প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাজাখস্তানৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে

শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি টোকায়েভক ধন্যবাদ জ্ঞাপন কৰে

দুয়োগৰাকী নেতাই কৌশলগত অংশীদাৰীত্ব আগবঢ়াই নিয়াৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে

কাজাখস্তানত অনুষ্ঠিতব্য এছচিঅ' শিখৰ সন্মিলনৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে

Posted On: 25 JUN 2024 6:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজাখস্তানৰ ৰাষ্ট্ৰপতি মাননীয় শ্ৰীযুত কাছিম-জোমাৰ্ট টোকায়েভৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ৰাষ্ট্ৰপতি টোকায়েভে প্ৰধানমন্ত্ৰীক বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলনৰ সফল পৰিচালনা আৰু ঐতিহাসিক একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক উষ্ম সম্বৰ্ধনা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰীত্ব আগবঢ়াই নিয়াৰ বাবে একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে আস্তানাত অনুষ্ঠিত হ'বলগীয়া এছচিঅ' শিখৰ সন্মিলনৰ সফলতাৰ বাবে ভাৰতে সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে আৰু কাজাখস্তানৰ নেতৃত্বই আঞ্চলিক সহযোগিতা আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে। 

দুয়োগৰাকী নেতাই যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে।

 

DS/KG



(Release ID: 2028979) Visitor Counter : 17