যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

ডঃ মনসুখ মাণ্ডবিয়াৰ ভাৰতক ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিভা বিকাশত গুৰুত্ব আৰোপ

দ্বিতীয় পৰ্য্যায়ৰ কীৰ্তি কাৰ্য্যক্ৰমৰ শুভাৰম্ভ

“ভাৰত বৈচিত্ৰ্য আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ। ভাৰতত কেতিয়াও ব্ৰেইনপাৱাৰ, মেনপাৱাৰ বা প্ৰতিভাৰ অভাৱ হোৱা নাই” – ডঃ মাণ্ডবিয়া

“এই কাৰ্য্যক্ৰমৰ অধীনত ১০০ দিনৰ ভিতৰত এক লাখ উদীয়মান খেলুৱৈক চিনাক্ত কৰা হ’ব”

Posted On: 19 JUL 2024 3:08PM by PIB Guwahati

আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কেন্দ্রীয় যুৱ পৰিক্রমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডবিয়াই দ্বিতীয় পৰ্য্যায়ৰ কীৰ্তি (KIRTI- Khelo India Rising Talent Identification) কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মাননীয় সাংসদ শ্ৰী মনোজ তিৱাৰী আৰু শ্ৰীমতী কমলজিত ছেহৰাৱাট, বিশিষ্ট খেলুৱৈ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় তথা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (SAI) জ্যেষ্ঠ বিষয়াসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে ডঃ মাণ্ডবিয়াই কয়, “ভাৰত বৈচিত্ৰ্য আৰু সম্ভাৱনাৰে পৰিপূৰ্ণ। ভাৰতত কেতিয়াও ব্ৰেইনপাৱাৰ, মেনপাৱাৰ বা প্ৰতিভাৰ অভাৱ হোৱা নাই। কেৱল চহৰসমূহতেই নহয়, বৰঞ্চ উত্তৰ-পূব, উপকূলীয়, হিমালয়ৰ পাদদেশীয় আৰু জনজাতীয় লোকৰ বসতিপ্ৰধান অঞ্চলৰ দৰে আমাৰ প্ৰত্যন্ত অঞ্চলসমূহতো প্ৰতিভাৱান খেলুৱৈ থাকিব পাৰে। এই প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্তকৰণ আৰু তেওঁলোকৰ দক্ষতা বিকাশৰ লক্ষ্যৰে কীৰ্তি কাৰ্য্যক্ৰমৰ শুভাৰম্ভ কৰা হৈছে।”

“আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সততে আমাৰ জীৱনত ক্ৰীড়াৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰি আহিছে। ভাৰতক বিশ্বৰ ক্ৰীড়া মহাশক্তি হিচাপে গঢ়ি তোলাৰ দৃষ্টিৰে চৰকাৰে প্ৰতিভাৱান খেলুৱৈসকলক সকলো সহায়ৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ এই পন্থা অলিম্পিককে প্ৰমুখ্য কৰি ভিন্ন বিশ্ব চেম্পিয়নশ্বিপত শেহতীয়া বছৰকেইটাত আমাৰ পদকৰ সংখ্যা বৃদ্ধি কাৰ্য্যত প্ৰতিফলিত হৈছে। আমাৰ এনে উন্নত প্ৰদৰ্শনৰ ধাৰা অব্যাহত থকাটো প্ৰয়োজনীয়”, ডঃ মাণ্ডবিয়াই কয়।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰা কেইবা হাজাৰ কণ-কণ ছাত্ৰ-ছাত্ৰীক সম্বোধনেৰে ডঃ মাণ্ডবিয়াই কয়, “তোমালোকৰ মাজৰো কোনোবা নিশ্চিতভাৱে অলিম্পিক চেম্পিয়ন হ’ব পাৰা। মই তোমালোকৰ পিতৃ-মাতৃয়ে খেললৈ আগবঢ়াই দিয়া আৰু সমৰ্থন আগবঢ়োৱা কাৰ্য্যৰ শলাগ লৈছোঁ।” হয়তো এদিন যেতিয়া তোমালোকে অলিম্পিকৰ পদক লাভ কৰিব, তেতিয়া তোমালোকৰ বা তোমালোকৰ পিতৃ-মাতৃৰ জেএলএন ষ্টেডিয়ামত আজিৰ দিনটোৰ কথা মনত পৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে কয়।

ডঃ মাণ্ডবিয়াই আৰু কয় যে চৰকাৰে কীৰ্তি কাৰ্য্যক্ৰমৰ অধীনত ১০০ দিনৰ ভিতৰত ১ লাখ উদীয়মান যুৱ খেলুৱৈক চিনাক্তকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে কীৰ্তি কাৰ্য্যসূচীৰ অধীনত সকলোকে স্বকীয় ক্ৰীড়া দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰা হ’ব। গাঁও বা চহৰ বা দৰিদ্ৰতা নিৰ্বিশেষে সকলোৱে এই সুযোগ লাভ কৰিব।

