বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰ্থনৈতিক সমীক্ষা ২০২৪ অনুসৰি, শক্তিশালী অৰ্থনীতিৰ বাবে স্বাস্থ্য খণ্ড অতি গুৰুত্বপূৰ্ণ

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই)ৰ ৪৯ শতাংশ হিতাধিকাৰী মহিলা : অৰ্থনৈতিক সমীক্ষা

এইমছ দেওঘৰত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰ উদ্বোধন কৰা হয়

আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত ৬৪.৮৬ কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট (ABHA) সৃষ্টি

प्रविष्टि तिथि: 22 JUL 2024 2:47PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি সংসদত ‘অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪’ উপস্থাপন কৰি কয় যে সমাৱেশী বিকাশৰ প্ৰতি দায়বদ্ধ আৱশ্যকীয় দীৰ্ঘম্যাদী কাৰকসমূহৰ সৈতে সংযুক্ত এক শক্তিশালী স্বাস্থ্যসেৱা ব্যৱস্থা সুদৃঢ় অৰ্থনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

                                                                  

এই সমীক্ষাত বিকাশ সম্পৰ্কীয় সকলো নীতিত নিবাৰক আৰু সংবৰ্ধক স্বাস্থ্য সেৱা অভিবিন্যাসৰ মাধ্যমত সকলো বয়সৰ লোকৰ বাবে ভাল স্বাস্থ্য আৰু কল্যাণ সুনিশ্চিত কৰা তথা উন্নত মানৰ স্বাস্থ্যসেৱা লাভ কৰাটো নিশ্চিত কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিসহ সকলোৰে বাবে মানসম্পন্ন স্বাস্থ্যসেৱাসুনিশ্চিত কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰধান পদক্ষেপসমূহ আৰু যোজনাসমূহ ৰেখাংকিত কৰা হৈছে।

  • আয়ুষ্মান ভাৰত প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা (AB-PMJAY) : এই আঁচনিখনৰ লক্ষ্য হৈছে বঞ্চিত পৰিয়ালক মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসালয়ত ভৰ্তিৰ বাবে বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্ৰদান কৰা। ২০২৪ চনৰ ৮ জুলাইলৈকে ৩৪.৭৩ কোটি আয়ুষ্মান ভাৰত কাৰ্ড তৈয়াৰ কৰা হৈছে আৰু এই আঁচনিৰ অধীনত চিকিৎসালয়ত ৭.৩৭ কোটি ৰোগীক ভৰ্তি কৰা হৈছে। লক্ষণীয় কথাটো হ’ল যে এই আঁচনিৰ হিতাধিকাৰীৰ ৪৯ শতাংশই মহিলা৷
  • প্ৰধানমন্ত্ৰী জন আউষাধি কেন্দ্ৰ : এই আঁচনিৰ উদ্দেশ্য গুণগত মানৰ ঔষধ বজাৰৰ মূল্যতকৈ ৫০-৯০ শতাংশ কম দামত যোগান ধৰা। এই আঁচনিৰ অধীনত যোৱা বছৰ এইমছ দেওঘৰত ১০ হাজাৰ সংখ্যক জন ঔষধি কেন্দ্ৰ উদ্বোধন কৰা হয়।
  • অমৃত (চিকিৎসাৰ বাবে সুলভ মূল্যৰ ঔষধ আৰু নিৰ্ভৰযোগ্য প্ৰত্যাৰোপণ) : বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ৩০০ৰো অধিক অমৃত ফাৰ্মাচী চলি আছে। ইবিলাকৰ উদ্দেশ্য হৈছে গুৰুতৰ ৰোগৰ বাবে সুলভ মূল্যৰ ঔষধ যোগান ধৰা।
  • আয়ুষ্মান ভৱ অভিযান : ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা এই অভিযানৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশৰ প্ৰতিখন গাঁও/নগৰতে নিৰ্বাচিত স্বাস্থ্য সেৱা আগবঢ়োৱা আৰু নাগৰিকসকলক চৰকাৰৰ প্ৰধান আঁচনিসমূহৰ বিষয়ে অৱগত কৰা। এই অভিযানৰ সময়ত লাভ কৰা প্ৰশংসনীয় কৃতিত্বসমূহ তলত উল্লেখ কৰা হ’ল-

 

  • ১৬.৯৬ লাখ কল্যাণ-যোগ আৰু ধ্যান সত্ৰ; ১.৮৯ কোটি টেলিকনছাল্টেচন দিয়া হয়।
  • ১১.৬৪ কোটি লোকে বিনামূলীয়া ঔষধ লাভ কৰে আৰু ৯.২৮ কোটি লোকে বিনামূলীয়া নিদান সেৱা লাভ কৰে।
  • ৮২.১০ লাখ মাতৃ আৰু ৯০.১৫ লাখ শিশুৱে প্ৰসৱৰ পিছৰ পৰীক্ষা (এএনচি) আৰু টীকাকৰণৰ সুবিধা লাভ কৰে।
  • ৩৪.৩৯ কোটি লোকে সাত প্ৰকাৰৰ পৰীক্ষা (টিবি, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মুখৰ কেন্সাৰ, স্তন কেন্সাৰ, ছাৰ্ভাইকেল কেন্সাৰ আৰু কেটাৰেক্ট)ৰ সুবিধা লাভ কৰে।
  • ২.০ কোটি ৰোগীয়ে সাধাৰণ অ’পিডিৰ পৰা পৰামৰ্শ লোৱাৰ বিপৰীতে ৯০.৬৯ লাখ ৰোগীয়ে বিশেষজ্ঞ অ’পিডিৰ পৰা পৰামৰ্শ লয় আৰু ৬৫,০৯৪টা ডাঙৰ অস্ত্ৰোপচাৰ আৰু ১,৯৬,১৫৬টা সৰু অস্ত্ৰোপচাৰ কৰা হয়।
  • ১৩.৪৮ কোটি আভা একাউণ্ট খোলা হয়, ৯.৫০ কোটি আয়ুষ্মান কাৰ্ড বনোৱা হয় আৰু ১.২০ লাখ আয়ুষ্মান সভা অনুষ্ঠিত কৰা হয়।
  • ২৫.২৫ লাখ স্বাস্থ্য মেলাত মুঠ ২০.৬৬ কোটি লোক (৩১ মাৰ্চ, ২০২৪ পৰ্যন্ত) আহে।
  • আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) – ২০২১ চনত আৰম্ভ হোৱা এই আঁচনিৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে এক ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা। এই আঁচনিৰ অধীনত ৬৪.৮৬ কোটি আয়ুষ্মান ভাৰত স্বাস্থ্য একাউণ্ট (ABHA) সৃষ্টি কৰা হয়, ৩.০৬ লাখ স্বাস্থ্য সুবিধাৰ পঞ্জীয়ন সৃষ্টি কৰা হয়, ৪.০৬ লাখ স্বাস্থ্যকৰ্মীৰ পঞ্জীয়ন কৰা হয় আৰু ৩৯.৭৭ কোটি স্বাস্থ্য অভিলেখ আভাৰ সৈতে জড়িত কৰা হয়।
  • ই-সঞ্জীৱনী- টেলিমেডিচিনৰ বাবে ২০১৯ চনত আৰম্ভ কৰা এই আঁচনিখন দুৰ্গম অঞ্চলত ভাৰ্চুৱেল ডাক্তৰৰ পৰামৰ্শৰ বাবে। এই আঁচনিৰ অধীনত ২০২৪ চনৰ ৯ জুলাইলৈকে ১.২৫ লাখ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ যাক বৰ্তমান আয়ুষ্মান আৰোগ্য মন্দিৰ নামেৰে জনা যায়, ১৫,৮৫৭টা কেন্দ্ৰৰ জৰিয়তে ২৬.৬২ কোটি ৰোগীক সেৱা প্ৰদান কৰা হয়। 

                                                                                                    

**********

 

NM/MV/LPS


(रिलीज़ आईडी: 2035217) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Hindi_MP , Marathi , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam