গৃহ মন্ত্ৰালয়

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে লাহৌল আৰু স্পিতিত উদ্ধাৰ অভিযান চলোৱাৰ বাবে ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ মাউণ্টেইন ৰেস্কিউ টিমক প্ৰশংসা কৰে

আমাৰ সাহসী হিমবীৰসকলক লৈ গৌৰৱান্বিত - গৃহমন্ত্ৰী

আইটিবিপি টিমৰ সদস্যসকলে ১৪,৮০০ ফুট বগাই নিজৰ জীৱন সংকটত পেলাই এজন আমেৰিকান নাগৰিকৰ পাৰ্থিৱ শৰীৰ ওভতাই আনে যাৰ পেৰাগ্লাইডিং কৰোঁতে এক দুৰ্ঘটনাত মৃত্যু হৈছিল

মানৱতাৰ প্ৰতি আইটিবিপিৰ সমৰ্পণ প্ৰশংসনীয় – শ্ৰী অমিত শ্বাহ

Posted On: 18 JUN 2024 1:32PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে লাহৌল আৰু স্পিতিত উদ্ধাৰ অভিযান চলোৱাৰ বাবে ভাৰত তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি)ৰ মাউণ্টেইন ৰেস্কিউ টিমক প্ৰশংসা কৰিছে।

এক্স প্লেটফৰ্মত এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সাহসী হিমবীৰসকলক লৈ আমি গৌৰৱান্বিত। তেওঁ কয় যে আইটিবিপিৰ মাউণ্টেইন ৰেস্কিউ টিমে শেহতীয়াকৈ লাহৌল আৰু স্পিতিৰ দুৰ্গম শৃংগত প্ৰত্যাহ্বানমূলক অনুসন্ধান অভিযান চলায় আৰু এজন আমেৰিকান নাগৰিকৰ পাৰ্থিৱ শৰীৰ ওভতাই আনে যাৰ পেৰাগ্লাইডিং কৰোঁতে এক দুৰ্ঘটনাত মৃত্যু হৈছিল। শ্ৰী শ্বাহে কয় যে স্থানীয় প্ৰশাসনৰ অনুৰোধত আইটিবিপি টিমৰ সদস্যসকলে ১৪,৮০০ ফুট বগাই নিজৰ প্ৰাণ সংকটত পেলাই মানৱীয় দৃষ্টিভংগীৰে পাৰ্থিৱ শৰীৰ ওভতাই আনে। শ্ৰী শ্বাহে কয় যে মানৱতাৰ প্ৰতি আইটিবিপিৰ সমৰ্পণ প্ৰশংসনীয়।

**********

 

RK / VV / RR / PS



(Release ID: 2026551) Visitor Counter : 14