বিত্ত মন্ত্ৰালয়
চৰকাৰী আঁচনি আৰু নীতিৰ অধীনত কোনো লাভৰ বাবে যোগ্য নোহোৱা যুৱক-যুৱতীসকলক ঘৰুৱা প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে ১০ লাখ টকালৈকে ঋণৰ বিত্তীয় সাহায্য ঘোষণা
প্ৰতি বছৰে ১ লাখ শিক্ষাৰ্থীক পোনপটীয়াকৈ ই-ভাউচাৰ প্ৰদান কৰা হ'ব
অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা পুঁজি মৌলিক গৱেষণা আৰু আৰ্হি বিকাশৰ বাবে কাৰ্যকৰী কৰা হ'ব
प्रविष्टि तिथि:
23 JUL 2024 12:51PM by PIB Guwahati
কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত 'কেন্দ্ৰীয় বাজেট ২০২৪-২৫' উপস্থাপন কৰি ঘোষণা কৰে যে চৰকাৰৰ আঁচনি আৰু নীতিৰ অধীনত কোনো ধৰণৰ লাভালাভৰ বাবে যোগ্য নোহোৱা আমাৰ যুৱক-যুৱতীসকলক সহায় কৰাৰ উদ্দেশ্যে মই ঘৰুৱা প্ৰতিষ্ঠানসমূহত উচ্চ শিক্ষাৰ বাবে ১০ লাখ লৈকে ঋণৰ বাবে বিত্তীয় সাহায্য ঘোষণা কৰিছোঁ। ইয়াৰ বাবে প্ৰতি বছৰে ১ লাখ শিক্ষাৰ্থীক ঋণৰ পৰিমাণৰ ৩% বাৰ্ষিক সুত ৰেহাইৰ বাবে ই-ভাউচাৰ প্ৰদান কৰা হ'ব।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অনুসন্ধান ৰাষ্ট্ৰীয় গৱেষণা পুঁজি মৌলিক গৱেষণা আৰু আৰ্হি বিকাশৰ বাবে পৰিচালনা কৰা হ'ব। ব্যক্তিগত খণ্ডৰ গৱেষণা আৰু উদ্ভাৱনৰ বাবে বাণিজ্যিক স্তৰত এটা প্ৰণালী প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে ১ লাখ কোটি টকাৰ পুঁজি সৃষ্টি কৰা হ'ব, যিটো অন্তৱৰ্তীকালীন বাজেটত ঘোষণা কৰা হৈছিল।
***
NB/SS/DS
(रिलीज़ आईडी: 2035902)
आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Khasi
,
Urdu
,
हिन्दी
,
Hindi_MP
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam