তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

একো একোটা প্ৰাণীৰ জনপ্ৰিয় অভিব্যক্তিয়ে ইয়াৰ পৰ্দাৰ স্থান নিৰ্ধাৰণ কৰে: মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মাষ্টাৰ ক্লাছত বিখ্যাত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাটোগ্ৰাফাৰ আলফন্স ৰয়

শ্বুটিঙৰ সময়ত জীৱ-জন্তু আৰু প্ৰকৃতিৰ শান্তিৰ বিষয়টোক অগ্ৰাধিকাৰ দিয়া উচিত: আলফন্স ৰয়

“অৰণ্যৰ সৈতে জড়িত বিষয়ৰ শিল্পৰ প্ৰতি আগ্ৰহী হ’বলৈ আৰু আৰু জনজাতীয় লোকসকলৰ জ্ঞানৰ পৰা প্ৰেৰণা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ কথা”

সম্প্ৰতি চলি থকা অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰখ্যাত বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাতা তথা চিনেমাটোগ্ৰাফাৰ শ্ৰী আলফন্স ৰয়ে কয় যে একো একোটা  প্ৰাণীৰ জনপ্ৰিয় অভিব্যক্তিক  ছবিত সুন্দৰভাবে প্ৰদৰ্শন কৰাৰ সম্ভাৱনা নিহিত হৈ থাকে। ।  মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত  "অন্বেষণৰ  বিশেষ ক্ষেত্ৰ  : ভাৰতীয় বন্যপ্ৰাণী সম্পৰ্কীয় তথ্যচিত্ৰ আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ প্ৰচেষ্টা" শীৰ্ষক  মাষ্টাৰ ক্লাছ পৰিচালনা কৰি  বিশিষ্ট বন্যপ্ৰাণী বিষয়ক  চলচ্চিত্ৰ নিৰ্মাতা তথা চিনেমাটোগ্ৰাফাৰগৰাকীয়ে এনেদৰে কয়। এই মাষ্টাৰ ক্লাছত বন্যপ্ৰাণী সংৰক্ষণৰ পদক্ষেপ আৰু ভাৰতীয় বন্যপ্ৰাণীকলৈ তথ্যচিত্ৰ নিৰ্মাণৰ জটিলতাসমূহৰ বিষয়ে গভীৰভাৱে আলোচনা কৰা হয়।

শ্ৰী আলফন্স ৰয়ে লগতে  কয় যে টেলিভিছনৰ  প্ৰযোজকসকলে চৰাই বা আন সৰু প্ৰজাতিৰ প্ৰাণীতকৈ বাঘ, সিংহ অথবা নীলা তিমি আদিৰ দৰে প্ৰাণীৰ প্ৰতিহে  অধিক আগ্ৰহ দেখুৱায়। তেওঁ লগতে কয় যে জন্তু এবিধৰ  অভিব্যক্তি আৰু জনমানসত তেনে প্ৰাণীৰ প্ৰভাৱৰ ওপৰত  নিৰ্ভৰ কৰি বন্যপ্ৰাণীৰ ছবিত কিছুমান নিৰ্দিষ্ট স্তৰ এতিয়াও বিদ্যমান হৈ আছে।

ৰয়ে এইক্ষেত্ৰত  উচ্চাকাংক্ষী বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাতাসকলক এইবুলি  পৰামৰ্শ দিয়ে যে এই ক্ষেত্ৰত আবেগ সৰ্বোচ্চতাক অধিক গুৰুত্ব দি অহা হৈছে। তেওঁ কয় যে বন্যপ্ৰাণীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা  শিকিব পৰাকৈ কোনো এক নিৰ্দিষ্ট স্থান নাই।ইয়াৰ বাবে বন্যপ্ৰাণীৰ প্ৰতি আন্তৰিক আকৰ্ষণৰ প্ৰয়োজন। তেওঁ লগতে কয়  যে বন্যপ্ৰাণীৰ বিষয়ে অধ্যয়ন কৰি ছবি নিৰ্মাণ কৰিব পৰাকৈ ভাৰতৰ জৈৱ-বৈচিত্ৰ্য অতি চহকী।

