প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিমষ্টেকৰ বৈদেশিক মন্ত্ৰীসকলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আলোচনা

প্ৰধানমন্ত্ৰীয়ে বিমষ্টেকৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা সুনিশ্চিত কৰে

প্ৰধানমন্ত্ৰীয়ে আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে

Posted On: 12 JUL 2024 1:57PM by PIB Guwahati

বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক যৌথভাৱে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ সৈতে সংযোগ, শক্তি, বাণিজ্য, স্বাস্থ্য, কৃষি, বিজ্ঞান, নিৰাপত্তা আৰু জনসাধাৰণৰ পৰস্পৰৰ সৈতে থকা আদান-প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ আলোচনা কৰে। তেওঁ অৰ্থনৈতিক আৰু সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ হোতা হিচাপে বিমষ্টেকৰ ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

তেওঁ এক শান্তিপূৰ্ণ, সমৃদ্ধ, স্থায়ী আৰু সুৰক্ষিত বিমষ্টেক অঞ্চলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাদোহৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিতথাপ্ৰাচ্য দৰ্শন নীতিৰউপৰি নিৰাপত্তাৰ বাবেথকা সাগৰ দৃষ্টিভংগীৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে।

******

DS/ST/DD/BB


(Release ID: 2032705) Visitor Counter : 47