আজিৰ এই অনুষ্ঠানৰ জৰিয়তে দেশজোৰা প্ৰতিভা সন্ধানৰ আৰম্ভণি হয়, যি পদক্ষেপে ২০৪৭ৰ ভিতৰত ভাৰতক অলিম্পিক গেমছৰ শীৰ্ষ ৫ খন দেশৰ অন্যতম হিচাপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব। আমোদজনক কথাটো হ'ল এই বৰ্ষৰ পেৰিছ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা ১১৭ গৰাকী খেলুৱৈৰ ভিতৰত খেল’ ইণ্ডিয়াৰ জৰিয়তে ২৮ গৰাকী খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰিব।

আইটি আহিলা আৰু বৈশ্বিক উত্তম পন্থাৰ ব্যৱহাৰেৰে কীৰ্তিৰ প্ৰতিভা চিনাক্তকৰণ আৰ্হিক বিজ্ঞানসন্মতভাৱে যুগুত কৰা হৈছে। এই কাৰ্য্যক্ৰমে ব্যৱধান দূৰ কৰিব আৰু উদীয়মান খেলুৱৈসকলক তেওঁলোকৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি কেৰিয়াৰৰ পথ বাছি ল’বলৈ দিশ প্ৰদান কৰিব।

বিকেন্দ্ৰীকৃত আৰু পকেট-ভিত্তিক প্ৰতিভা চিনাক্তকৰণ পদ্ধতিৰে প্ৰজেক্ট কীৰ্তিয়ে দুটা লক্ষ্য যথাঃ গণ অংশগ্ৰহণ আৰু ক্ৰীড়াত উৎকৃষ্টতা অৰ্জন বাস্তৱায়িত কৰিব বিচাৰে। প্ৰতিভা চিনাক্তকৰণ আৰু বিকাশক ত্বৰান্বিতকৰণ তথা এবছৰৰ ভিতৰত ২০ লাখ মূল্যায়ন সম্পন্ন কৰিবলৈ কাৰ্য্যকলাপ বৃদ্ধিৰ অংগীকাৰত গুৰুত্ব আৰোপেৰে ১০০ টা স্থানত ১০০ দিনৰ ভিতৰত ১ লাখৰো অধিক মূল্যায়ন সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

 

आज अपने सांसद साथियों के साथ खेलो इंडिया राइजिंग टैलेंट आइडेंटिफिकेशन (KIRTI) कार्यक्रम के फेस 2 के भव्य उद्घाटन समारोह में भाग लिया।

हमारे स्कूल के खिलाड़ियों का उत्साह और उनकी ऊर्जा भारतीय खेलों को निश्चित तौर पर उज्ज्वल भविष्य की ओर अग्रसर करेगी। pic.twitter.com/UjW57FhPH6

— Dr Mansukh Mandaviya (@mansukhmandviya) July 19, 2024

 

দিল্লীত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দিল্লী পৌৰ নিগমৰ (MCD) সহযোগত মুঠ ১২ টা মণ্ডলত ২৫০০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কীৰ্তি মূল্যায়ন কৰিব। এই মূল্যায়ন প্ৰক্ৰিয়া ২৭ দিনলৈ অব্যাহত থাকিব আৰু ইয়াত ৫ টা গুৰুত্বপূৰ্ণ শিতান যথাঃ এথলেটিকছ, ফুটবল, ভলীবল, কাবাডী আৰু খো-খোক সামৰি লোৱা হ’ব।

২০২২-২৩ত দিল্লী পৌৰ নিগমে পাইলট প্ৰজেক্টত ৬-১০ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমগ্ৰ দিল্লীতে ভিন্ন ক্ৰীড়া শিবিৰ অনুষ্ঠিত কৰিছিল।

তৃতীয় পৰ্য্যায়ৰ কীৰ্তি কাৰ্য্যক্ৰমত খেল’ ইণ্ডিয়া আঁচনিৰ ২০ টা শিতানৰ আটাইকেইটা শিতানকে অন্তৰ্ভুক্ত কৰা হ’ব।

চলিত বৰ্ষৰ ১২ মাৰ্চত চণ্ডীগড়ত প্ৰথম পৰ্য্যায়ৰ কীৰ্তি কাৰ্য্যক্ৰম অনুষ্ঠিত হৈছিল।

*****

Himanshu Pathak



(Release ID: 2034426) Visitor Counter : 8