                                                                         

(ফটোত: অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মাষ্টাৰ ক্লাছ পৰিচালনা কৰি থকা অৱস্থাত  প্ৰখ্যাত বন্যপ্ৰাণী চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাটোগ্ৰাফাৰ শ্ৰী আলফন্স ৰয়)

 

তেওঁ নৈতিকতাৰবিষয়ত  ভিত্তি কৰি  চলচ্চিত্ৰ নিৰ্মাণৰ কথাতো  গুৰুত্ব আৰোপ  কৰে। তেওঁ কয়  যে বন্যপ্ৰাণী বিষয়ক ছবি এখনৰ  শ্বুটিঙৰ সময়ত ছবিৰ  বিষয়বস্তু  আৰু প্ৰকৃতিৰ শান্তি তথা সুৰক্ষাৰ বিষয়ত  সদায়  অগ্ৰাধিকাৰ ল’ব লাগে । তেওঁ এইবুলি ব্যাখ্যা কৰে যে আমি জীৱ-জন্তুবোৰে গম নোপোৱাকৈয়ে অবিক্ষিপ্ত ভিজুৱেল গ্ৰহণ কৰিব লাগিব। তেওঁ লগতে এই বিষয়টোকো সমালোচনা কৰে যে ২৪X৭ বন্যপ্ৰাণী চেনেলৰ যুগতো  বহু পৰিস্থিতিত বন্যপ্ৰাণীক অশান্তি নিদিয়াকৈ দৃশ্যগ্ৰহণ কৰাৰ বিষয়ত  যি   নৈতিকতাই আগস্থান পাব লাগিছিল সেয়া হোৱা নাই।  বন্যপ্ৰাণীক অশান্তি নিদিয়াকৈ দৃশ্যগ্ৰহণ কৰাৰ বিষয়টো এতিয়াও গৌণ হৈয়েই আছে বুলি তেওঁ কয়।

বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ বিৱৰ্তনৰ বিষয়ে উল্লেখ  কৰি ৰয়ে কয় যে  ডিজিটেল প্ৰযুক্তিৰ প্ৰভাৱক আমি এই ক্ষেত্ৰত  স্বীকাৰ কৰি ল’ব লাগিব।   ডিজিটেল প্ৰযুক্তিৰ বাবেই এতিয়া মোবাইল ফোনৰ  কেমেৰাতো বন্যপ্ৰাণীক ধৰি ৰখাটো সহজ হৈ পৰিছে। অৱশ্যে আজিৰ দিনত পেছাদাৰী বন্যপ্ৰাণী বিষয়ক চলচ্চিত্ৰ নিৰ্মাণৰ লগত জড়িতসকলে কৰিবলগীয়া  উচ্চ খৰচৰ বিষয়টোঁও তেওঁ আঙুলিয়াই দিয়ে।

ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ বৰ্তমানৰ অৱস্থাক লৈ ৰয়ে উদ্বেগ প্ৰকাশ কৰি কয়  যে মানুহৰ বৰ্ধিত  জনসংখ্যা আৰু ভূমিৰ সংকোচনে  সঘনাই মানুহ আৰু বন্য প্ৰাণীৰ সংঘাতৰ সূচনা কৰি আহিছে। তেওঁ মন্তব্য কৰে যে আমি আফ্ৰিকাৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ পদ্ধতিৰ পৰা কিছু কথা  শিকিব পাৰো।  আফ্ৰিকাৰ বন্যপ্ৰাণী ব্যৱস্থাপনাত পশুৰ জাকক প্ৰয়োজনত নিৰ্বাচিতভাৱে হত্যা কৰাৰ অনুমতি দিয়ে, যদিও ভাৰতত এনে পদ্ধতি ৰূপায়ণ কৰাটো এক প্ৰত্যাহ্বানজনক কাম হৈ আছে।

ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ সৈতে নিজকে  বিলীন কৰি দিবলৈ  উৎসাহিত কৰি ৰয়ে তেওঁলোকক বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি বা মাদ্ৰাজ নেচাৰেল ছায়েন্স ছ’চাইটিৰ দৰে প্ৰকৃতি ক্লাব আৰু তেনে সংস্থাত যোগদান কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে অৰণ্যৰ সৈতে জড়িত বিষয়ৰ শিল্পৰ প্ৰতি  আগ্ৰহী হ’বলৈ আৰু  আৰু জনজাতীয় লোকসকলৰ  জ্ঞানৰ পৰা প্ৰেৰণা গ্ৰহণ কৰাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে।

বন্যপ্ৰাণী বিষয়ক  চলচ্চিত্ৰ নিৰ্মাণত কাল্পনিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত ৰয়ে কয়  যে তেওঁ অধিক হাৰত  বন্যপ্ৰাণীক মূলসুঁতিৰ চিনেমালৈ অনাৰ বাবে এখন চিত্ৰনাট্যৰ কাম কৰি আছে। তেওঁ কয় যে অ’টিটি প্লেটফৰ্মৰ সহায়ত ডাঙৰ তথা বিখ্যাত  তাৰকাৰ ওপৰত ভৰসা নকৰাকৈয়ো বন্যপ্ৰাণীসমূহক ছবিত  উজলাই তোলাৰ  অপৰিসীম সুযোগ আছে।

ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ  কৰি ৰয়ে প্ৰথমবাৰৰ বাবে বাঘৰ চিত্ৰগ্ৰহণৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা কয়। "আমি গছৰ ওপৰত  উঠি গছৰ ডালত বহিবলৈ চেষ্টা কৰিছিলো, তাৰ পিছত জাইৰ' ষ্টেবিলাইজাৰ ব্যৱহাৰ কৰিছিলো, কিন্তু সেইবোৰৰ শব্দই বাঘবোৰক বিচলিত কৰিছিল। অৱশেষত আমি বাঁহেৰে ১৪ ফুট উচ্চতাৰ এটা অস্থায়ী ট্ৰাইপড নিৰ্মাণ কৰিছিলো।"

কম পৰিচিত প্ৰজাতিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাত ছ’চিয়েল মিডিয়াৰ শক্তিৰ বিষয়ে  আলোকপাত কৰি তেওঁ তেওঁৰ বক্তব্যৰ সামৰণি মাৰে। তেওঁ পৰামৰ্শ দিয়ে যে যদি আপোনাৰ কোনো বন্যপ্ৰাণীৰ প্ৰজাতিৰ বিষয়ে আমোদজনক কাহিনী জনা আছে তেন্তে মোবাইল ফোনৰ সহায়ত সেই বিষয়ে আনকো জনাব পাৰে। এনে কৰিলে বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ জ্ঞান বৃদ্ধিৰ লগতে সজাগতাও বৃদ্ধি পাব।

শ্ৰী আলফন্স ৰয় হৈছে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ তামিলনাডুৰ  এগৰাকী  প্ৰাক্তন ছাত্ৰ।,  ফটোগ্ৰাফী বিষয়ৰ  সঞ্চালক হিচাপে কাম কৰা ৰয়ৰ   উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত আছে ‘গৌৰ হৰি দস্তান’, ‘লাইফ ইজ গুড’ আৰু ‘উৰুমি’ৰ দৰে সৰ্বজন প্ৰশংসিত সৃষ্টি। ৰয়ৰ চিনেমা সম্পৰ্কীয়  দৃষ্টিভংগীয়ে তেওঁক আনৰ ওচৰত  প্ৰশংসাৰ পাত্ৰ কৰি তুলিছে আৰু ইয়াৰ স্বীকৃতি স্বৰূপে তেওঁ  'টিবেট দ্য ইণ্ড অৱ টাইম' (১৯৯৫)ৰ বাবে প্ৰাইম টাইম এমি বঁটা তথা  'টাইগাৰ কিল' (২০০৮)ৰ বাবে হুগো টেলিভিছন বঁটাৰ লগতে ' আমিৰ’ (২০০৯)ৰ বাবে  শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীত  ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।


(रिलीज़ आईडी: 2026596) आगंतुक पटल : 97
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Hindi_MP , Tamil , Kannada , Malayalam