আৰ) ক্ষেত্ৰত বিশ্ব আৰু আঞ্চলিক পৰ্যায়ত নেতৃত্বৰ ভূমিকা পালন কৰি আছে।
এই দিশত ভাৰতে কেইবাটাও বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত বিশিষ্ট হৈছে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট (চিডিআৰআই) প্ৰতিষ্ঠা।
ভাৰত চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (NDMA) সদস্য আৰু HoD শ্ৰী ৰাজেন্দ্ৰ সিঙে থাইলেণ্ডৰ বেংককত ২৫ জুলাই, ২০২৪ত ২০২৪-২৫ বৰ্ষৰ বাবে পিপল ৰিপাব্লিক অৱ চাইনাৰ পৰা এছিয়ান দুৰ্যোগ প্ৰস্তুতি কেন্দ্ৰৰ (ADPC) অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছে।
এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দুৰ্যোগৰ আশংকা হ্ৰাস আৰু জলবায়ুৰ স্থিতিস্থাপকতা গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আৰু ৰূপায়ণৰ বাবে এডিপিচি হৈছে এক স্বায়ত্তশাসিত আন্তঃৰাষ্ট্ৰীয় সংস্থা। ভাৰত আৰু আঠখন চুবুৰীয়া দেশ যেনে বাংলাদেশ, কম্বোডিয়া, চীন, নেপাল, পাকিস্তান, ফিলিপাইনছ, শ্ৰীলংকা আৰু থাইলেণ্ড এডিপিচিৰ প্ৰতিষ্ঠাপক সদস্য।

ভাৰতে ২০২৪ চনৰ ২৫ জুলাইত থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এডিপিচিৰ পঞ্চম ব’ৰ্ড অৱ ট্ৰাষ্টী (BoT) বৈঠকৰ অধ্যক্ষতা কৰে।
*****
RK/VV/ASH/PS/MS
(रिलीज़ आईडी: 2037787)
आगंतुक पटल : 119