যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে ড° মনসুখ মাণ্ডৱিয়াই
মাইভাৰট প্লেটফৰ্মক যুৱক-যুৱতীৰ অধিক অনুকূল কৰি তোলাৰ ওপৰত আলোচনা
ভাৰতৰ যুৱক-যুৱতীসকল আমাৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণকাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী
Posted On:
17 JUL 2024 2:12PM by PIB Guwahati
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া তথা শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ (এনএছএছ) বঁটা বিজয়ীসকলৰ সৈতে মত বিনিময় কৰে। এই অধিবেশনৰ উদ্দেশ্য আছিল এই যুৱক-যুৱতীসকলৰ সাফল্যক উদযাপন কৰা আৰু মাইভাৰত মঞ্চক উন্নত কৰাৰ কৌশল সম্পৰ্কে আলোচনা কৰা, যাতে ই ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অধিক সুলভ আৰু উপকাৰী হৈ উঠে।
ড° মাণ্ডৱিয়াই বঁটাপ্ৰাপকসকলৰ অসাধাৰণ অৱদানক স্বীকাৰ কৰি কথোপকথন আৰম্ভ কৰে, যিসকল সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু যিসকলে দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য (এছডিজি), জলবায়ু পৰিৱৰ্তন, নগৰীয়া নিয়োগ, যুৱ সৱলীকৰণ, মাদক দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰাৰ দৰে বিভিন্ন ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। তেওঁ ৰাষ্ট্ৰৰ শক্তিশালী ভৱিষ্যত গঢ়ি তোলাৰ বাবে যুৱ প্ৰতিভাক চিনাক্ত কৰা আৰু তেওঁলোকক পথ প্ৰদৰ্শন আৰু সহায় আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি ড° মাণ্ডৱিয়াই কয়, “ভাৰতৰ যুৱক-যুৱতীসকল আমাৰ ভৱিষ্যতৰ সিদ্ধান্ত গ্ৰহণকাৰী আৰু মই তেওঁলোকক সবলীকৰণ কৰাৰ দিশত আমাৰ সামূহিক যাত্ৰাক লৈ উচ্ছ্বসিত।”
আলোচনাৰ এটা গুৰুত্বপূৰ্ণ অংশ, মাইভাৰত মঞ্চত যুৱক-যুৱতীসকলৰ সৃষ্টিশীল সংযুক্তি সন্দৰ্ভত উদ্ভাৱনীমূলক আৰু সহযোগিতামূলক ধাৰণাসমূহৰ ওপৰত কেন্দ্ৰীভূত আছিল। ড° মাণ্ডৱিয়াই বঁটা বিজয়ীসকলৰ পৰা পৰামৰ্শ আহ্বান কৰে যে কেনেকৈ মঞ্চখনক আৰু অধিক পাৰস্পৰিক বাৰ্তা আধাৰিত, তথ্যভিত্তিক আৰু আকৰ্ষণীয় কৰি তুলিব পাৰি। বঁটাপ্ৰাপকসকলে অধিক ডিজিটেল সঁজুলি অন্তৰ্ভুক্ত কৰা, ইয়াক যুৱ-সম্পৰ্কীয় সকলো পদক্ষেপৰ বাবে ৱান-ষ্টপ সমাধান হিচাপে গঢ়ি তোলা আৰু উচ্চাকাংক্ষী যুৱক-যুৱতীসকলক পথ প্ৰদৰ্শন কৰিবলৈ মেণ্টৰশ্বিপ আৰু ইন্টাৰ্ণশ্বিপ কাৰ্যসূচী সৃষ্টি কৰাৰ দৰে ধাৰণা আগবঢ়ায়।
ড° মাণ্ডৱিয়াই যুৱক-যুৱতী আৰু মন্ত্ৰালয়ৰ মাজত অবিৰত আলোচনাক উৎসাহিত কৰে, যাতে ভাৰতীয় যুৱক-যুৱতীসকলৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাসমূহ পৰ্যাপ্তভাৱে পূৰণ কৰাটো সুনিশ্চিত হয়।
ড° মাণ্ডৱিয়াই বিভিন্ন আঁচনি আৰু কার্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণ কৰাৰ দিশত চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে৷ মাইভাৰত মঞ্চক যুৱ সংলাপ আৰু উন্নয়নৰ বাবে এক প্ৰধান মঞ্চ হিচাপে গঢ়ি তোলাৰ এক সামূহিক দৃষ্টিভংগীৰে কথা-বতৰাৰ সামৰণি পৰে। ড° মাণ্ডৱিয়াই ভৱিষ্যতৰ প্ৰতি নিজৰ আশা ব্যক্ত কৰে আৰু ভাৰতবৰ্ষক প্ৰগতি আৰু উদ্ভাৱনৰ দিশত লৈ যোৱাত যুৱক-যুৱতীসকলৰ পৰিৱৰ্তনশীল শক্তিৰ ওপৰত নিজৰ বিশ্বাস ব্যক্ত কৰে।
যুৱ পৰিক্ৰমা বিভাগৰ সচিব আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলেও এই বাৰ্তালাপত অংশগ্ৰহণ কৰে।
**********
Pragya Paliwal Gaur/Himanshu Pathak
(Release ID: 2033943)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Hindi_MP
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada