প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হাথৰছৰ দুৰ্ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ, পীড়িতসকলক এককালীন সাহায্য ঘোষণা

Posted On: 02 JUL 2024 8:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰপ্ৰদেশৰ হাথৰছত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰি প্ৰতিগৰাকী মৃত আৰু আহত লোকৰ নিকাত্মীয়লৈ এককালীন সাহায্য ঘোষণা কৰে।

শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পিএমঅ’)ৰ টুইটাৰ পোষ্টত কয়ঃ

“প্ৰধানমন্ত্ৰী শ্ৰী @narendramodi জীয়ে হাথৰছত সংঘটিত দুৰ্ঘটনাত মৃত্যু হোৱাসকলৰ নিকাত্মীয়লৈ ২লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।”

শ্ৰী মোদীয়ে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথৰ সৈতেও এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত কথা পাতি ভুক্তভোগীসকলক সময়মতে সহায় কৰাৰ আশ্বাস দিয়ে।

প্ৰধানমন্ত্ৰীৰ টুইটাৰ পোষ্টত কয়ঃ

“"উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জীৰ সৈতে কথা পাতিলোঁ। উত্তৰপ্ৰদেশ চৰকাৰে সকলো ভুক্তভোগীক সম্ভৱপৰ সকলো সাহায্য প্ৰদানৰ কামত নিয়োজিত হৈ আছে। এই দুৰ্ঘটনাত যিসকলে নিজৰ আত্মীয়ক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। মই আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। @myogiadityanath"

***

DS/RT/DB



(Release ID: 2033528) Visitor Counter : 8