প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ এম এছ ভালিয়াথনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 19 JUL 2024 8:48PM by PIB Guwahati

স্বাস্থ্যসেৱা আৰু চিকিৎসা-গৱেষণা ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিত্ব ড০ এম এছ ভালিয়াথনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"স্বাস্থ্যসেৱা আৰু চিকিৎসা-গৱেষণা ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিত্ব ড০ এম এছ ভালিয়াথনৰ মৃত্যুত দুখিত। তেওঁৰ অৱদানসমূহে এক অমলিন ছাপ ৰাখি থৈ গৈছে আৰু অগণন লোকক উপকৃত কৰিছে। ব্যয়সাপেক্ষ আৰু উন্নত মানৰ উদ্ভাৱনৰ বাবে তেওঁক বিশেষভাৱে স্মৰণ কৰা হ'ব। তেওঁ ভাৰতৰ চিকিৎসা-শিক্ষাখণ্ডৰ উন্নতিৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গৰ লগতে অগণন গুণমুগ্ধৰ প্ৰতি মই মোৰ সমবেদনা জ্ঞাপন কৰিছো। ওম শান্তি।"

 

***

DS/TS/KB


(रिलीज़ आईडी: 2034845) आगंतुक पटल : 74
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam